সরাসরি প্রধান সামগ্রীতে চলে যান

অভিমন্যু : চিনে সংবাদ

"অভিমন্যু"-- আচিন্ত শংকৰৰ চিনেমা। তৃতীয় (Feature) চিনেমা। চিত্ৰগৃহলৈ আহিব অহা ১৫ নৱেম্বৰ (২০২৪) তাৰিখে। চিনেমা খনৰ প্ৰযোজনা শ্ববনমচ এন্টাৰটেইণ্টমেণ্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ। কাৰ্যবাহী প্ৰযোজকঃ দেবজিৎ মজুমদাৰ। চিত্ৰনাট্য আৰু সংলাপঃ হিমাংশু নাথৰ। হিমাংশুই চিত্ৰনাট্য ৰচনা কৰিছে চিনেমা খনৰ পৰিচালক অচিন্ত শংকৰৰ কাহিনীৰে। 
--কাহিনী এনেধৰণৰ (পৰিচালকৰ ভাষাত) "প্রভাত আৰু জ্যোৎস্নাৰ এখন সৰু মবমৰ সংসাৰ। শিক্ষয়িত্রী জ্যোৎস্না-- আৰু 'তুষ্টি' নামেৰে এখন 'খোৱাৰ হোটেল' চলোৱা প্রভাতে বন্ধু ৰঞ্জিত, শ্ৰেয়া আৰু দেৱৰ সৈতে মিলি সমাজৰ আর্তসকলৰ হকে যিমানলৈ পাৰে কাম কৰি যায়। কিন্তু, সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰা ক'ভিড মহামাৰীয়ে প্রভাত-জ্যোৎস্নার সুখৰ সংসাৰখনকো চুই যায়। 
সমস্যা বাঢ়ে। সমস্যা আৰু বাঢ়ে তেতিয়া, যেতিয়া চৌদিশে চলি থকা 'লকডাউন'ৰ সময়চোৱাৰ মাজতে ঘটা এক অপৰাধমূলক দুর্ঘটনাই সিহঁতৰ জীৱনলৈ ধুমুহা নমাই আনে। তচনচ হৈ পৰা জীৱনটো সামৰিবলৈ বিধস্ত প্রভাতে যুদ্ধত অৱতীৰ্ণ  হয়। জ্যোৎস্নাৰ হৈ ন্যায় বিচাৰি, প্রভাত, ৰঞ্জিত, দেৱ, শ্রেয়া, ৰহমান কাকা, জিলমিল, নিৰূপম হতে অতিক্রম কৰ যাত্রাই হৈছে 'অভিমন্যুৰ' মূল কাহিনী।
কষ্ট আৰু সততাৰে জীবন নির্বাহ কৰা প্রভাতৰ দবে সাধাৰণ লোকসকল প্রায়ে বিত্তবান আৰু ক্ষমতাশালী লোকসকলৰ কোপদৃষ্টিত শোষিত হয়। সেই জুইত ঘিউ ঢালে আমাৰ শিথিল শাসনতন্ত্ৰৰ অনিয়ম আৰু দুর্নীতি পিষ্ট অমানুহ বোৰে। মহাভাৰতৰ অভিমন্যুৰ দৰেই আপুনি, মই। আমি  এই চিৰন্তন বেহু খনত বন্দী। কিন্তু এইবাৰ মহাভাৰত আমি নতুনকৈ লিখিব লাগিব। অপৰাধীক শাস্তি দিবলৈ কুটিলতাৰ হাতোৰি উফৰাই বেহু ফালি ওলাই অহাৰ সক্ষমতা আজিৰ অভিমন্যুৰ আছি। ...আৰু এই নতুন মহাভাৰতত 'অভিমন্যু'ৰ জয় নিশ্চিত।"
--এটা সৰল গল্প। পৰিচালকে কথা প্ৰসংগত কৈছে, সৰলৰৈখিক গতি দিয়া হৈছে। চিনেমাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে কাহিনীৰ গতিত গীত ব্যৱহাৰ কৰা হৈছে। (সংগীত: দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপৰ। গীতিকাৰঃ দিগন্ত ভাৰতী, ৰাজদ্বীপ, অৰূপজ্যোতি বৰুৱা, ৰাহুল গৌতম শৰ্মা। শিল্পীঃ জুবিন গাৰ্গ, পাপন অংগৰাগ মহন্ত, অৰূপজ্যোতি বৰুৱা, ভাস্বতী ভাৰতী, প্ৰিয়ংকা ভৰালী, দীপলিনা ডেকা। কৰিঅ'গ্ৰাফিঃ দীপক দে, প্ৰণৱ ভৰালী।) পৰিচালকৰ সৈতে ইটো-সিটো কথা পতাৰ সময়ত অনুভৱ কৰিছোঁ, গীতৰ বাবে গীত ব্যৱহাৰ কৰা হোৱা নাই। গীতক কাহিনীৰ অংগ কৰা হৈছে, চিনে অলংকাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰা হৈছে। সংলাপ, সংগীতৰ লগতে "শব্দ"ৰ প্ৰতিটো দিশতে গুৰুত্ব দিছে পৰিচালকে। শব্দ-সজ্জাঃ অমৃত প্ৰীতম আৰু দেবজিৎ চাংমাইৰ। 
--ৰূপালী গল্পটোৰ গতিত মাৰপিটৰ (এক্সনঃ ৰাজেশ কান্নান) প্ৰয়োগো আছে। বজাৰ চিন্তাৰে এক্সন প্ৰয়োগ-- আজি কালি অসমীয়া চিনেমাৰ আলিখিত নিয়ম। পৰিচালকৰ মতে, এই চিনেমা খনত এক্সনকো ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰি কাহিনীৰ গতিত ব্যৱহাৰ কৰা হৈছে। 
--চিনেমা পৰিচালকৰ সোঁ হাত চিত্ৰগ্ৰহণ কাৰী। এই চিনেমা খনৰ পৰিচালকৰ সোঁ হাত প্ৰদীপ দৈমাৰী। আৰু ভিন্ন দিশত পৰিচালকক সহায় কৰিছে প্ৰতীম খাওন্দ (সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য্য (কলা), ভাস্কৰজ্যোতি দত্ত (ৰূপসজ্জা), ধীৰাজ ডেকা (সাজসজ্জা), মনোজ মিশ্ৰ (প্ৰযোজনা নিয়ন্ত্ৰণ), হিমাংশু নাথ (মুখ্য সহকাৰী পৰিচালক), জিতুল ৰাজৱংশী, দেৱাশীষ কলিতা, হিৰক জ্যোতি কলিতা (সহকাৰী পৰিচালক)।
আহিছোঁ-- "চৰিত্ৰ"লৈ। মূল চৰিত্ৰ প্রভাত আৰু জ্যোৎস্নাক নিৰ্মাণ কৰিছে কমল লোচন, দীপলিনা ডেকাক লৈ। আন এটা মূল চৰিত্ৰ নিৰ্মাণ কৰিছে দেৱজিৎ মজুমদাৰক লৈ। অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিছে  
ভগৱৎ প্ৰীতম, ৰাজীৱ গোস্বামী, হিৰন্য ডেকা, অমৃতা গগৈ,অসীম কৃষ্ণ বৰুৱা,জ্বলী লস্কৰ, কৌশিক নাথ, চাংকু নিৰঞ্জন নাথ, শংকৰ ৰাজখোৱা,শ্ৰেয়া বৰঠাকুৰ আদিক লৈ। বিশেষ ভূমিকাঃ জুবিন গাৰ্গ আৰু লিজা (ৰাছিয়ান বেলে ডাঞ্চাৰ)। চিনেমা খনৰ লোকেশনঃ বজালী, গুৱাহাটী, মেঘালয়।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...