চিত্ৰই গতি লোৱাৰ মূহুৰ্ততে নিৰ্মাণ হৈছিল তথ্যচিত্ৰ
(Documentary film)।
চিনেমা চৰ্চা কৰা লোক মাত্ৰেই জানে-- গ্রিক ‘কিনেমা’(kinema) শব্দটোৰ পৰা 'চিনেমা’ (Cinema) শব্দটো আহিছে, যাৰ অর্থ-- গতি। আৰু প্ৰথম গতি পোৱা চিনেমা
'Workers Leaving the Lumiere Factory’ প্ৰকৃততে তথ্যচিত্ৰ। অগাষ্ট মাৰি লুই নিকোলা লুমিয়েৰ আৰু লুই জঁ লুমিয়েৰে কাৰখানাৰ শ্ৰমিকক কেমেৰাত ধৰি ৰাখিছিল। দৈৰ্ঘ আছিল মাত্ৰ ৪৬ ছেকেণ্ড। দেখা যায়-- কাৰখানাটোৰ পৰা শ্ৰমিক ওলাই আহিছে। বেছিভাগে মহিলা। এজন পুৰুষ শ্ৰমিকে চাইকেল লৈ আহিছে। কেমেৰাৰ ফ্ৰেমলৈ আহিছে শ্ৰমিকৰ লগতে এটা কুকুৰ। চিনেমা আলোচক সকলৰ বিশ্লেষণ: সেই সময়ত তথ্যচিত্ৰ এখনত শ্ৰমিকৰ সঁচা কথা কব পৰাকৈ ইয়াতকৈ বেছি সুযোগ নাছিল।(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন