সরাসরি প্রধান সামগ্রীতে চলে যান

২০২৪: নতুনৰ বাটত ভ্ৰাম্যমাণ থিয়েটাৰ

নতুন চিন্তাৰে, ন-প্ৰজন্মক মনত ৰাখি নাট প্ৰযোজনা কৰাৰ বাহিৰে গত্যান্তৰ নাই ভ্ৰাম্যমাণ থিয়েটাৰৰ। কাৰণ স্পষ্ট-- বজাৰ চিন্তা, বজাৰ সফলতা ভ্ৰাম্যমাণৰ নাট্যযাত্ৰাৰ মূল মন্ত্ৰ। এই কথা অস্পষ্ট নহয়-- থিয়েটাৰ মানেই নাট্যশিল্প; কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যচিন্তা বজাৰ কেন্দ্ৰীক। এই কথা মনত ৰাখি ক'ব লাগিব ২০২৩-২৪ নাট্যবৰ্ষটোৰ সফল প্ৰযোজনা-- কহিনুৰৰ 'এ বি চি ডি' (নাট্যকাৰ: মৃদুল চুতীয়া), ৰাজমুকুটৰ 'ব্ৰহ্মচাৰী'  (নাট্যকাৰ: ৰাজদ্বীপ), ৰাজতিলকৰ 'অৰ্ধনাৰী' (নাট্যকাৰ: চম্পক শৰ্ম),  বৃন্দাবনৰ 'প্ৰভুভক্ত', অভিনন্দনৰ 'নৰ্তকী নন্দীতা' (নাট্যকাৰ: প্ৰণৱ বৰুৱা), নয়নতৰাৰ 'একলব্য' (নাট্যকাৰ: সমৰেন্দ্ৰ বৰ্মন),

আৱাহনৰ 'অৰ্দ্ধাংগিনী', হেঙুলৰ 'চকু', সূৰ্যৰ 'মোৰ কেচুৱাই কান্দিছে', ইতিহাসৰ 'কেপ্তেইন অৱিনাশ', ৰুদ্ৰাক্ষৰ 'মাজৰাতিৰ মমতাজ' (নাট্যকাৰ: অভিজিৎ ভট্টাচাৰ্য)। এইকেইখন নাট্যদল কেইটাৰ 'বজাৰ'ত প্ৰথম স্থানত থকা নাটক। এই তথ্যত এটা দিশ স্পষ্ট-- যিমানেই নেতিবাচক চৰ্চা নহওক কিয়, আজিৰ তাৰিখতো ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ সকলৰ ভিতৰত শীৰ্ষত অভিজিত ভট্টাচাৰ্য। প্ৰাপ্ত তথ্য মতে, চলিত বৰ্ষতকৈ অহা নাট্যবৰ্ষত অভিজিতৰ নাটকৰ সংখ্যা বাঢ়িব, ভিন্ন নাট্যদলত মঞ্চস্থ হ'ব ২৫ খন নাটক। চলিত নাট্যবৰ্ষত চৰ্চাত থকা-- 'কাৰাগাৰত কলিজা' আৰু 'ৰূদ্ৰপ্ৰিয়া'ৰ নাট্যকাৰ প্ৰশান্ত মেনা, 'খলনায়কৰ খং'-ৰ নাট্যকাৰ ধ্ৰুবজ্যোতি শৰ্মা, মৃদুল চুতীয়া, চম্পক শৰ্মা আদি নাট্যকাৰৰ নাটকো অহা নাট্যবৰ্ষত ভিন্ন নাট্যদলত মঞ্চস্থ হ'ব; কিন্তু নাটকৰ সংখ্যা অভিজিৎ ভট্টাচাৰ্যৰ আধাও নহয়। 

আমাৰ ধাৰণাত চলিত নাট্যবৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ শ্ৰেষ্ঠ নাটকৰ তালিকা খন এনে ধৰণৰ হ'ব-- 'অৰ্দ্ধাংগিনী', 'এ বি চি ডি', 'আঁকৰী তই পগলা মই'। --এইনাটক তিনি খন দক্ষিণ ভাৰতৰ বা বলিউডৰ চিনেমাৰ জনপ্ৰিয় ধাৰাৰ নহয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ-- শিপাৰ ওচৰৰ, নিজা শৈলীৰ। আৰু নাটক তিনি খন দৰ্শকে, নাট্যৰসিকে আদৰি লৈছে। 

চলিত বৰ্ষটোত এই কেইটা দিশ স্পষ্ট-- দৰ্শকৰ আসনত তৰুণ প্ৰজন্মৰ সংখ্যা কম, ভ্ৰাম্যমাণ থিয়েটাৰৰ নিজা শৈলীৰ নাটকহে দৰ্শকে পছন্দ কৰিছে, নতুন নাট্যকাৰৰ জন্ম হোৱা নাই, নতুন অভিনেতা-অভিনেত্ৰী আভিনয় ক্ষমতাৰে চৰ্চালৈ অহা নাই, অভিনয় আৰু প্ৰযোজনাত প্ৰস্তুতি পৰাশৰ অপ্রতিদ্বন্দ্বী, পৰিকল্পনাৰ অভাৱত বা মাধ্যমটোত দখল নথকা প্ৰযোজকৰ বাবে কেইবাটাও নাট্যদলত খেলিমেলি স্পষ্ট হৈছে। খেলিমেলিৰ বাবে কেইবাটাও নাট্যদল বন্ধ হৈছে (থিয়েটাৰ ভাগ্যদেৱীৰ দৰে নাট্যদলে আধাতে নাট্যযাত্ৰা সামৰাটো নাট্যবৰ্ষটোৰ দুখৰ খবৰ), বন্ধ হোৱাৰ বাটত। আনহাতে যাত্ৰাৰ বাবে সাজু হৈছে নতুন-নতুন নাট্যদল।

চলিত নাটবৰ্ষটোত চৰ্চাত থকা অভিনেতে-অভিনেত্ৰীৰ তালিকা খন এনেধৰণৰ-- প্ৰস্তুতি পৰাশৰ, মৃদুল ভূঞা, কৃষ্ণমণি নাথ, চম্পক শৰ্মা, সঞ্জীৱ শৰ্মা, উৎপল দাস, কাজল শৰ্মা, ৰাতুল দাস, প্ৰাঞ্জনা দত্ত। 

চলিত নাট্যবৰ্ষটো বিশ্লেষণ কৰিলে এই দুটা দিশ স্পষ্ট ৰূপত দেখা যায়-- এই প্ৰজন্মৰ নাট্যৰসিকক সন্তুষ্ট কৰাৰ বাট মুকলি নকৰিলে "ভ্ৰাম্যমাণৰ বজাৰ'ত সমস্যা বাঢ়িব। এয়া প্ৰথমটো দিশ। দ্বিতীয়টো দিশ-- প্ৰযোজকৰ আকাল। প্ৰযোজনাৰ বাবে নাটকৰ্মী সকল আগবাঢ়ি নাহিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাট চমু হ'ব। নাট্যগতি দ্ৰুত নহব। 'মালিক'ৰ ভ্ৰাম্যমাণ থিয়েটাৰে এই প্ৰজন্মৰ বাবে যে নতুন বাট কাটিব নোৱাৰে, এয়া খাটাং। (নলবাৰী, যোৰহাট, পাঠশালা, গুৱাহাটীৰ ১২৬ গৰাকী 'দৰ্শক'ৰ মতা-মতক গুৰুত্ব দি চৰ্চা কৰা হৈছে।) প্ৰকাশ: অসমীয়া খবৰ ১/১/২০২৪

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...