সরাসরি প্রধান সামগ্রীতে চলে যান

২০২৪: বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা

নতুন বছৰটোৰ প্ৰথম খন অসমীয়া চিনেমা চালোঁ। মৰিগাঁও জিলাৰ বঘৰাস্থিত ঐতিহ্যমণ্ডিত কইনা কন্দা শিলৰ পটভূমিত নির্মিত 'কইনা কন্দা শিল'। কিংবদন্তিৰ ৰূপালী গল্প। ৬০০ বছৰৰ আগৰ আখ্যান। মুখে মুখে চলি আহিছিল। এসময়ত গৱেষকে ছপা মাধ্যমলৈ অনা, দৃশ্য, শ্ৰব্য ("কইনা কন্দা শিল" এতিয়া আকাশবাণী গুৱাহাটীৰ ইউটিউব চেনেলতো উপলব্ধ)

মাধ্যমতো চৰ্চা হোৱা লোকগাঁথাটো এনেধৰণৰ-- বঘৰা ৰাজ্যৰ ৰজাৰ দিপলিপ ৰাজকুমাৰীৰ লগত বিবাহ কৰ্ম সম্পন্ন কৰি মায়ং ৰাজ্যৰ ৰজাৰ ৰাজকুমাৰে ওভতাৰ সময়ত কাল ধুমুহা আহিছিল। শিলাবৃষ্টি,  কাল-ধুমুহাৰ পৰা ৰক্ষা পোৱাৰ বাবে দৰা কইনাৰ সহিতে দৰাঘৰীয়া লোকসকলে শিলৰ চেপাত আশ্ৰয় লৈছিল; কিন্তু ৰক্ষা নপালে। শিলে হেঁচি ধৰাত মৃত্যু হয়। সেই কৰুণ দুৰ্ঘটনাৰ পাছৰে পৰা শনিবাৰ আৰু মঙলবাৰে ৰাজকুমাৰ-ৰাজকুমাৰীৰ কৰুণ বিননি সেই স্থানৰ পৰা ভাঁহি আহে বুলি কোৱা হয়। আৰু কোৱা হয় (চিনেমা খনত এই কৈছে  মৰিগাঁৱৰ নিৱাসী ১০৫ বছৰীয়া শিলোকী বৰদলৈক নিৰ্মাণ কৰা চৰিত্ৰ এটাৰ মুখত দিয়া সংলাপেৰে।) নতুনকৈ বিয়াত বহিব লগা কইনাৰ ববে সাজৰ লগতে আ-অলংকাৰ নিজেই প্ৰকট হয় বুলি। চিনেমা খনত ৬০০ বছৰৰ আগৰ কাহিনী ভাগ দেখুৱাইছে ফ্লেছ-বেকত। (ইকভেলী চিনে প্ৰডাকচনৰ বেনাৰত নির্মিত এই চিনেমা খনৰ প্রযোজনা ড° মাইনু দেবীৰ। পৰিচালনা ড° মাইনু দেৱী আৰু ৰমেন বৰাৰ।)

প্ৰথম কথা-- চিনেমাৰ ভাষা প্ৰয়োগ, কেমেৰা ডিজাইন, শব্দ ডিজাইন ইত্যাদিত পৰিচালকে সময় খৰচ কৰা নাই। আমাৰ ধাৰণাত পৰিচালকৰ উদ্দেশ্য-- গল্প কোৱা। গল্প 'সাহিত্যৰ ভাষা'ৰে আগবঢ়াইছে। সুযোগ থকা স্বত্বেও কেমেৰাৰ ভাষা (cinematic language) -ত মন দিয়া নাই বা প্ৰয়োগ কৰা নাই। তেনেদৰে অভিনয়ো cinematic নহয়। চৰিত্ৰই কেমেৰাৰ ফ্ৰেমত সংলাপ কৈ গৈছে, আঙ্গিক অভিনয় শূন্য, চৰিত্ৰৰ সৈতে মিলিব নোৱাৰা দিশটো স্পষ্ট হোৱা অভিনয়। ব্যতিক্ৰম-- মায়ঙৰ ৰজাৰ চৰিত্ৰত কৰা উপকুল বৰদলৈৰ অভিনয়। 

দ্বিতীয় কথা-- কাহিনী লেখকে নিশ্চয় গৱেষণাত সময় খৰচ কৰিছে। চিত্ৰনাট্যকাৰে 'কাহিনী অনুভৱ'ত সময় খৰচ নাই; আৰু চিনে অনুভৱো কম। ফলত 'চিনেমা' নহৈ 'কেমেৰাত বন্দী নাটক' হৈ থাকিল।

তৃতীয়তে-- চিনেমা খন বজাৰ চিন্তাৰ আঁতৰৰ, চিনেমাৰ বাবে চিনেশিল্প বুলিয়ো ক'ব নোৱাৰি। কেতিয়াবা 'চিনেমা' কেৱল পৰিচালকৰ বাবে পৰ্যায়ত থাকে, এনে চিনেমাক 'চিনেমাৰ বোজা' বুলি কোৱা হয়। --নোৱাৰি, তেনে পৰ্যায়ৰ চিনেকৰ্ম বুলিয়ো ক'ব নোৱাৰি 'কইনা কন্দা শিল'ক। 

এনেদৰে ক'ব পাৰি নেকি-- কেবল এটা কাহিনী কোৱাৰ বাবে 'কইনা কন্দা শিল'!

চতুৰ্থতে, পৰিচালকৰ কৃতিত্ব--, তথ্যচিত্ৰ পৰ্যায়ৰ 'বিষয়বস্তু'ক কাহিনী-চিনেমালৈ ৰূপান্তৰ কৰিছে, তথ্যচিত্ৰৰ অল্প ছাঁ নপৰাকৈ।

চিনেমা খনৰ সৌন্দৰ্য-- ব্যৱহাৰ গীত, গীতৰ চিত্ৰায়ন। কেৱল সৌন্দৰ্য কৰি ৰখা নাই, কাহিনীৰ অংগ কৰিছে, গীতৰ মাজেৰে কাহিনী আগবঢ়াই নিছে।

-------চিনেমা খনৰ

প্ৰযোজক:  মাইনু দেবী

পৰিচালক: ড° মাইনু দেৱী আৰু ৰমেন বৰা

সংগীত: ড° মাইনু দেৱী

চিত্ৰগ্ৰহণ: 

অভিনয়: উপকুল বৰদলৈ, ড° বিমলজ্যোতি বৰদলৈ, কুঁৱৰী শৰ্মা, মিহিৰাম বৰদলৈ, তন্দ্ৰালি মুর্ছনা, হীৰকজ্যোতি কোঁৱৰ, ৰাজীৱ নাথ, দিগন্ত শর্মা, গগন ডেকা, শশীব্রতা বৰদল...

চিত্ৰগৃহলৈ: ৫ জানুৱাৰী

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...