#তথ্য /৮
"চিকমিক বিজুলী"-- চিত্ৰগৃহলৈ আহিছিল ২৪ অক্টোবৰ ১৯৬৯ ত। চিনেমা খন ৰাজশ্ৰী প্ৰডাকচনৰ তাৰাচান্দ বৰজাত্য আৰু কামৰূপ চিত্ৰৰ ভূপেন হাজৰিকাই যৌথভাবে প্ৰযোজনা কৰিছিল। --হয়, বিখ্যাত ৰাজশ্ৰী প্ৰডাকচন।#ভাগ্য চিনেমা খন আছিল তাৰাচাঁদ বাৰজাতিয়া (#ताराचंद_बड़जात्या #Tarachand_Barjatya )
আৰু ভূপেন হাজৰিকাৰ সংযোগ ৰেখা। ৰাজশ্ৰী প্ৰডাকচনৰ মুখ্য গৰাকীয়ে বিচাৰিছিল ভূপেন হাজৰিকাই "তকদিৰ" ( #तकदीर ) চিনেমা খন অসমীয়ালৈ ডাব কৰক।
১৯৬৭ চন।বলিউডৰ নিৰ্মাতা তাৰাচাঁদ বাৰজাতিয়াই এটি নতুন আঁচনি লৈছিল। সেই সময়ত প্ৰদৰ্শনৰ বাবে সাজু হোৱা হিন্দী চিনেমা "তকদিৰ" একে সময়তে সাতটা আঞ্চলিক ভাষাত চিত্ৰগৃহত মুক্তি দিব। আঁচনিৰ সাতটা ভাষাৰে এটা-- অসমীয়া। যথা সময়ত "তকদিৰ"-এ "ভাগ্য" ৰূপ পালে। আৰু ১২ এপ্ৰিল ১৯৬৭ ত চিত্ৰগৃহলৈ আহিল।
চিনেমা খনত অভিনয় কৰিছিল-- ভাৰত ভূষণ, শালিনী, ফৰিদা জালাল, জনী ৱাকাৰ, কমল কাপুৰ, জালাল আঘা, সুশীল কুমাৰ, কাজল, সুভাষ ঘাই, অজয় ভেৰেকাৰ, দীনেশ হিংগু আদিয়ে। পৰিচালক: এ চলাম ( #ए_सलाम )। ডাবিং বিশেষজ্ঞ: শ্ৰীৰামচাজ। সংগীত: লক্ষ্মীকান্ত-প্যাৰেলাল।
--এই চিনেমা খনৰ পাছতে ভূপেন হাজৰিকাই "চিকমিক বিজুলী"ৰ দৃশ্য গ্ৰহণৰ কাম আৰম্ভ কৰিছিল। (সেই সময়ত ভূপেন হাজৰিকা বিধান সভাৰ সদস্য আছিল "এফালে 'চিকমিক বিজুলী'ৰ কাম, আনফালে বিধানসভা আৰু সমষ্টিৰ ৰাইজৰ মাজত বিধায়কৰ দায়িত্বও পালন কৰিব লগা হোৱাত সময়বোৰ মোৰ কেনি গৈ থাকিল ধৰিবই নোৱাৰা হ'লো।" --ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ")। চিনেমা খনৰ চিত্ৰনাট্য ভূপেন হাজৰিকাই "ভাগ্য"ৰ কাম হাতলৈ অহাৰ আগতে সম্পূৰ্ণ কৰিছিল। অভিনয় কৰিছিল-- বিজয় শঙ্কৰ, বিদ্যা ৰাও, প্ৰশান্ত বৰুৱা, কুলদা কুমাৰ ভট্টাচাৰ্য, তচদ্দুক ইউচুফ, দোস্ত হবিবুৰ ৰহমান, ৰুমা গুহঠাকুৰতা, ডেভিদ, ভোলা কাকতি, মনমোহনজহৰ ৰায় আদিয়ে। চিনেমা খনৰ সংগীত স্বাভাৱিকতে ভূপেন হাজৰিকাৰ আছিল। কাহিনীৰ মুড বুজি ব্যৱহাৰ কৰিছিল ৬টা গীত।
"চম্মা থাকিলে জৰুৰ জৰুৰ পৰোৱানা যে আহিবই..." কণ্ঠ: ভূপেন হাজৰিকা...), "মিলনৰ এই শুভক্ষণ পখিলা উৰাদি উৰে মন..." (কণ্ঠ: ভূপেন হাজৰিকা, সুমন কল্যাণপুৰ), "বিজুলীৰ পোহৰ মোৰ নাই, তথাপি এন্ধাৰে মোলৈ ৰ লাগি চায়..." (কণ্ঠ: ভূপেন হাজৰিকা), "পক্ষীৰাজ ঘোৰা খট্ খট্ খটকৈ দৌৰা, মোৰ কপাল ফটা পাখি দুখনো কটা..." কণ্ঠ: কিশোৰ কুমাৰ, ভূপেন হাজৰিকা), "মৃত্যুক সাৱতি সমাধি তলীতে অকলে আছোহি শুই..." (কণ্ঠ:জয়ন্ত হাজৰিকা), "ঘৰ আমাৰ মাটি হয় মাটিয়ে ঘৰ, বাটেই আমাৰ আপোন হয় আপোনেই ঘৰ..." (কণ্ঠ:ভূপেন হাজৰিকা, মুকেশ)। চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিছিল অনিল গুপ্ত আৰু জ্যোতি লাহাই।
এই চিনেমা খনে লাভ কৰিছিল ১৯৬৬ চনৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক। এই "ৰাজ্যিক চলচ্চিত্ৰ বঁটা"* পোৱা ভূপেন হাজৰিকাৰ আন দুখন চিনেমা-- "শকুন্তলা" (১৯৬১), "প্ৰতিধ্বনি" (১৯৬৪)।
*১৯৬৬ চনৰ পৰা "ৰাজ্যিক চলচ্চিত্ৰ বঁটা" (State Award) "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা"লৈ (National Film Award) পৰিবৰ্তন কৰে।
#তথ্য /৭
"এৰা বাটৰ সুৰ" --ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম চিনেমা। সংগীতসূৰ্যই এই চিনেমা খনৰ চিত্ৰনাট্য ৰচনা কৰিছিল নিজৰে একে নামৰ অঁনাতাৰ নাটকৰ (১৯৫৪ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ থাকোতে লিখিছিল নাটক খন। মঞ্চস্থও হৈছিল। ১৯৫৪ চনত অনাতাঁৰ নাটখৰ দৰে ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনতো পৰিৱেশন কৰিছিল।) আধাৰত। চিনেমা খনৰ নায়ক জয়ন্ত দুৱৰা "চৰিত্ৰ"টো বাস্তৱৰ ভূপেন হাজৰিকাৰ ছাঁ ("এৰাবাটৰ সুৰ" খনত মোৰ জীৱন-চিত্ৰখিনিকে দাঙি ধৰিব খুজিছিলোঁ। ... এইখন মোৰ সম্পূৰ্ণ আত্ম-জীৱনীমূলক ছবি।" --ভূপেন হাজৰিকা/ "মই এটি যাযাবৰ")। ভূপেন হাজৰিকাৰ দৰে জয়ন্তই এৰা বাটৰ (মাটিৰ) সুৰ বিচৰাত ব্যস্ত হয়।... চিনেমা খনত অভিনয় কৰিছিল বিজয় শঙ্কৰ, ইভা আচাও, ফণী শৰ্মা, বিষ্ণু ৰাভা, তচদ্দুক ইউচুফ, বলৰাজ চাহানী, প্ৰীতিধাৰা, ৰেবেকা আচাও, পুণ্য দুৱৰা, মিনতি দাস, অনিল দাস, ছায়া দেৱী, লৰেটা বুথ, ৰমেশ শৰ্মা আদিয়ে। চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ (প্ৰাথমিক বাজেট আছিল ৯০ হাজাৰ) টকা। এই ক'লা-বগা চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ৩০ নৱেম্বৰ ১৯৫৬ত।#তথ্য /৬
#চামেলি মেমচা'ব-- এই ক'লা-বগা অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১০ অক্টোবৰ ১৯৭৫ ত। পৰিচালক: আব্দুল মজিদ। চিত্ৰগ্ৰহণ: বিজয় দে। সম্পাদক: প্ৰণৱ ঘোষ। অভিনয়ত: জৰ্জ বেকাৰ, বিনীতা বৰগোহাঁই, হাদি আলম বৰা, আব্দুল মজিদ, ৰাণী পাঠক, তিলমিজুৰ ৰহমান আদি। এই চিনেমা খনৰ সংগীতৰ বাবে ড° ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত (১৯৭৫ চনত) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (23rd National Film Awards)। চিনেমা খনত ব্যৱহাৰ কৰা হৈছে ৫টা গীত-- "অ' বিদেশী বন্ধু..." (কণ্ঠ: ভূপেন হাজৰিকা), "জিগিজা গিজাও..." (কণ্ঠ: ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), "হাৱা নাই বাতাচ নাই..." (কণ্ঠ: ঊষা মংগেশকাৰ), "অসম দেশৰ বাগিচাৰে..." (কণ্ঠ:ঊষা মংগেশকাৰ, ভূপেন হাজৰিকা), "হায়ৰে প্ৰাণেৰ বাচা মোৰ" (কণ্ঠ: ঊষা মংগেশকাৰ)।
#চিনেমা খনৰ (মুক্তিৰ সময়ত ) প্ৰিণ্টৰ সংখ্যা আছিল ৫টা। এটা প্ৰিণ্ট আজিৰ তাৰিখতো আছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ আৰ্কাইভত। (প্ৰিণ্টটো চিনেমা খনৰ পৰিয়ালৰ ফালৰ পৰা সংৰক্ষণৰ বাবে ASFFDC-ক দিছে। আনহাতে ডিজিটেল সংস্কৰণো কৰি ৰাখিছে পৰিচলকৰ পৰিয়ালে।
#এই চিনেমা খন 48 #IffI 2017 Homeg শিতানত প্ৰদৰ্শিত হৈছিল। যত পৰিয়ালৰ লোকো উপস্থিত আছিল।
(সেই সময়ৰ "টকাৰ মূল্য"ত চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ ১৫ হাজাৰ টকা। Box office Collection প্ৰায় ৪ লাখ টকা।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন