কুকি-- ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু। বিন্দুটোৰ সৰল ৰৈখিক গতি। গতিত আন কেইবাটাও বিন্দুক মসৃন স্পৰ্শ।
ৰূপালী গল্পটোৰ নাম-- "কুকি" (kooki)। হিন্দী ভাষাৰ চিনেমা (কেইটা মান অসমীয়া সংলাপ প্ৰয়োগ কৰিছে যদিও কাহিনীক গতি দিছে 'হিন্দী সাহিত্যৰ ভাষা' আৰু কেমেৰাৰ ভাষাই। জ্ঞান গৌতমে চিত্ৰগ্ৰহণ কৰা চিনেমা খনৰ ছিকুৱেন্স নিৰ্মাণ পৰিপাটি। ছিকুৱেন্সৰ গতিত চিনে-গাণিতিক প্ৰয়োগ সুপৰিকল্পিত। কাহিনীৰ গতিত সাহিত্যৰ ভাষাক গুৰুত্ব দিছে; কিন্তু কোনো এটা ছিকুৱেন্সতে কেমেৰাৰ ভাষাক সাহিত্যৰ ভাষাৰ বহতীয়া হব দিয়া নাই পৰিচালক প্ৰণৱ জে ডেকাই। (পৰিচালক ডেকাই ড॰ জোনমণি দেৱী খাউণ্ডৰ পৰিকল্পনাৰে ‘কুকি’ৰ কাহিনী-চিত্ৰনাট্য তথা সংলাপো ৰচনা কৰিছে।) --এই যে বহতীয়া হব দিয়া নাই, ইয়াতেই পৰিচালকৰ চিনে শক্তি, পৰিস্কাৰ চিনেচিন্তা (পৰিচালনা কেন্দ্ৰীক) স্পষ্ট। চিনেমা খনৰ বিষয়বস্তু কেন্দ্ৰীক চিনেচিন্তা-- বাস্তৱ, বুদ্ধিদীপ্ত।
--চিনেমা খনৰ সৌন্দৰ্য প্ৰসঙ্গ চৰ্চালৈ আনিলে উল্লেখ কৰিব লাগিব মূলতঃ 'বাস্তৱ অভিনয়'ৰ ওচৰত থাকি কৰা চৰিত্ৰ নিৰ্মাণ, কেমেৰা (-ৰ ভাষা প্ৰয়োগ) ডিজাইন, শব্দ (আনুষঙ্গিক, প্রভাৱক, নীৰৱতা, সংলাপ আৰু সংগীতো।) ডিজাইনৰ কথা। কেইটামান ছিকুৱেন্স যোৱাৰ পাছত (নায়ক-নায়িকা মুখা-মুখী হোৱা) কেমেৰাৰ খেলি-মেলিয়ে আমনি দিছিল, চিনেমা "গতি"ত বাধা হৈছিল। (এই ত্ৰুটিয়ে চিনেমা খনৰ পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা দিলে।) এই কেমেৰা দোষক বাদ দি, বাকী চিনেমা খনক গতি দিয়া ছিকুৱেন্স নিৰ্মাণ পৰ্ব, শ্বট নিৰ্বাচন-শ্বটৰ গাণিতিক প্ৰয়োগ পৰিপাটি। গল্পক গতি দিয়াৰ লগতে ভূগোল স্পষ্ট কৰাত ব্যৱহাৰ কৰিছে কেমেৰাৰ ভাষা। ব্যৱহাৰ কৰা সংলাপ মেদহীন। তেনেদৰে কাহিনীৰ গতিত প্ৰয়োগ কৰা অসমৰ থলুৱা "সংস্কৃতি" চিনে সৌন্দৰ্যৰ এটা দিশ।
আহিছো কাহিনীলৈ-- ১৬ বছৰীয়া কুকি। ভাল লগা, ভাল পোৱাৰ সৈতে সুখৰ, আনন্দময়ী জীৱন পাৰ কৰা কুকি। আচম্বিতে কুকিৰ সুৰীয়া জীৱন বেসুৰৰ মাজত সোমাই পৰে।... (তাৰ পাছত? চৰ্চা কৰিম চিনেমা খন চিত্ৰগৃহলৈ অহাৰ পাছত। এই blog -ত, নিৰ্দিষ্ট ছপা মাধ্যমত)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন