||লেখক: বিপুল কাশ্যপ।।
বিপুল কাশ্যপৰ অস্থিৰতা বাঢ়িল! শাৰদ-শাৰদ বতৰে ছুব পৰা নাই। ভৱা নাছিল-- এদিন এনেদৰে আৰ্থিক সমস্যাই হেচা মাৰি ধৰিব!
--অৰ্থৰ বিনিময়ত কিমানৰ বাবে যে সাহিত্য কৰ্ম কৰিছে বিপুলে!
আৰু সেই "ঠিকনা"ৰ গৰাকীৰ বাবে!
নিতমে "ঠিকনা" দিয়াৰে পৰা...
¥
প্ৰথম খন উপন্যাস "ঠিকনা"ৰ গৰাকীৰ হাতত নিৰ্দিষ্ট দিনত তুলি দিছিল বিপুলে। বুকুত বিষ অনুভৱ কৰিছিল! মনত কিন্তু আক্ষেপ নাছিল। এনেয়েতো দিয়া নাছিল; শ্ৰমৰ দাম দিছিল, লৈছিল।
¥
আজি কিন্তু বিপুলে অনুভৱ কৰিছে, শ্ৰমৰ দাম দিয়া নাছিল, সামান্য মাননিহে দিছিল।
নন্দনে ৰক্তিমা চৌধুৰীৰ মাত্ৰ এখন উপন্যাসৰ বাবে পৰিশ্ৰম কৰিছিল। ৫০০ পৃষ্ঠাৰ পৰিশ্ৰম। নন্দনে বিপুলক নিজে কোৱা কথা-- "মোক ৫০ লাখ টকা পাৰিশ্ৰমিক দিছিল। আজিলৈকে মাজে মাজে দি আছে। বাইদেউৰ এটায়ে অনুৰোধ-- মই যেন আৰু আন কৰোবাৰ বাবে গল্প বা উপন্যাস নিলিখো। মই বাইদেউৰ অনুৰোধক সন্মান জনাই আহিছোঁ। কিয় জানা, বাইদেউৰ বাবেই মই কোনো দিনেই আৰ্থিক সমস্যাত পৰা নাই। বাইদেৱে মোক সন্মান দি আহিছে, কোনো দিনে পুতৌ কৰা নাই। বাইদেউৰ কৃতজ্ঞতা বোধে মোক সদায় আকৰ্ষণ কৰি আহিছে!"
¥
আৰু বিপুলে!
আজিলৈকে সাত খন মান উপন্যাসৰ পাৰিশ্ৰমিক কিমান পালে! গল্পৰ বাবেও কম পৰিশ্ৰম কৰা নাই! তথাপি আৰ্থিক আকালৰ মাজত বিপুল।
"নৈ বৈ যায়"ৰ পাছত তিনিখন উপন্যাস লিখি দিছিল বিপুলে। পাৰিশ্ৰমিকৰ নামত পাইছিল মাত্ৰ ৬০ হেজাৰ টকা। তাৰ পাছত সৰু-বৰ..., নাই, মনত নাই বিপুলৰ।
¥
আজিহে বিপুলে অনুভৱ কৰিছে সেই "ঠিকনা"ৰ মানুহ জনৰ বাবে কমেও ২০০ লাখ টকাৰ পৰিশ্ৰম কৰিছিল। নিজৰ অজ্ঞতাৰ বাবেই আজি এই আৰ্থিক দীনতা।
--নহয়, নহয়! কেৱল অজ্ঞতাৰ বাবে নহয়। বিপুলক প্ৰলোভনৰ জালত বন্দি কৰিছিল "ঠিকনা"ৰ মানুহজনে। মানুহজনে বিপুলক কৈছিল, "দুখন মান ৰোমাণ্টিক উপন্যাস লিখি দিব লাগিব। এখনৰ কাহিনী মই কৈ যাম, আপুনি আপোনাৰ মতে লিখি যাব! ইয়াত নহয়, অসমৰ বাহিৰৰ কৰোবালৈ আমি ফুৰিবলৈ যাম, আৰু মই কাহিনীটো আপোনাক কৈ যাম। সেই খনত আপোনাক বেছিকৈ টকা দিম, কিবা এটা কৰিব পৰাকৈ।" সেই প্ৰলোভতে পৰিছিল বিপুল।
¥
আৰু আজি বিপুল কাশ্যপে ভালদৰে বুজিছে প্ৰলোভনৰ অন্য নাম শোষণ।
¥
য'ত শোষণ থাকে, তাত সততা অৰ্থহীন নহয় জানো!
¥
সততা এৰিব বিপুলে।
নন্দনক ইমান দিনে নকোৱা বহু কথা ক'ব। ক'ব, "ঠিকনা"ৰ গৰাকীৰ নামটো। নূপুৰ চুলতান। এটা বাক্যয়ো ভালদৰে লিখিব নজনা নূপুৰ চুলতান কেনেকৈ বিখ্যাত সাহিত্যিক হ'ল সকলো কথা ক'লে ক'ব। লিখিব। চিঞৰি চিঞৰি ক'ব বিপুলে।
সুধিব-- সকলো ৰক্তিমা চৌধুৰি কিয় নহয়!
¥
সততাক বহুতে দুৰ্বলতা বুলি ভাৱে! সততা এৰিব বিপুলে, কেৱল আৰ্থিক সমস্যাৰ পৰা মুকলি হোৱাৰ বাবে। (ক্ৰমশঃ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন