নতুন বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা চালোঁ। মৰিগাঁও জিলাৰ বঘৰাস্থিত ঐতিহ্যমণ্ডিত কইনা কন্দা শিলৰ পটভূমিত নির্মিত 'কইনা কন্দা শিল'। কিংবদন্তিৰ ৰূপালী গল্প। ৬০০ বছৰৰ আগৰ আখ্যান। মুখে মুখে চলি আহিছিল। এসময়ত গৱেষকে ছপা মাধ্যমলৈ অনা, দৃশ্য, শ্ৰব্য ("কইনা কন্দা শিল" এতিয়া আকাশবাণী গুৱাহাটীৰ ইউটিউব চেনেলতো উপলব্ধ)
মাধ্যমতো চৰ্চা হোৱা লোকগাঁথাটো এনেধৰণৰ-- বঘৰা ৰাজ্যৰ ৰজাৰ দিপলিপ ৰাজকুমাৰীৰ লগত বিবাহ কৰ্ম সম্পন্ন কৰি মায়ং ৰাজ্যৰ ৰজাৰ ৰাজকুমাৰে ওভতাৰ সময়ত কাল ধুমুহা আহিছিল। শিলাবৃষ্টি, কাল-ধুমুহাৰ পৰা ৰক্ষা পোৱাৰ বাবে দৰা কইনাৰ সহিতে দৰাঘৰীয়া লোকসকলে শিলৰ চেপাত আশ্ৰয় লৈছিল; কিন্তু ৰক্ষা নপালে। শিলে হেঁচি ধৰাত মৃত্যু হয়। সেই কৰুণ দুৰ্ঘটনাৰ পাছৰে পৰা শনিবাৰ আৰু মঙলবাৰে ৰাজকুমাৰ-ৰাজকুমাৰীৰ কৰুণ বিননি সেই স্থানৰ পৰা ভাঁহি আহে বুলি কোৱা হয়। আৰু কোৱা হয় (চিনেমা খনত এই কৈছে মৰিগাঁৱৰ নিৱাসী ১০৫ বছৰীয়া শিলোকী বৰদলৈক নিৰ্মাণ কৰা চৰিত্ৰ এটাৰ মুখত দিয়া সংলাপেৰে।) নতুনকৈ বিয়াত বহিব লগা কইনাৰ ববে সাজৰ লগতে আ-অলংকাৰ নিজেই প্ৰকট হয় বুলি। চিনেমা খনত ৬০০ বছৰৰ আগৰ কাহিনী ভাগ দেখুৱাইছে ফ্লেছ-বেকত। (ইকভেলী চিনে প্ৰডাকচনৰ বেনাৰত নির্মিত এই চিনেমা খনৰ প্রযোজনা ড° মাইনু দেবীৰ। পৰিচালনা ড° মাইনু দেৱী আৰু ৰমেন বৰাৰ।)
প্ৰথম কথা-- চিনেমাৰ ভাষা প্ৰয়োগ, কেমেৰা ডিজাইন, শব্দ ডিজাইন ইত্যাদিত পৰিচালকে সময় খৰচ কৰা নাই। আমাৰ ধাৰণাত পৰিচালকৰ উদ্দেশ্য-- গল্প কোৱা। গল্প 'সাহিত্যৰ ভাষা'ৰে আগবঢ়াইছে। সুযোগ থকা স্বত্বেও কেমেৰাৰ ভাষা (cinematic language) -ত মন দিয়া নাই বা প্ৰয়োগ কৰা নাই। তেনেদৰে অভিনয়ো cinematic নহয়। চৰিত্ৰই কেমেৰাৰ ফ্ৰেমত সংলাপ কৈ গৈছে, আঙ্গিক অভিনয় শূন্য, চৰিত্ৰৰ সৈতে মিলিব নোৱাৰা দিশটো স্পষ্ট হোৱা অভিনয়। ব্যতিক্ৰম-- মায়ঙৰ ৰজাৰ চৰিত্ৰত কৰা উপকুল বৰদলৈৰ অভিনয়।
দ্বিতীয় কথা-- কাহিনী লেখকে নিশ্চয় গৱেষণাত সময় খৰচ কৰিছে। চিত্ৰনাট্যকাৰে 'কাহিনী অনুভৱ'ত সময় খৰচ নাই; আৰু চিনে অনুভৱো কম। ফলত 'চিনেমা' নহৈ 'কেমেৰাত বন্দী নাটক' হৈ থাকিল।
তৃতীয়তে-- চিনেমা খন বজাৰ চিন্তাৰ আঁতৰৰ, চিনেমাৰ বাবে চিনেশিল্প বুলিয়ো ক'ব নোৱাৰি। কেতিয়াবা 'চিনেমা' কেৱল পৰিচালকৰ বাবে পৰ্যায়ত থাকে, এনে চিনেমাক 'চিনেমাৰ বোজা' বুলি কোৱা হয়। --নোৱাৰি, তেনে পৰ্যায়ৰ চিনেকৰ্ম বুলিয়ো ক'ব নোৱাৰি 'কইনা কন্দা শিল'ক।
এনেদৰে ক'ব পাৰি নেকি-- কেবল এটা কাহিনী কোৱাৰ বাবে 'কইনা কন্দা শিল'!
চতুৰ্থতে, পৰিচালকৰ কৃতিত্ব--, তথ্যচিত্ৰ পৰ্যায়ৰ 'বিষয়বস্তু'ক কাহিনী-চিনেমালৈ ৰূপান্তৰ কৰিছে, তথ্যচিত্ৰৰ অল্প ছাঁ নপৰাকৈ।
চিনেমা খনৰ সৌন্দৰ্য-- ব্যৱহাৰ গীত, গীতৰ চিত্ৰায়ন। কেৱল সৌন্দৰ্য কৰি ৰখা নাই, কাহিনীৰ অংগ কৰিছে, গীতৰ মাজেৰে কাহিনী আগবঢ়াই নিছে।
-------চিনেমা খনৰ
প্ৰযোজক: মাইনু দেবী
পৰিচালক: ড° মাইনু দেৱী আৰু ৰমেন বৰা
সংগীত: ড° মাইনু দেৱী
চিত্ৰগ্ৰহণ:
অভিনয়: উপকুল বৰদলৈ, ড° বিমলজ্যোতি বৰদলৈ, কুঁৱৰী শৰ্মা, মিহিৰাম বৰদলৈ, তন্দ্ৰালি মুর্ছনা, হীৰকজ্যোতি কোঁৱৰ, ৰাজীৱ নাথ, দিগন্ত শর্মা, গগন ডেকা, শশীব্রতা বৰদল...
চিত্ৰগৃহলৈ: ৫ জানুৱাৰী
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন