চন্দ্ৰনাথ বৰুৱা-জোনপ্ৰভা বৰুৱানীৰ চতুৰ্থ সন্তান ব্ৰজেন বৰুৱাই [ ক্ৰমে বৰুৱা ভাতৃ-ভগ্নী পদ্মাৱতী বৰুৱা (ছোৱালী), দ্বৈত্যেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, ৰম্ভা বৰুৱা ( ছোৱালী), নৃপেন(নীপ) বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, প্ৰতিভা বৰুৱা (ছোৱালী), ৰমেন বৰুৱা, বিভা বৰুৱা (ছোৱালী), নীৰেন বৰুৱা, দ্বিপেন বৰুৱা] সংগীতৰ লগতে চিনেমা পৰিচালনা কৰাৰ চিন্তা কৰিছিল, ১৯৬০ চনৰ শেষৰ ফালে। লেখক-সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই দৈনিক কাকত "আজি"ৰ (সম্পাদক: অজিত কুমাৰ ভূঞা) বাবে মই যুগুত কৰা প্ৰতিবেদন এখনত কৈছিল--
"ব্ৰজেন বৰুৱাই সংগীত, অভিনয়ৰ পাছত চিনেমা পৰিচালনাত যে মন দিব--, এই খবৰ কাকতত প্ৰথম প্ৰকাশ পাইছিল ১৯৬০ চনৰ শেষৰ ফালে। সম্ভৱতঃ চিত্ৰনাট্যৰ কাম সেই সময়তে আৰম্ভ কৰিছিল। মুক্তি পাইছিল ১৯৬৩ চনৰ ২২ নৱেম্বৰত। মোৰ মনত আছে, চিনেমা খন মুক্তি পোৱাৰ এসপ্তাহ মান আগতে ব্ৰজেন বৰুৱাই সাংবাদিকক কৈছিল, 'বোলছবি ভাল হ'লেই নহব, ব্যৱসায়তো সফল হ'ব লাগিব। ব্যৱসায়ৰ কথা মনত ৰাখিয়ে আমি একে ধৰণৰ বোলছবি নিৰ্মাণ কৰাৰ পৰা আঁতৰত থাকিব লাগিব। মোৰ এই বোলছবি খন বেলেগ ধৰণৰ।' চিনেমা খন হাস্যৰসাত্মক। তেতিয়ালৈকে অসমীয়া কমেডী চিনেমা নিৰ্মাণ হোৱা নাছিল। 'ইটো সিটো বহুতো' নামৰ ব্ৰজেন বৰুৱাৰ প্ৰথম পৰিচালনা খনেই প্ৰথম অসমীয়া কমেডী চিনেমা।" ("আজি"/২২ নৱেম্বৰ ২০০৩)"ইটো সিটো বহুতো"ৰ চিত্ৰনাট্য ব্ৰজেন বৰুৱাই এটা বিদেশী গল্পৰ আধাৰত ৰচনা কৰিছিল। (আমাৰ সৈতে হোৱা আলাপৰ সময়ত ৰমেন বৰুৱাই বিদেশী গল্পটো, লেখক গৰাকীৰ নাম মনলৈ আনিব পৰা নাছিল। পাছতো দুবাৰ মান সুধিছিলোঁ। ৰমেন বৰুৱাই কৈছিল--"বহু কথা পাহৰি গৈছোঁ।") চিনেমা খন প্ৰযোজনা কৰিছিল জে পি চিনে আৰ্টৰ বেনাৰত পৰিচালক বৰুৱাৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। অৰ্থাৎ ঘৰুৱা প্ৰডাকছনৰ প্ৰযোজনা।
চিনেমা খনত ফনী শৰ্মাই অভিনয় কৰিছিল অৱসৰপ্ৰাপ্ত মেজৰ এগৰাকীৰ চৰিত্ৰত। নাম--মোহন চলিহা। এই চৰিতটোৱে ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। চলিহাৰ পুত্ৰ বিমান (অভিনয় কৰিছিল ব্ৰজেন বৰুৱাই)। গুৱাহাটীত পঢ়ে। আন এটা বিন্দু-- মিচেচ গুপ্তা। বিধৱা। মহিলা গৰাকীৰ ঘৰত তিনি বন্ধুৰ সৈতে বিমানে মেছ কৰি থাকে। চাৰি ভাৰাতীয়াক শাসন কৰোতে মিছেচ গুপ্তা অতিষ্ঠ হৈ পৰে।
মোহন চলিহাৰ এটা বেমাৰ আছে। বেমাৰ উঠিলেই সকলো কথা পাহৰি যায়। এই যে পাহৰি যায়, সেই সুযোগ লৈ বিমানে মাহেকত দুবাৰকৈ টকা আনে। লগৰীয়াহঁতৰ লগত খাই-বৈ ফুৰ্টি কৰি টকা উৰাই। কিন্তু কিমান দিন! বিমানৰ কু-কৰ্ম এদিন চলিহাই ধৰিব পাৰে। আৰু ধৰা পৰাৰ পাছতে মেজৰ চলিহা আহি মিছেচ গুপ্তাৰ ঘৰত উপস্থিত হয়। মিচেচ গুপ্তাৰ ঘৰ তল-ওপৰ হয়। কাহিনীৰ মাজলৈ আহে এগৰাকী গাভৰু। মিছেচ গুপ্তাৰ ঘৰ খন আৰু তপত হয়। মেজৰ চলিহা, মেচত থকা চাৰি "চৰিত্ৰ" মিছেচ গুপ্তা আৰু গাভৰু গৈ থানা পায়। আনহাতে মিছেচ গুপ্তাৰ ঘৰত থাকে বন কৰা ছোৱালী কাচনমতী, মেজৰ চাহাবৰ ভৃত্য পাইলট আৰু এটা হাতুৰী। হাতুৰীটোকো চৰিত্ৰলৈ ৰূপান্তৰ কৰে পৰিচালকে। কাহিনী আগবঢ়াই হাস্য ৰসৰ মাজেৰে।
সংলাপ, অভিনয়ৰ লগতে গীতেৰে আগবঢ়াই ৰূপালী গল্পটো। ব্যৱহাৰ কৰে চাৰিটা গীত। সংগীতো ব্ৰজেন বৰুৱাৰ। গীত চাৰিতা-- "বক্ উৰি পখিলাটি বগা-কলা পাখিমেলি, তাৰ কথা ভাবিগুণি কিনোবা...", "মন মোৰ চম্পাকলি উন্মুখ অন্তৰ খুলি সানিলে তন্দ্ৰাৰ মায়া...", "কোন তুমি আনমনা আহি মনেমনে, সোণ বুলি মাতিলাহি মোৰ কাণেকাণে...", "নেমাত চেনাই বুলি নেচাৱ চকু মেলি, কলিজা মনে মোৰ জ্বলি জ্বলি এ..."। চিনেমা খনত ফণী শৰ্মা, ব্ৰজেন বৰুৱাৰ লগতে অভিনয় কৰিছিল-- শৰৎ দাস, মোৱাজ্জিন আলি, গিৰিণ বৰুৱা, প্ৰবীন বৰা, সুতপা মজুমদাৰ, সাধনা ৰায়চৌধুৰী, কৰুণা গোস্বামী, অমৰেন্দ্ৰ ঠাকুৰ, সমৰেন শইকীয়া, ৰেণু শইকীয়া, বীণা দাস আদিয়ে।
চিত্ৰগ্ৰহণকৰিছিল শঙ্কৰ বেনাৰ্জীয়ে। চিনেমা খন "লাভ হৈছে বুলি কব পৰাকৈ সফল হোৱা নাছিল"। প্ৰথম পৰিচালনাৰ অভিজ্ঞতাই ব্ৰজেন বৰুৱাক শিকাইছিল-- বাজেট কমোৱাৰ বাবে আসমীয়া চিনেমাৰ চিত্ৰগ্ৰহণ ইত্যাদিৰ কাম অসমীয়া চিনেকৰ্মীৰ দ্বাৰা অসমতে কৰিব লাগে। ষ্টুডিঅ'ত ছে'টৰ নামত অৰ্থ ব্যয় কৰাৰ প্ৰয়োজন নাই, অসমৰ বাস্তৱ স্থান (realistic location)-ত কাহিনীয়ে বিছৰা ধৰণে দৃশ্য গ্ৰহণ কৰিব লাগে। পৰিচালক গৰাকীয়ে এই অভিজ্ঞতা কামত লগাইছিল দ্বিতীয় খন পৰিচালনাত, "ডক্তৰ বেজবৰুৱা"ত। (ক্ৰমশঃ)
[উৎস:ৰমেন বৰুৱা, অসম বাণী, দি কু হা, মানস কুমাৰ মহন্ত]
তথ্য বহুল সুন্দৰ বিশ্লেষণ ; অসমীয়া চিনেমাৰ দৰ্শকে বিশেষকৈ আজিৰ প্ৰজন্মই ইমানখিনি জনা নাছিল। সুন্দৰ বাবে ধন্যবাদ জনালো...
উত্তরমুছুন