সরাসরি প্রধান সামগ্রীতে চলে যান

চোৰ -The Bicycle

কাহিনী নিৰ্মাণ:

'চোৰ -The Bicycle' কৈশোৰ কেন্দ্ৰীক কৈশোৰৰ বাবে নিৰ্মাণ কৰা চিনেমা। খঞ্জন কিশোৰ নাথৰ পৰিচালনা। দুটা পৰিয়াল আৰু এখন প্ৰাথমিক বিদ্যালয় ৰূপালী গল্পটোৰ মূল তিনিটা বিন্দু। মূল চৰিত্ৰ বিদ্যলয় খনৰ একেটা শ্ৰেণীৰ ছাত্ৰ-- ৰাজু আৰু নিপু। পঢ়াত দুয়োজনেই ভাল। চোকা। নিপু শ্ৰেণীৰ প্ৰথম, ৰাজু দ্বিতীয়। আৰ্থিক হেচাত নথকা ৰাজুক দেউতাকে এখন চাইকেল দিয়ে। আৰ্থিক হেচাৰ মাজত জীৱন পাৰ কৰা নিপুৰ মনেও বিছাৰে এখন চাইকেল। --চাইকেল চলোৱাৰ অদম্য হেঁপাহ আৰু ৰোমাঞ্চৰ বাবে নিপুয়ে এদিন ৰাজুৰ অনুমতি অবিহনে, সেই শ্ৰেণীৰ আন এক ছাত্ৰৰ উচতনিত, মনে মনে চাইকেলখন চলাবলৈ লৈ যায়। নিপুৰ কপাল ভাল নাছিল! চাইকেল খন চুৰ হয়। চোৰৰ চেকা পৰে নিপু আৰু নিপুৰ পৰিয়ালটোত। চেকা আঁতৰাবলৈ চুৰি হোৱা চাইকেল খন নিপুই বিছাৰে; কিন্তু নাপালে। শেষত সিদ্ধান্ত লয় নিজৰ ঘৰৰ, ভনীয়েকৰ মৰমৰ ছাগলী দুটা চোৰ কৰি কচাইৰ তাত বিক্ৰী কৰি ৰাজুক এখন নতুন চাইকেল কিনি দিব। সিদ্ধান্ত মতে কাম। 

--ৰূপালী গল্পটোৰ শেষ বিন্দু, নতুন চাইকেল খন দিবলৈ যোৱা নিপুক ৰাজুই কয়, তাৰ হেৰোৱা চাইকেল খন বিছাৰি পাইছে।

চৰিত্ৰ নিৰ্মাণ...

চিনেমা খনৰ গল্পৰ গতি চৰিত্ৰ কেন্দ্ৰীক। গল্পৰ গতিত, গল্পৰ বাহিৰৰ চৰিত্ৰ নাই। প্ৰতিটো চৰিত্ৰ, আমাৰ দৰে গাঁৱত কৈশোৰৰ সময় কটোৱা সকলৰ বাবে চিনাকী। গছ বগোৱা, নদী-পুখুৰীত, কুঁৱা-দমকলৰ পাৰত মুকলিকৈ গাধোৱা, বাঁহৰ চকা চলোৱা আমাৰ দৰে বহুতৰে কৈশোৰ কালৰ অংগ। (কৈশোৰৰ সঁচা ছবি যদিও ৰাজুক উলংগ নকৰিলেও হ'ল হেতেন!) এই 'অংগ' বোৰৰ পৰিপাটি প্ৰয়োগে মূল চৰিত্ৰ দুটাৰ লগত আন কৈশোৰ চৰিত্ৰ কেইটাক বান্ধিছে, কাহিনীৰ অংগ হৈছে। প্ৰতিটো চৰিত্ৰক কম ফুটেজতে পূৰ্ণতা দিছে। কৈশোৰ অভিনেতাক লৈ কৰা "realistic character" পৰিচালকৰ চিনকৰ্মৰ ইতিবাচক দিশ। চৰিত্ৰ নিৰ্মাণত পৰিচালকে কেমেৰাৰ ভাষ প্ৰয়োগত গুৰুত্ব দিছে। সাহিত্যৰ ভাষা-- স্বাভাৱিক। (আমাৰ ধাৰণাত-- কেমেৰাৰ সন্মুখত 'কৈশোৰ চৰিত্ৰ'ক মুকলি আচৰণৰ পৰিবেশ দিছে।)

পৰিচালনা শৈলী

পৰিচালকে কেমেৰাৰ ভাষাক গুৰুত্ব দিছে। কাহিনীৰ গতিৰ লগে লগে চিনে সৌন্দৰ্য নিৰ্মাণতো মন দিছে। কাহিনীৰ গতিত প্ৰয়োজনীয় চৰিত্ৰ (নিপুৰ ভনীয়েক, ভনীয়েকৰ মৰমৰ ছাগলী দুটা ইত্যাদি) নিৰ্মাণ কৰি গুঠি গৈছে। কাহিনীৰ গতিত স্পষ্ট কৰি গৈছে ভূগোল, ইতিহাস। 

--------------------------

প্ৰযোজক: কৃষ্ণ অধিকাৰী, ললিত শইকীয়া

পৰিচালক-লেখক: খঞ্জন কিশোৰ নাথ

সংগীত: অনুৰাগ শইকীয়া

চিত্ৰগ্ৰহণ: জয়ন্ত মাথবন

অভিনয়ত: ৰক্তিম গোহাই, অমিয়া হাজৰিকা, অভিলাষা কটকী, শচীন নাথ, গুঞ্জন শইকীয়া...

চিত্ৰগৃহলৈ: অহা নাই


মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...