সরাসরি প্রধান সামগ্রীতে চলে যান

শ্ৰী শ্ৰী মাধৱদেৱ: প্ৰসংগক্ৰমে

কুইৰিনো ক্ৰীষ্টিয়ানিৰ "এল এপষ্টল" (El Apóstol)-ৰে ১৯১৭ চনৰ ৯ নৱেম্বৰত আৰম্ভ হৈছিল এনিমেটেড চিনেমাৰ যাত্ৰা। তেতিয়াৰ পৰা এতিয়ালৈ কিমান যে পৰিবৰ্তন! কাৰ্ডবৰ্ড কাটাআউট কৌশলৰ পৰা 3D ৰ কৌশললৈ-- এক "জনপ্ৰিয় যাত্ৰা"। 

ভাৰতত নিৰ্মাণ হোৱা প্ৰথম খন এনিমেটেড চিনেমা-- "জম্বু কাকা" (১৯৩৪ চনৰ ১৫ নৱেম্বৰ/ তেতিয়াৰ বোম্বাইৰ চিত্ৰগৃহত মুক্তি পাইছিল)। কাৰণ জনা নাযায়, এই তথ্য থকাৰ পাছতো কিয় "The Banyan Deer" (১৯৫৭) ভাৰতৰ প্ৰথম এনিমেটেড চিনেমা বুলি কোৱা হয়।

আৰু অসমত?

প্ৰথমখন অসমীয়া এনিমেটেড চিনেমা "সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ" অসমৰ প্ৰায় ৪৬ টা চিত্ৰগৃহত মুক্তি পাইছিল ১১ নৱেম্বৰ ২০১৬ -ত। মঞ্জু বৰাৰ পৰিচালনাৰে নিৰ্মাণ কৰিছিল সঞ্জীৱ নাৰায়ণে। (গৱেষণামূলক কাম কাজ সম্পন্ন কৰাৰ লগতে সংলাপ ৰচনা কৰিছিল প্ৰভাত চন্দ্ৰ দাসে। এনিমেচন  পৰিচালনা ড°গৌতম দাসৰ, সম্পাদনা: শ্ৰীকৰ প্ৰসাদৰ। সংগীত:তৰালি শৰ্মা, সহকাৰী পৰিচালক:জীৱন ডাউকা।)

আৰু মঞ্জু বৰাৰ পৰিচালনাৰে সঞ্জীৱ নাৰায়ণে নিৰ্মাণ কৰিলে দ্বিতীয় খন এনিমেটেড চিনেমা -- "শ্ৰী শ্ৰী মাধৱদেৱ"। চিত্ৰগৃহলৈ আহিল ২ ফেব্ৰুৱাৰী ২০২৪ -ত। এই খনৰো সংগীত তৰালি শৰ্মাৰ। 
--এই খিনিতে মনলৈ আনিছোঁ কেইখন মান সফল ভাৰতীয় এনিমেটেড চিনেমা: গুপি গোৱাইয়া বাঘা বজৈয়া (১ মাৰ্চ ২০১৯/ পৰিচালক: শিল্পা ৰানাডে), দিল্লি ছাফাৰি (১৯ অক্টোবৰ, ২০১২/ পৰিচালক:নিখিল আডৱাণী/ ভাৰতৰ প্রথম Stereoscopy 3D এনিমেটেড চিনেমা।), ৰামায়ণ: দ্য এপিক (১৫ অক্টোবৰ ২০১০/ পৰিচালক: চেতন দেশাই), মহাভাৰত (২৭ ডিসেম্বর, ২০১৩/ পৰিচালক: আমান খান), বাল গণেশ (২৬ অক্টোবর, ২০০৭/ পৰিচালক: পংকজ শৰ্মা), কোচাদৈয়ান  (২৩ মে’ ২০১৪/ পৰিচালক: সৌন্দৰ্য ৰজনীকান্ত/ এক তামিল ঐতিহাসিক কল্পকাহিনী। অষ্টম শতিকাৰ এজন যোদ্ধাৰ। ঈৰ্ষাপৰায়ণ শাসকে নিজৰ ৰাজ্যৰ এজন সদ্ভাৱৰ যোদ্ধা পিতৃক দিয়া অবৈধ শাস্তিৰ সাক্ষী হয়। আৰু প্ৰতিশোধ বিচাৰে। তামিল আৰু হিন্দী ভাষাত-- দুটা সংস্কৰণ নিৰ্মাণ কৰা হৈছিল। ভাৰতৰ প্ৰথম photorealistic motion capture চিনেমা। বাজেট: ১২৫ কোটি টকা। ব্যৱসায়িক দিশত সফল নাছিল। বক্স অ'ফিচ কালেকচন প্ৰায় ৪০ কোটি টকা।), হনুমান (২১ অক্টোবৰ, ২০০৫/ পৰিচালক: ভি. জি. সামন্ত/ কোৱা হয় প্ৰকৃততে ভাৰতীয় এনিমেটেড চিনেমাৰ যাত্ৰা আৰম্ভ হয় এই খনেৰে। তথ্য মতে, এইখন প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ২ডি এনিমেটেড ভাৰতীয় চিনেমা। বাজেট ৩.২৫ কোটি টকা। ব্যৱসায় কৰিছিল ৭.৬৮ কোটি টকা।)
 (আৰু আছে)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...