কিমান বিষয় আছে অসমত! ঘটনা, সমস্যা। সেইবোৰ অসমীয়া চিনেমাৰ বিষয় হব নোৱাৰে কিয়!
দীৰ্ঘদিন চৰ্চা হৈ থকা 'বিষয়'। এই 'বিষয়ে' চুই গৈছে অসমৰ তৰুণ পৰিচালক, চিনেকৰ্মী এচামক। 'ৰঙাটাপু-১৯৮২' শেহতীয়া উদাহৰণ।
চিনেমা খনৰ কাহিনী ব্রহ্মপুত্রৰ মাজৰ এটা সৰু চাপৰিৰ। সঁচা। "সঁচা কাহিনী"ৰ আধাৰতে ৰচনা হৈছে চিত্ৰনাট্য। ৰূপালী গল্পলৈ ৰূপান্তৰ কৰিছে "সঁচা-সঁচা" লগাকৈ [সামাজিক মাধ্যমত দেখা চিনেমা খনৰ কেইটামান টুকুৰা দেখাৰ পাছত আমাৰ ধাৰণা চৰিত্ৰ নিৰ্মাণ কৰিছে realistic acting -ৰে। কেমেৰাত বন্দি কৰিছে "realistic moving picture" (বাস্তৱিক চলন্ত
ছবি)।]। আমাৰ ধাৰণাত ৰূপালী গল্পটোত দেখা যাব ১৯৮২ চনত অবৈধ প্রব্রজনকাৰীৰ সৈতে হোৱা খিলঞ্জীয়াৰ সংঘাত। মাটিৰ অধিকাৰক লৈ হোৱা সংঘর্ষ। অবৈধ প্রব্রজনকাৰীয়ে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ লগতে নানা হিংসাত্মক কার্যত লিপ্ত হৈ অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে সমস্যা হৈছিল। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুৰ মাটি ৰাঙলি হৈছিল ভূপেন ডেকা, বলীন নাথ, প্ৰসন্ন বৰুৱা, বীৰেণ মিশ্ৰ, শ্যাম কুণ্ডু, জয়ৰাম বৰুৱা, পলাশ ৰাজবংশী, বল্লভ নাথৰ (খিলঞ্জীয়াৰ তেজেৰে)
তেজেৰে। সম্ভৱতঃ ৮০ দশকত বহিৰাগত লোকসকলৰ সৈতে হোৱা থলুৱাৰ সংগ্ৰাম এই কথা ৰূপালী গল্পটোৰ মাজলৈ আহিব। জানিব পাৰিছোঁ চিনেমা খনৰ কাহিনীয়ে গতি ল'ব ৰূপালী, মালা, মৰম আৰু ৰাফিজা নামৰ চাৰিটা নাৰী চৰিত্ৰৰ সহ্য, ধৈর্য, সাহস আৰু ত্যাগৰে। আমি শুনা, ধাৰণা কৰি লোৱা কথাবোৰ কিমান সত্য স্পষ্ট হ'ব ২৪ নৱেম্বৰৰ পাছত। --হয়, ২৪ নৱেম্বৰত ছবিঘৰলৈ আহিব এই অসমীয়া চিনেমা খন। চিনেমা খনৰ পৰিচালক আদিত্যম শহকীয়া। বি আৰ চি চিনে প্রডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্রযোজনা কৰা এই চিনেমা খনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, হেমন্ত দেৱনাথ, আইমী বৰুৱা আদিয়ে। চিত্রগ্রহণ: কৃষ শ্বাহৰ। শব্দ সম্পাদনা আৰু সংমিশ্রণ: অমৃত প্রীতমৰ। আৱহ সংগীত কৰিছে অমৃত প্রীতম আৰু সুকুমাৰৰ৷
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন