সরাসরি প্রধান সামগ্রীতে চলে যান

ইতি তোমাৰ: চিনেচৰ্চা

দৈনিক জনমভূমি (০৫/০৪/২০২৪)
"ইতি তোমাৰ" --এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ উত্তৰত কৈছিলোঁ, পৰিচালকৰ গল্প কোৱাৰ শৈলীত নতুন চিনে চিন্তাৰ ছাঁ, ভাল লগা দিশ-- কেমেৰা ডিজাইন, চৰিত্ৰ নিৰ্মাণ আৰু গীত। গীত চিনেমাৰ অংগ হৈছে, গীতে ৰূপালী গল্পটোক গতি দিছে। গীতৰ কথা, সুৰ, গায়কী আৰু চিত্ৰায়ণক চিনে অলংকাৰ বুলিব পাৰি, মুকলি মনেৰে। (সংগীত:  হীৰকজ্যোতি নাথ। কথা আৰু সুৰ: যুতিমালা বুঢ়াগোঁহাই, মধু পাটোৱাৰী। কণ্ঠ: হীৰকজ্যোতি নাথ, যুতিমালা বুঢ়াগোহাঁই।)
ৰূপালী গল্পটোৰ গতিৰ পূৰ্বে চিনেমেটিক চমক, (পৰিচালকৰ লগতে আৱশ্যেই প্ৰশংসা কৰিব লাগিব চিনেমাটোগ্ৰাফাৰ ৰূপমজ্যোতি শইকীয়াক।) ইতিহাস স্পষ্ট। কাহিনীৰ গতিত ভূগোল স্পষ্ট। শ্বট নিৰ্বাচন, শ্বটৰ গাণিতিক প্ৰয়োগ আৰু "সময়"ৰ সৈতে খাপ খোৱাকৈ নিৰ্মাণ কৰা চৰিত্ৰই চুই যোৱাৰ পাছতো কিন্তু আমাক "চিনেমা" খনে হতাশ কৰিলে--, কাহিনীৰ গতি, কাহিনীৰ "ট্ৰিটমেণ্ট"-এ। 

"ইতি তোমাৰ"-- মনলৈ স্বাভাৱিকতে আহিব পাৰে মিঠা, ভাল লগা প্ৰেমৰ চিঠি। কিন্তু চিনেমা খনৰ কাহিনীৰ গতিত "প্ৰেমপত্ৰ" গৌণ, বিষয়বস্তুও "প্ৰেমপত্ৰ" নহয়। বিষয়: প্ৰেম। প্ৰথম বিন্দু কৈশোৰৰ প্ৰেম। শেষ বিন্দু জীৱনৰ প্ৰায় বিয়লি বেলাত প্ৰেমিক-প্ৰেমিকাৰ মিলন।

চিনেমা খনৰ দৰ্শক হোৱাৰ পূৰ্বে জানিছিলোঁ-- চিনেমা খনৰ মূল চৰিত্ৰ (নায়ক) -ৰ জন্ম দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ। অভাৱৰ হেচাত কৈশোৰ, যৌৱন। জীৱন সংগ্ৰামৰ মাজেৰে আমেৰিকাত প্ৰতিস্থিত হোৱাৰ পাছত, পত্নী-দুই ছোৱালী-জোৱাই-নাতিনীৰ সৈতে জীৱনৰ বিয়লি বেলাৰ সুখৰ সময় কটোৱা "নায়ক"ৰ কাহিনীৰ গতি।

 আদহীয়া "নায়কে" কৈশোৰ যৌৱনৰ প্ৰেম বিছাৰি অসমলৈ উৰা মাৰে। অসমৰ মাটিত ভৰি দি হাহাকাৰ অনুভৱ কৰে, ষাঠিৰ দশকত এৰিছিলগুৱাহাটী, সেই গুৱাহাটীখনৰ আজি বহু পৰিবৰ্তন হ'ল। অচিনাকী আচিনাকী অনুভৱ হ'ল। ক'ত বিছাৰি পাব, কৈশোৰ-যৌৱনৰ প্ৰেয়সীক! 

অতীতচাৰণ-- "নায়ক"ৰ মনলৈ আহে কৈশোৰ-যৌৱনৰ প্ৰেম আৰু বিচ্ছেদৰ বেদনা। "বৰ্তমান", 'অতীতে"ৰে কাহিনী আগবাঢ়ে। শেষত  কৈশোৰ-যৌৱনৰ প্ৰেয়সীক লগ পাই, আৰু মনৰ দুৱাৰ খুলি দিয়ে। অতীতচাৰণত "নায়ক"ৰ জন্ম ৰহস্যও আহে। 

--নীলকণ্ঠৰ সৰলৰৈখিক কাহিনী। কিন্তু সৰলৰৈখিক হৈ নাথাকিল অৰিন্দম বৰকটকী আৰু পাৰৱেজ আহমেদৰ চিত্ৰনাট্য। আৰু স্বাভাৱিকতে কিছু হৃাস পালে চিনে সৌন্দৰ্য। "হৃাস পোৱা সৌন্দৰ্য" উদ্ধাৰৰ বাট আছিল। আমাৰ ধাৰণাত সম্পাদনাৰ সময়ত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। (এই খিনিতে উল্লেখ কৰিব পাৰি-- আমাৰ ধাৰণাত পৰিচালক, চিত্ৰনাট্যকাৰ চিনেচিন্তা "স্থানীয় বজাৰচিন্তা" শূন্য, "চিনে শিল্পৰ বাবে চিনেমা"ৰ ওচৰৰ।)

আহিছোঁ-- চৰিত্ৰ নিৰ্মাণলৈ। চিনেমাত পৰিচালক গৰাকীৰ দক্ষতা (power of director) স্পষ্ট হয় চৰিত্ৰ নিৰ্মাণত। দক্ষতা স্পষ্ট হয় দুটা পৰ্যায়ত-- চৰিত্ৰৰ বাবে আভিনেতা-অভিনেত্ৰী নিৰ্বাচনত, "চৰিত্ৰ" আকাৰ দিয়া সময়ত। পৰ্যায় দুটাত পৰিচালক পাৰৱেজ আহমেদ সফল। প্ৰতিটো চৰিত্ৰৰ নিৰ্মাণ কৰ্ম (শব্দ প্ৰয়োগ, সাজ-সজ্জা, খোজ-কাটল, subject-camera movement) পৰিপাটি, , বাস্তৱিক। বিশেষভৱে আমাক চুই গৈছে কিশোৰ অভিনেতা হৰ্ষদ ডি কাশ্যপ (নায়ক অমৰৰ কৈশোৰ কাল...), বৰেণ্যা বৰা (নায়িকা মানসীৰ কৈশোৰ কাল...) -ই। আৰু লিপিকা বৰা মেধি (নায়িকা মানসীৰ বয়স্ক কাল...), ডৰথী ভৰদ্বাজ (নায়িকা মানসীৰ যৌৱন কাল...), অৰুণ নাথে (নায়ক অমৰৰ বয়স্ক কাল...)। নায়ক অমৰৰ যৌৱন কালৰ 'সময়' চোৱাৰ চৰিত্ৰত আভিনয় কৰা ড° অনুপম কৌশিক বৰা আৰু ডৰথীৰ অভিনয়ে "৭০ দশকৰ ভাৰতীয় (বলিউড) চিনেমাৰ নায়ক-নায়িকাৰ ইমেজ" মনলৈ আনি দিয়ে। (এই "ইমেজ" ৰূপালী গল্পটোৰ ইতিবাচক দিশ।) "মৌকন" ডৰথীয়ে আমাক আৰু এবাৰ চুই গ'ল, অনুপমৰ সৈতে। 

--চৰিত্ৰ নিৰ্মাণৰ ক্ৰম, কেমেৰাৰ ভাষা প্ৰয়োগ, শব্দ (সংলাপ, সংগীত...) -ৰ লগতে চিনেমা খনৰ আন এটা প্ৰশংসা কৰিব পৰা দিশ জ্যোতি শংকৰ ভট্টাচাৰ্যৰ কলা নিৰ্দেশনা-- পৰিবেশ আৰু "সময়" নিৰ্মাণত সহায় কৰিছে।


(আৰু আছে)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...