সরাসরি প্রধান সামগ্রীতে চলে যান

দৰথী

"বৰনদী ভটিয়াই"-- আমাৰ বাবে আছিল surprise, চিনে আশ্চর্য। ২০১৯ চনৰ ৩ মে' তাৰিখে চিত্ৰগৃহলৈ আহিছিল-- এই অসমীয়া চিনেমা খন। অনুপম কৌশিক বৰাৰ পৰিচালনা।
 চিনে আশ্চর্য আমাৰ বাবে এই কাৰণেই আছিল-- সেই সময়ত পৰিচালক গৰাকী আমাৰ পৰিচিত নাছিল, চিনেমা খনৰ পূৰ্ব ধাৰণা নাছিল। আৰু আমি পৰ্দাত দেখিছিলোঁ সতেজ বিষয়বস্তুৰ নতুন চিনেচিন্তাৰ চিনেকৰ্ম। অনুভৱ কৰিছিলোঁ পৰিপাটি dark comedy এখনৰ চিনে-আনন্দ। 
চিনেমা খনৰ দৰেই আমাৰ বাবে surprise আছিল-- মৌকণ (চিনেমা খনৰ "নায়িকা") -ৰ চৰিত্ৰত অভিনয় কৰা ডৰথী ভৰদ্বাজ। মুকলি অভিনয়, সংলাপ প্রক্ষেপণে চুই গৈছিল, মনত ৰৈ গৈছিল।
--ডৰথীৰ অভিনয়ৰ আনন্দ দ্বিতীয়বাৰ লৈছিলোঁ "জলছবি"ত (পৰিচালক: জয়ছেং জয় দহোতীয়া), তাপসীৰ চৰিত্ৰত। তাপসীৰ আশা, সপোন চিনেমা খনৰ বিষয়বস্তু। শিক্ষা শেষ কৰি তাপসী উভতি আহে নিজৰ ঘৰ খনলৈ। মাক-দেউতাক আৰু ভায়েকক লৈ তাপসী হতৰ ঘৰখন। চহৰৰ পৰা তাই লৈ আহিছিল "আধুনিকতা" (তাপসীৰ প্ৰতি দেউতাক: তই এই বোৰ কাপোৰ নিপিন্ধিবি!), হাতত "মোবাইল"। তাই হয়তো ভাবিছিল, তইৰ হাতৰ মুঠিতে সকলো! গাওঁত থাকিয়ো তাই সপোন বোৰ বাস্তৱ কৰিব পাৰিব! (কেইটামান শ্বটেৰে আজিৰ, বাস্তৱৰ "মোবাইলৰ পৃথিৱী" খন দেখুৱাইছে পৰিচালকে।) কিন্তু বাস্তৱত? ইণ্টাৰনেট আছে, ঘণ্টাৰ পাছত ঘণ্টা কাৰেণ্ট নাই, সময়ত চাকৰিৰ বাবে দি আহা ইণ্টাৰভিউটোৰ খবৰ "নেট"ত চাব পৰা নাই। নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট চৰকাৰী কাৰ্যালয়টোত, নিৰ্দিষ্ট কৰ্মচাৰী গৰাকী নাই, "আজি নহব, কাইলৈ আহিব" উত্তৰ লৈ ঘৰলৈ উভতি আহে। --তাপসীৰ "সপোন যাত্ৰা"ত সহায় নকৰে মাক-দেউতাক, ভায়েকে। আঁতৰি যায় প্রেমাস্পদো। আৰু এদিন জীৱনৰ এই যুঁজত তাপসী ধৰাশায়ী হয়, বিধ্বস্ত তাপসীয়ে তাইৰ সমস্ত আশা অদৃষ্টৰ হাতত তুলি দিবলৈ বাধ্য হয়। অজস্ৰজনৰ মাজত লাহে লাহে হেৰাই যাবলৈ ধৰে। মাক-দেউতাকৰ ইচ্ছাত বিয়াত বহে। কিন্তু জীৱন পূৰ্ণ হোৱাৰ আগতেই স্বামীক হেৰুৱাই। ঘৰলৈ উভতি আহে। 
--তাপসী ৰৈ নাযায়, নিজকে নতুন ৰূপত প্ৰতিস্থা কৰে, জীৱন বাটত নিজক নতুন গতি দিয়ে, জলছবিৰ দৰে জলমলাই জলমলাই আগৰবোৰ এদিন নোহোৱা হৈ পৰে, কোনোৱে হিচাপ নৰখাকৈ। দৰ্শকে সংগীতৰ তাল তালে ভায়েকৰ সৈতে নৃত্য কৰি থকা (ইমানতে ৰূপালী গল্পটো শেষ) তাপসীক মনত ৰাখি অনুভৱ কৰে-- জীবনে মোট সলায়, আশাবোৰে নতুনৰ বাট লয়। 
--চৰিত্ৰটোৰ প্ৰতি কৰা ন্যায় আমাৰ আনন্দৰ কাৰণ।
তৃতীয়বাৰ দৰথীৰ অভিনয়ে চুই গ'ল "অনুনাদ" (পৰিচালক: ৰীমা বৰা) কৰা অভিনয়ৰে। আৰ্থিক হেচাৰ মাজত সপোন দেখা, সপোন সাকাৰৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱা ছোৱালী এজনীৰ চৰিত্ৰত কৰা অভিনয়ো মুকলি, মনত ৰৈ যোৱা। 
--চতুৰ্থবাৰ দৰথীৰ অভিনয় দেখিলোঁ, "সত্য-THE TRUTH"ত। ৰূপজ্যোতি বৰঠাকুৰৰ পৰিচালনা। 
--আমাৰ ধাৰণাত অসমীয়া চিনেমাৰ পৰিচালকে দৰথীৰ নামেৰে এগৰাকী অভিনেত্ৰী পালে যাৰ চেহেৰাত ইলা কাকতিৰ দৰে "হাঁহি সৌন্দৰ্য" আছে, মলয়া গোস্বামী-ৰুণু দেৱীৰ দৰে অভিনয় শক্তি আছে।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...