কাহিনী নিৰ্মাণ:
'চোৰ -The Bicycle' কৈশোৰ কেন্দ্ৰীক কৈশোৰৰ বাবে নিৰ্মাণ কৰা চিনেমা। খঞ্জন কিশোৰ নাথৰ পৰিচালনা। দুটা পৰিয়াল আৰু এখন প্ৰাথমিক বিদ্যালয় ৰূপালী গল্পটোৰ মূল তিনিটা বিন্দু। মূল চৰিত্ৰ বিদ্যলয় খনৰ একেটা শ্ৰেণীৰ ছাত্ৰ-- ৰাজু আৰু নিপু। পঢ়াত দুয়োজনেই ভাল। চোকা। নিপু শ্ৰেণীৰ প্ৰথম, ৰাজু দ্বিতীয়। আৰ্থিক হেচাত নথকা ৰাজুক দেউতাকে এখন চাইকেল দিয়ে। আৰ্থিক হেচাৰ মাজত জীৱন পাৰ কৰা নিপুৰ মনেও বিছাৰে এখন চাইকেল। --চাইকেল চলোৱাৰ অদম্য হেঁপাহ আৰু ৰোমাঞ্চৰ বাবে নিপুয়ে এদিন ৰাজুৰ অনুমতি অবিহনে, সেই শ্ৰেণীৰ আন এক ছাত্ৰৰ উচতনিত, মনে মনে চাইকেলখন চলাবলৈ লৈ যায়। নিপুৰ কপাল ভাল নাছিল! চাইকেল খন চুৰ হয়। চোৰৰ চেকা পৰে নিপু আৰু নিপুৰ পৰিয়ালটোত। চেকা আঁতৰাবলৈ চুৰি হোৱা চাইকেল খন নিপুই বিছাৰে; কিন্তু নাপালে। শেষত সিদ্ধান্ত লয় নিজৰ ঘৰৰ, ভনীয়েকৰ মৰমৰ ছাগলী দুটা চোৰ কৰি কচাইৰ তাত বিক্ৰী কৰি ৰাজুক এখন নতুন চাইকেল কিনি দিব। সিদ্ধান্ত মতে কাম।
--ৰূপালী গল্পটোৰ শেষ বিন্দু, নতুন চাইকেল খন দিবলৈ যোৱা নিপুক ৰাজুই কয়, তাৰ হেৰোৱা চাইকেল খন বিছাৰি পাইছে।
চৰিত্ৰ নিৰ্মাণ...
চিনেমা খনৰ গল্পৰ গতি চৰিত্ৰ কেন্দ্ৰীক। গল্পৰ গতিত, গল্পৰ বাহিৰৰ চৰিত্ৰ নাই। প্ৰতিটো চৰিত্ৰ, আমাৰ দৰে গাঁৱত কৈশোৰৰ সময় কটোৱা সকলৰ বাবে চিনাকী। গছ বগোৱা, নদী-পুখুৰীত, কুঁৱা-দমকলৰ পাৰত মুকলিকৈ গাধোৱা, বাঁহৰ চকা চলোৱা আমাৰ দৰে বহুতৰে কৈশোৰ কালৰ অংগ। (কৈশোৰৰ সঁচা ছবি যদিও ৰাজুক উলংগ নকৰিলেও হ'ল হেতেন!) এই 'অংগ' বোৰৰ পৰিপাটি প্ৰয়োগে মূল চৰিত্ৰ দুটাৰ লগত আন কৈশোৰ চৰিত্ৰ কেইটাক বান্ধিছে, কাহিনীৰ অংগ হৈছে। প্ৰতিটো চৰিত্ৰক কম ফুটেজতে পূৰ্ণতা দিছে। কৈশোৰ অভিনেতাক লৈ কৰা "realistic character" পৰিচালকৰ চিনকৰ্মৰ ইতিবাচক দিশ। চৰিত্ৰ নিৰ্মাণত পৰিচালকে কেমেৰাৰ ভাষ প্ৰয়োগত গুৰুত্ব দিছে। সাহিত্যৰ ভাষা-- স্বাভাৱিক। (আমাৰ ধাৰণাত-- কেমেৰাৰ সন্মুখত 'কৈশোৰ চৰিত্ৰ'ক মুকলি আচৰণৰ পৰিবেশ দিছে।)
পৰিচালনা শৈলী
পৰিচালকে কেমেৰাৰ ভাষাক গুৰুত্ব দিছে। কাহিনীৰ গতিৰ লগে লগে চিনে সৌন্দৰ্য নিৰ্মাণতো মন দিছে। কাহিনীৰ গতিত প্ৰয়োজনীয় চৰিত্ৰ (নিপুৰ ভনীয়েক, ভনীয়েকৰ মৰমৰ ছাগলী দুটা ইত্যাদি) নিৰ্মাণ কৰি গুঠি গৈছে। কাহিনীৰ গতিত স্পষ্ট কৰি গৈছে ভূগোল, ইতিহাস।
--------------------------
প্ৰযোজক: কৃষ্ণ অধিকাৰী, ললিত শইকীয়া
পৰিচালক-লেখক: খঞ্জন কিশোৰ নাথ
সংগীত: অনুৰাগ শইকীয়া
চিত্ৰগ্ৰহণ: জয়ন্ত মাথবন
অভিনয়ত: ৰক্তিম গোহাই, অমিয়া হাজৰিকা, অভিলাষা কটকী, শচীন নাথ, গুঞ্জন শইকীয়া...
চিত্ৰগৃহলৈ: অহা নাই
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন