সরাসরি প্রধান সামগ্রীতে চলে যান

এটা নিৰ্জন দুপৰীয়া: ১ মাৰ্চত চিত্ৰগৃহলৈ

চৰ্চাত এখন অসমীয়া চিনেমা-- "এটা নিৰ্জন দুপৰীয়া"।খঞ্জন কিশোৰ নাথৰ পৰিচালনা।
সেই সময়ত "দৈনিক অসম"ত "শিল্পকথা" লিখিছিলোঁ। ২০১৭ বৰ্ষৰ শেষত অসমীয়া চিনেমা কেন্দ্ৰীক (সেই বছৰটোৰ অসমীয়া চিনেমাৰ) লেখা এটা ছপা হোৱাৰ আগতে চকু ফুৰাই এজনে কৈছিল --ইয়াত "চোৰ" বাদ পৰিছে। লগে লগে আমি চিনেমা চৰ্চা কৰা, খবৰ ৰখা ইজনৰ লগত-সিজনৰ লগত চৰ্চা কৰি চিনেমা খনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। জানিবলৈ চেষ্টা কৰা বাটত ধাৰণা কৰিছিলোঁ-- নতুন চিনেচিন্তা মন-মগজুত লৈ থকা চিনেকৰ্মী। অসমীয়া চিনেমাৰ উত্তৰণৰ বাট বহলাব পৰা পৰিচালক-লেখক।
--নাই, "চোৰ" আমি আজিৰ তাৰিখতো চোৱাৰ সুযোগ পোৱা নাই। আমাৰ ধাৰণা যে অশুদ্ধ নহয় উমান পালোঁ "এটা নিৰ্জন দুপৰীয়া"ৰ পোষ্টাৰত। সামাজিক মাধ্যমত, চিত্ৰ ৰসিক সকলৰ মাজত চৰ্চাৰ বিষয় হোৱা প্ৰথম পোষ্টাৰ খনে মনলৈ আনি দিছিল "জল সাগৰ", "খাৰিজ", "অৰণ্যেৰ দিনৰাত্ৰি" ইত্যাদি। 
খঞ্জনৰ নতুন চিনেকৰ্মটোৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল। 
আমাৰ আগ্ৰহৰ কথা কোৱাত খঞ্জনে ক'লে-- " 'এটা নিৰ্জন দুপৰীয়া' আজিৰ সময়ৰ চিনেমা। এহাল ডেকা গাভৰুৱে কিছু একান্ত ব্যক্তিগত সময় কটাবলৈ যাওঁতে  সমাজৰ হাতত কেনেকৈ নিৰ্যাতিত হয় তাৰেই এক অৱলোকন। ...এই চিনেমা খন বহু কেইটা দিশৰ পৰা (অসমীয়া চিনেমাৰ ক্ষেত্ৰত) ব্যতিক্ৰম। প্ৰায় দুই ঘণ্টাৰ চিনেমা খনত সৰ্বমুঠ ৫০ টা শ্বট আছে।  সৰ্বাধিক দৈৰ্ঘৰ শ্বটতো হৈছে প্ৰায় ১২ মিনিটৰ। দ্বিতীয়তে চিনেমা খনৰ কাহিনীভাগ মাত্ৰ এটা দিনৰ। অসমীয়া চিনেমাত এনে ধৰণৰ চিনেকৰ্ম দেখিবলৈ নাই। তৃতীয়তে এই চিনেমা খনত যথেষ্ঠ বোল্ড দৃশ্য থকাৰ বাবে চেন্সৰ বোৰ্ডৰ পৰা এ চাৰ্টিফিকেট লাভ কৰিছে।"
আমি জানিব বিচাৰিছিলোঁ খঞ্জন কিশোৰ নাথৰ ভিতৰত থকা "চিনেমাৰ মানুহ" জনক। 
খঞ্জনে জনালে-- "চিনেমাৰ ধাৰণা মোৰ বাবে সময় সাপেক্ষে সলনি হৈ থাকে। শৈশৱ আৰু কৈশোৰ কালত চিনেমা মোৰ বাবে আছিল অন্তহীন এক বিস্ময়। যৌৱনত চিনেমা এক ৰোমাণ্টিক ভাৱনা আৰু আজিৰ সময়ত চিনেমা  জীৱনৰ অন্য নাম। মোৰ বাবে চিনেমা হল জীৱনৰ এক কলাত্মক ৰূপ যাৰ জৰিয়তে জীৱনৰ বিভিন্ন সময়,ৰূপ আদিবোৰ এক বেলেগে দৃষ্টিকোণৰ পৰা ৰূপায়িত কৰিব পাৰি।
চিনেমা ব্যৱসায় নে কলা সেয়া ব্যক্তি বা পৰিস্থিতি সাপেক্ষে ভিন্ন হব পাৰে। কিন্তু ব্যক্তিগত ভাৱে মই ভাবোঁ যে চিনেমা মূলত এক কলা। এই কলাত যিহেতু যথেষ্ঠ অৰ্থ জঢ়িত হৈ আছে সেয়ে ইয়াক অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাবই লাগিব। কিন্তু কেৱল মাত্ৰ বজাৰৰ কথা ভাবি চিনেমা নিৰ্মাণ কৰাটো আচলতে নিজকে ফাকি দিয়াৰ দৰে কথা। চিনেমাৰ বজাৰ ভাল হ'ব নে বেয়া হ'ব সেয়া সম্পূৰ্ণ পৰিকল্পিত প্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰিব। অসমৰ দৰে এখন ঠাইত আমাৰ দৰে পৰিচালকে ধাৰাবাহিক ভাৱে চিনেমা নিৰ্মাণ কৰাটো এক বৃহৎ প্ৰত্যাহ্বান। কাৰণ আমি চিনেমা বজাৰক লক্ষ্য কৰি নিৰ্মাণ নকৰোঁ।"

।। অতীতচাৰণ ।। 
"চিনেমা নিৰ্মাণৰ প্ৰক্ৰিয়াটোত মই ২০০৬ বৰ্ষৰ পৰাই জঢ়িত হৈ আছোঁ। প্ৰথম অৱস্থাত ছুটি চিনেমাৰে এই যাত্ৰা আৰম্ভ কৰিছিলোঁ। ২০০৯ বৰ্ষত চিনেমা পৰিচালনাৰ পাঠ্যক্ৰম কৰিবলৈ মুম্বাইলৈ যোৱাৰ আগতেই মই তিনিখন ছুটি ছবি নিৰ্মাণ কৰিছিলোঁ। তাৰ ভিতৰত "সূৰ্যসন্ধান" নামৰ চিনামা খনে সেই সময়ত ভালেকেইটা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল। পৰবৰ্তী সময়ত ২০১২ বৰ্ষত "চাকনৈয়া" নামৰ এখন ছুটি চিনেমা কৰোঁ, যিখন প্ৰায় ২০ টা মান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত মই ২০১৩ বৰ্ষত মোৰ প্ৰথম খন পূৰ্ণ দৈৰ্ঘ্য চিনেমা "চোৰ" ৰ কাম আৰম্ভ কৰোঁ। অৰ্থৰ অভাৱত চিনেমা খন সম্পূৰ্ণ কৰোঁ ২০১৭ বৰ্ষত। এই চিনেমা খনেও বহু কেইটা চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হোৱাৰ লগতে বঁটা পাবলৈ সক্ষম হৈছিল। উল্লেখ্য যে এই চিনেমা খনে  শ্ৰেষ্ঠ নতুন পৰিচালক, শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ বৰ্ষত আকৌ কাৰ্বি ভাষাত ছুটি চিনেমা কৰা হৈছিল। নাম আছিল "কাঁচিচিনিথু"।এই খনে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ ছুটি ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল।" --খঞ্জন কিশোৰ নাথে ক'লে।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...