৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত শিল্পী-চিনেমা পৰিচালক অৱনী ৰঞ্জন পাঠকে। কেমেৰাত মাল্যদান কৰে ড° নিখিলেশ বৰুৱাই।
--শুভ মহুৰতত লগ পালোঁ সংগীত পৰিচালক, বাঁহী বাদক দীপক শৰ্মাক। চিনেমা খনৰ আৱহ সংগীত ৰচনা-সংযোগ কৰিব। চিনেমা খনত দুটা গীত ব্যৱহাৰ কৰিব। এটা গীতৰ সুৰ দীপক শৰ্মাৰ, কথা: প্ৰনৱ কুমাৰ বৰ্মনৰ। সুৰ-কথা মন চুই যোৱা, মনত ৰৈ যোৱা। চিনেমা খনৰ আনটো গীত মুম্বাইৰ ৰটনাৰ। দীপক শৰ্মা-ৰটনা এই চিনেমা খনৰ সংগীত পৰিচালক।
চিনেমা খনৰ লেখক-পৰিচালক লৰ্ড দাসে জনালে, কাহিনী কেন্দ্ৰ বিন্দু-গতি এই প্ৰজন্ম। কাহিনীৰ ইংগিত আছে চিনেমা খনৰ নামত-- "লাভ ডট কম"। চিনেমা খনত "হিংলিছ চিনেমা ষ্টাইল"ত হিন্দী আৰু অসমীয়া সংলাপ ব্যৱহাৰ কৰিব। অভিনয় কৰিব দিল্লীৰ ৰাহুল কামাণ্ডু, বিগবছ খ্যাত লাকী কেম্বোজ, মুম্বাইৰ তাহিৰ কামাল খান, ব্রজেশ দাস, কল্যাণজী, অসমৰ হিমজ্যোতি মেধি, ভার্গৱ কটকী, ডঃ নিখিলেশ বৰুৱা, অমিত চৌধুৰী, জিমলী তালুকদাৰ, সংগীতা কৈৰী আদিয়ে। দিল্লী, মুম্বাই আৰু অসমত দৃশ্যগ্রহণ হ'ব লগীয়া চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিব মুম্বাইৰ সৰবৰ - চয়ীদ আৰু অভি দাসে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন