--"নাম ঘোষণা"ৰ লগতে চিনেমা খনৰ পোষ্টাৰ মুকলি কৰে। আৰু স্পষ্ট কৰি দিয়ে "নায়ক" কেন্দ্ৰীক গতি দিয়া হ'ব ৰূপালী গল্পটো। চৰিত্ৰটো নিৰ্মাণ কৰা হ'ব যতীন বৰাক লৈ। আমাৰ ধাৰণাত সামাজিক-ৰোমাণ্টিক "action drama"ৰ আকাৰ ল'ব চিনেমা খনে। প্ৰেমৰ বাবে "নায়িকা", মাৰপিটৰ বাবে স্বাভাৱিকতে "খলনায়ক"ৰ চৰিত্ৰ নিৰ্মাণ কৰিব! নায়িকা খলনায়কৰ চৰিত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে বলিউডৰ অভিনেতা-অভিনেত্ৰীক লৈ। অন্যান্য চৰিত্ৰটো অসমৰ বাহিৰৰ অভিনেতা, অভিনেত্ৰীয়ে অভিনয় কৰিব।
--চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ'ব আহা মে’ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা।
যতীন বৰাক লৈ চৰিত্ৰ নিৰ্মাণৰ বাবে সাজু আন এগৰাকী পৰিচালক-- মৃণ্ময় অৰুণ শইকীয়া।
চিনেমা খনৰ নাম: অগ্নিবাণ।চিনেমা খনৰ বিষয়বস্তু-- উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই অনা মাদক দ্ৰব্য ।
এই চিনেমা খনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিব কংকনা চক্ৰৱৰ্তী (কলকাতা), কমল লোচন, হিমাংশু প্ৰসাদ দাস, প্ৰীতি কংগনা আদিয়ে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন