সরাসরি প্রধান সামগ্রীতে চলে যান

বীৰাংগনা সাধনী/১

এখন অসমীয়া চিনেমা। প্ৰস্তুতি চলিছে। প্ৰচাৰ চলাইছে। জ্যোতি চিত্ৰবনত নুৰুদ্দিন আহমেদৰ নেতৃত্বত চে'ট নিৰ্মাণৰ কাম আৰম্ভ হৈছে। চিনেমা খনৰ বাজেট ১০ কোটি টকা। চিত্ৰনাট্যৰ বুনিয়াদ-- চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী সাধনী বা সাধনী নাৰায়ণ। বিষয়বস্তুৰ গৱেষণাৰ লগতে চিত্ৰনাট্য ৰচনাত, চৰিত্ৰ নিৰ্মাণৰ বাবে অভিনেতা-অভিনেত্ৰী নিৰ্বাচনতো পৰিশ্ৰম কৰিছে চিনেমা খনৰ লেখক-পৰিচালক বিশ্বজিৎ বৰাই। আমাৰ বাবে ভাল লগা এটা দিশ হ'ল-- মোৰ ভাল লগা তিনি গৰাকী অভিনেতাক নিৰ্বাচন কৰিছে চিনেমা খনৰ তিনিটা বিশেষ চৰিত্ৰৰ বাবে।

📌ভৱেশ বৰুৱা: আমাৰ শৈশৱৰে হিৰো ভৱেশ বৰুৱা। শৈশৱতে লগ পাইছিলোঁ ভৱেশ বৰুৱাক। নাটক বুজা-নুবুজা বয়সত। আমাৰ গাওঁ বেলশৰলৈ আৱাহন থিয়েটাৰ আহিছিল। ১৯৮০ চন। আৱাহন থিয়েটাৰৰ প্ৰথম নাট্যবৰ্ষ। কৃষ্ণ ৰয়ৰ আৱাহন থিয়েটাৰ। (১৯৭৬ চনত ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ে আৰম্ভ কৰিছিল কহিনুৰ থিয়েটাৰ। কৃষ্ণ ৰয়ে কহিনুৰৰ পৰা আঁতৰি আহে আৰু ১৯৮০ আৱাহন আৰম্ভ কৰে।) সম্পৰ্কীয় এগৰাকীৰ সৈতে গৈ গেলাৰীৰ পৰা "নিগ্ৰো লগুৱা" (নাটক: স্নেহবন্ধন) ভৱেশ বৰুৱাক চাইছিলোঁ। মনত লৈ আহিছিলোঁ। নাটক চোৱাৰ পাছদিনা ওচৰৰ পৰা চাইছিলোঁ, আমাক ওচৰলৈ মাতি নি কথা পাতিছিল ভৱেশ বৰুৱাই। --সেই তেতিয়াৰে পৰা প্ৰতি বছৰে (শাৰদীয় পূজাৰ সময়ত) ভৱেশ বৰুৱাৰ নাটক চোৱা, পাছৰ দিনা লগ কৰা আমাৰ অলিখিত নিয়ম আছিল। ভৱেশ বৰুৱাই অভিনয় কৰা কিমান যে নাট্যাভিনয় চাইছোঁ, নাটক বুজা-নুবুজা বয়সৰ পৰা নাটক বুজা বয়সলৈ? এখন দীৰ্ঘ তালিকা। 

ভৱেশ বৰুৱা চিনেমাৰো অভিনেতা। চিনেমাৰ "নায়ক"ৰ চৰিত্ৰৰ (চিনেমা: মন প্ৰজাপতি/ ১৯৭৯) বাবে বিছাৰি উলিয়াইছিল ড° ভূপেন হাজৰিকাই। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত "চিনেমাৰ গ্লেমাৰ" ব্যৱহাৰ হোৱা নাছিল। (মঞ্চত অভিনয় ক্ষমতাৰে নিৰ্মাণ হৈছিল "ভৱেশ বৰুৱা গ্লেমাৰ", তাৰকা ভৱেশ বৰুৱা।) বৰঞ্চ এনেদৰে ক'ব পাৰি পৰৱৰ্তী সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ "তাৰকা ভৱেশ বৰুৱা ইমেজ"হে চিনেমাত ব্যৱহাৰ হৈছিল। শেহতীয়া ভাৱে "বীৰাংগনা সাধনী"ৰ বাবেও নিৰ্বাচন কৰিছে অভিনেতা গৰাকী এই ইমেজৰ বাবই। এই অসমীয়া চিনেমা খনত ভৱেশ বৰুৱাক লৈ নিৰ্মাণ কৰিব চুতীয়া সাম্ৰাজ্যৰ নৃপতি ধীৰ নাৰায়ণ চৰিত্ৰটো। ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণ সাধনীৰ পিতৃ। 


📌তপন দাস: মোৰ প্ৰিয় অভিনেতা তপন দাস। তপন দাসক আজিৰ তাৰিখতো মনত ৰাখিছোঁ "ৰমু ইমেজ"ত (নাটক: অৰুণ শৰ্মাৰ "কুকুৰনেচীয়া মানুহ")। অভিনয় ক্ষমতাৰে চৰিত্ৰটোক যে স্থায়ী আকাৰ দিছিল সন্দেহ নাই। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত কেইবাটও নাট্যবৰ্ষত অভিনয় কৰা, "সেন্দুৰ" (১৯৮৪), "শকুন্তলা আৰু শংকৰ জোছেফ আলী", "প্রভাতী পখীৰ গান", "সূত্রপাত", "ইতিহাস", "আবর্তন", "দীনবন্ধু" আদিৰে চিনেযাত্ৰা কৰা তপন দাসৰ বিশেষত্ব-- ভিন্ন ইমেজৰ "চৰিত্ৰ"ৰে দৰ্শকক চুই আহিছে। এই গৰাকী অভিনেতাক লৈ পৰিচালক বিশ্বজিৎ বৰাই নিৰ্মাণ কৰিব "বীৰাংগনা সাধনী"ৰ মহামন্ত্ৰী কাঁচিতৰা চৰিত্ৰটো। চুতীয়া ৰজাৰ শিৰৰ মুকুটৰ গৰিমা অটুট ৰখা, মহান দেশপ্ৰেমিক, নিপুন ৰাজনীতিক মহামন্ত্ৰী কাঁচিতৰা।

📌মৃদুল চুতীয়া: অভিনয় শৈলী, পৰিচালনা শৈলী, নাটক ৰচনাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত গতিনুগতিকতাৰ বিপৰীতে বিশেষ স্থান দখল কৰা মৃদুল চুতীয়াৰ চিনেযাত্ৰা দীঘল নহয়। "সূৰ্যাস্ত"কে ধৰি কেইখন মান চিনেমাতহে অভিনয় কৰিছে। এই গৰাকী অভিনেতাক লৈ "বীৰাংগনা সাধনী"ৰ মহাৰাজ ধীৰনাৰায়ণৰ ভ্ৰাতৃ যুৱৰাজ সুৰধ্বজ পাল চৰিত্ৰটো। চিনেমা খনৰ মূল নেতিবাচক চৰিত্ৰটো। --আমাৰ ধাৰণাত চিনেমাত প্ৰথম বাৰৰ বাবে মৃদুল চুতীয়াৰ অভিনয় ক্ষমতা অনুভৱ কৰিব দৰ্শকে।

আমাক মৃদুল চুতীয়াৰ নাট্যকৰ্মৰ ওচৰ চপাই নিছিল কবি-কলাকাৰ ৰমেন্দ্ৰ নাৰায়ণ জোৱাদ্দাৰে। ৰমেনদাই টিকট ক্ৰয় কৰি হেঙুল থিয়েটাৰৰ "অস্তপথ" দেখুৱাইছিল। ( মূল চৰিত্ৰত অভিনয় কৰা মৃদুল চুতীয়াই নাটক খন ৰচনা-পৰিচালনা কৰিছিল।) গৌৰৱেৰে কৈছিল-- "আমাৰ 'জংগম'ৰ (তেজপুৰৰ) নাট্যকৰ্মী! হয় নে নহয় কোৱা-- চমৎকাৰ!" আমি "হয়" বুলিছিলোঁ, আৰু তেতিয়াৰৈ পৰা "মৃদুল চৰ্চা" কৰি আহিছোঁ। (ক্ৰমশঃ)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...