সরাসরি প্রধান সামগ্রীতে চলে যান

অভিমন্যু

।। মহুৰৎ শ্বট।।
জ্যোৎস্না : তুমি বেলি ডুবা চাই ভাল পোৱা?
প্রভাত : ওঁম্... বহুত...
জ্যোৎস্না : কিয়?
প্রভাত : নাজানো... হয়তো কিবা শান্তি অনুভৱ কৰোঁ, যেন দিনটোৰ কাম-কাজৰ পৰা আজৰি হ'লো... খুব ৰিলেক্সড...
প্রভাত : আৰু এই সূর্যান্তই মোক লাহে লাহে গধূলিৰ জোনাকীৰ ওচৰ চপাই নিয়ে। মোৰ জ্যোৎস্নাৰ কাষ চপাই নিয়ে।
জ্যোৎস্না: Flirt ক'ৰবাৰ...! 

প্রভাত : আৰু তুমি? তুমি কি ভাল পোৱা?
জ্যোৎস্না: মই সূর্যোদয় ভাল পাওঁ... 
 এইখিনিৰ দৰে একেই ৰঙা... কিন্তু তাত আছে এটা আৰম্ভণি, নতুনৰ প্ৰতিশ্ৰুতি...

।। শুভ মহুৰৎ ।।
অভিমন্যু-- ২০২৪ বৰ্ষটোত মহুৰৎ সম্পন্ন হোৱা প্ৰথম খন অসমীয়া চিনেমা। অচিন্ত শংকৰৰ পৰিচালনা। বৰ্ষটোৰ চতুৰ্থ দিনটোত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ চৌহদত চিনেমা খনৰ শুভ মহুৰৎ সম্পন্ন হয় ভালেমান চিনেকৰ্মী, চিত্ৰ ৰসিকৰ উপস্থিতিত। (কেমেৰাত মাল্য অৰ্পন কৰে চিত্ৰ গ্ৰহণকাৰী-পৰিচালক শিৱানন বৰুৱাই। কেমেৰাৰ চুইচ অ'ন কৰে পৰিচালক, লেখক মঞ্জু বৰাই। ক্লেপ্‌ ষ্টিক দিয়ে অভিনেত্ৰী-পৰিচালক আইমী বৰুৱাই।) পৰিচালক-অভিনেতা ৰাজেশ ভূঞাই নাৰিকল ভঙাৰ পাছতে কমল লোচন-দীপলিনা ডেকাক লৈ নিৰ্দেশ দিয়ে মহুৰৎ শ্বটৰ।

।। পূৰ্বালোকন: থোৰতে ।।
অচিন্ত শংকৰৰ কৰ্মশক্তি, চিনেশক্তি মনত ৰাখি আশা কৰিছোঁ-- 'অভিমন্যু' হ'ব 'বজাৰৰ বাবে চিনেমা'; কিন্তু আঁতৰৰ নহব 'চিনেশিল্পৰ বাবে চিনেকৰ্ম'ৰ। আৰ্থাৎ বিনোদনৰ মাজেৰে চিনেশিল্প উপভোগৰ সুযোগ দিব দৰ্শকক! 
আশাৰ আন বুনিয়াদ-- অচিন্তৰ 'প্ৰতিঘাত'। প্ৰথম স্বাধীন পৰিচালনা (feature-length cinema)। চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণ, গল্প কোৱাৰ শৈলী চিত্ৰগৃহত টিকট ক্ৰয় কৰি চিনেমা চোৱা দৰ্শকক (বেছি সংখ্যক। যি সকলে মূলতঃ বিনোদনৰ বাবে চিত্ৰগৃহলৈ আহে) সন্তুষ্ট কৰিব পৰা স্তৰৰ আছিল। 'চিনেকৰ্ম'ৰ দিশৰ পৰা, কাহিনী নিৰ্মাণ, সংলাপ প্ৰয়োগত  স্থানীয় বজাৰত ব্যৱসায়ৰ অভিলেখ (box office collection records) গঢ়া, ভংগ কৰা কেইবা খনো অসমীয়া চিনেমাতকৈ পৰিপাটি আছিল। সন্দেহ নৰখাকৈ ক'ব পাৰি-- চিনেমা খনত অমৃতা গগৈক মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল। চৰিত্ৰটো (তিনিখন জনপ্ৰিয় চিনেমা) 'মিছন চাইনা'ৰ জুবিন গাৰ্গক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোতকৈ বেছি পৰিপাটি (শক্তিশালী/ powerful character), 'ৰত্নাকৰ'ত যতীন বৰাক লৈ নিৰ্মাণ কৰা, 'শ্ৰী ৰঘুপতি'ত ৰবি শৰ্মাক লৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটাতকৈ কম নহয়। চিনেমাত 'নায়িকা'ক লৈ  নিৰ্মাণ কৰা এনে চৰিত্ৰ কম দেখা যায়। 
আমি আশা কৰিব পাৰোঁ-- 'অভিমন্যু'ত কমল লোচনক লৈ দৰ্শক চুব পৰা চৰিত্ৰ এটা নিৰ্মাণ কৰিব। সন্দেহ নাই-- কমল অভিনয় ক্ষমতা থকা, অভিনয় অধ্যয়ণ থকা অভিনেতা। (কমলৰ লগতে চিনেমা খনত অভিনয় কৰিব-- দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, ৰাজীৱ গোস্বামী, দীপলিনা ডেকা, ভগৱত প্ৰীতম, ৰিম্পী দাস আদিয়ে।) 
আৰু?
আৰম্ভনীতে উল্লেখ কৰা মহুৰৎ শ্বটৰ সংলাপে ইংগিত দিয়ে, চিনেমা খনৰ সংলাপো পৰিপাটি হ'ব, চিনেমেটিক হ'ব! (শব্দ চিনেমাৰ প্ৰধান অলংকাৰ)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...