সরাসরি প্রধান সামগ্রীতে চলে যান

ইতি তোমাৰ/ পূৰ্বালোকন

"ইতি তোমাৰ" --চুই যোৱা নাম। এখন অসমীয়া চিনেমাৰ। নতুন চিনেমা। নতুন পৰিচালক। নতুন চিনেচিন্তাৰ ইংগিত। পৰিচালক: পাৰ্ভেজ আহমেদ। ৰেড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্তৰ বেনাৰত নিৰ্মাণৰত চিনেমা খনৰ কাৰ্য্যবাহী প্ৰযোজক অনুপম হাজৰিকা। চিত্ৰগৃহলৈ আহিব অহা ২৯ মাৰ্চত।

--চিনেমা কেন্দ্ৰীক এটা লেখাত পঢ়িছিলোঁ-- "soft romantic..."।

 লেখাটোত নাম উল্লেখ কৰা চিনেমা কেইখন মান চাইছিলোঁ। "শব্দ" (পৰিচালক: লীনা যাদব), "কৰিব" (পৰিচালক: বিধু বিনোদ চোপ্ৰা) "ইন দ্য মুড ফৰ লাভ" (পৰিচালক: ৱং কাৰ-ৱাই / "In the Mood for Love", Directed by Wong Kar-wai), "টাইটানিক" (পৰিচালক:  জেমছ কেমেৰন/ "Titanic", 

Directed by James Cameron)।

--কিয় জানো, "soft romantic..." বুলিলে মোৰ মনলৈ উল্লেখ কৰা চিনেমা কেইখনৰ কেইটামান ছিকুৱেন্সহে মনলৈ আহে।

--চিনেমা কেন্দ্ৰীক লেখাটোত পোৱা আন এক বাক্য, অসমীয়াত এনেদৰে লিখিব পাৰি, "কেমেৰত কবিতাৰ ছন্দ"। এই বাক্যটোৰ পাছত লিখা চিনেমাৰ নাম-- "শব্দ", ঐশ্বৰ্য ৰায়-সঞ্জয় দত্তক ফ্ৰেমত লৈ নিৰ্মাণ কৰা কেইটামান ছিকুৱেন্স।

--চিনেমা কেইখনৰ সৈতে "ইতি তোমাৰ"ৰ দূৰ দূৰলৈ সম্পৰ্ক নাই।

-- এনে লাগে, "ইতি তোমাৰ" যেন পৰ্দালৈ আহিব "soft romantic..." হৈ, "কেমেৰত কবিতাৰ ছন্দ"হৈ!

 কাৰ্য্যবাহী প্ৰযোজক অনুপম হাজৰিকাৰ পৰা জানিলোঁ-- "দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জন্ম গ্ৰহণ কৰা এটা শিশুৱে নিজৰ পৰিয়ালক হেৰুৱাই কেনেদৰে জীৱন সংগ্ৰাম অব্যাহত ৰাখি আমেৰিকাত  প্ৰতিস্থিত হৈছিল আৰু শেষত শৈশৱৰ স্মৃতি ৰোমন্থন কৰি ,কৈশোৰ যৌৱনৰ প্ৰেম বিছাৰি অসমলৈ ঘূৰি অহাৰ এটা দীঘলীয়া পৰিক্ৰমা চিনেমা খনৰ মূল কাহিনী।"

মূল চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুন নাথক লৈ। ৰূপালী গল্পটোৰ মূল প্ৰটাগণিষ্ট। গুৱাহাটী খনৰ পৰিবৰ্তন দেখি আবেগিক হ'ব। কাহিনীৰ গতিত যৌৱনৰ প্ৰেমাস্পদৰ সন্ধানো আহিব যেন লাগে! 

--অৰুন নাথৰ লগতে চিনেমা খনত অভিনয় কৰিব মলয়া গোস্বামী, অনুপম কৌশিক, লিপিকা বৰা মেধি, দৰথী ভৰদ্বাজ, মণীষা হাজৰিকা আদিয়ে। 

--এই খিনিতে এটা তথ্য: মণিষা হাজৰিকাই ড°ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত "লটিঘটি"ত অভিনয় কৰিছিল। চিনেমা গীত "জীৱনটো যদি অভিনয় হয়..." জয়ন্ত হাজৰিকা আৰু মণিষা হাজৰিকাক (সেই সময়ৰ সেনগুপ্তা) লৈ চিত্ৰায়ণ কৰা হৈছিল।

--অৰুন নাথৰ লগতে মলয়া গোস্বামীক লৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটা "ভাল লগা" হ'ব পাৰে। তেনেদৰে অনুপম, দৰথীক লৈ নিৰ্মাণ কৰা চৰিত্ৰ দুটা ৰূপালী গল্পটোৰ সৌন্দৰ্য হ'ব বুলি আশা কৰাৰ বুনিয়াদ আছে। 

--অভিনয় সৌন্দৰ্যৰ লগতে চিনে সৌন্দৰ্য অনুভৱৰ অপেক্ষাত, ২৯ মাৰ্চলৈ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...