সরাসরি প্রধান সামগ্রীতে চলে যান

স্বৰ্গৰথ / চিনে সংবাদ

বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই "ইন্দ্ৰ-মালতী" (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক আগবঢ়াই নিয়া পৰিচালকৰ তালিকা খন তেনেই চুটি। চুটি তালিকা খনৰে অন্যতম-- ৰাজেশ ভূঞা।
"দূৰদৰ্শন এটি যন্ত্ৰ" (২ ছেপ্টেম্বৰ, ২০১৬), "জানমণি"  (১৫ এপ্ৰিল, ২০১১), "কোঁৱৰপুৰৰ কোঁৱৰ" (৬ জানুৱাৰী ২০১৭) আদি ৰাজেশ ভূঞাৰ "পৰিচালনা" বিশ্লেষণ কৰিলে এটা দিশ নিশ্চয় স্পষ্ট হ'ব-- "অসমীয়া চিনেমাৰ পৰিচয়" বিসৰ্জন দি তামিল-তেলেগু বা বলিউডৰ বজাৰ মন্ত্ৰৰ সহায়ত বজাৰ সফলতাৰ বাট বিছৰা নাই। 
 আমাৰ ধাৰণাত "স্বৰ্গৰথ"ৰে ৰাজেশে নিশ্চয় "ইন্দ্ৰ-মালতী" ধাৰাটোক আগবঢ়াই নিব।
--হয়, "স্বৰ্গৰথ" ৰাজেশ ভূঞাৰ শেহতীয়া চিনেকৰ্ম। অহা ৭ জুনত চিত্ৰগৃহলৈ আহিব। এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডৰ বেনাৰত ড০ সঞ্জীৱ নাৰায়ণ আৰু ডা: অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা এই চিনেমা খনৰ 
কাহিনী, চিত্ৰনাট্য ৰাজেশ ভূঞা, শান্তনু ৰৌমূৰীয়াৰ। সংলাপ আৰু গীতৰ কথা শান্তনু ৰৌমূৰীয়াৰ। কথাৰ লগতে "সম্পূৰ্ণ গীত" ("মনৰ মাজত মনবন্ধু..." ইতিমদ্ধে চৰ্চালৈ আহিছে। গীতটোৰ চিত্ৰায়ণত নাগাৰা নাম (!) "পে পে পে" ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথক সংযোগ কৰিছে। --এয়া পৰিচালকৰ স্থানীয় বজাৰ চিন্তাৰ ইতিবাচক দিশ।) ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চাৰ বিষয় হৈছে। গীতটোত কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই। সংগীত: অনুৰাগ শইকীয়াৰ। কৰিঅ’গ্ৰাফী: দীপক দেৰ।
--ৰাজেশ ভূঞাৰ চিনেমাত সকলো শ্ৰেণীৰ দৰ্শকক চুব পৰা নিটোল কাহিনী থাকে। পৰিচালক গৰাকীৰ কাহিনী কোৱাৰ শৈলী "অসমীয়া-অসমীয়া", গতি-- সৰল ৰৈখিক। আমাৰ ধাৰণাত শেহতীয়া এই চিনেকৰ্ম ব্যত্যিক্ৰম নহব।
আমি জানিব বিছৰাত পৰিচালক গৰাকীয়ে ৰূপালী গল্পটোৰ ধাৰণা দিছিল এনেদৰে-- "এজন স্বৰ্গৰথৰ চালক,  তিনিজন যুৱক আৰু দুজন আৰক্ষীৰ লোকৰ দৈনন্দিন জীৱনে এদিন হঠাৎ কি মোৰ লয় তাৰ ওপৰত নিৰ্মিত এক কাহিনী। লগতে তেওঁলোকৰ জীৱনত জড়িত হৈ থকা আন আন চৰিত্ৰসমূহে কি ধৰণেৰে সহায় কৰে বা বিধি পথালি দিয়ে আৰু সমাজৰ সমসাময়িক কিছু ঘটনাই সাধাৰণ মানুহৰ জীৱনৰ আশা-আকাংক্ষাক কিদৰে প্ৰভাৱিত কৰে তাৰ কাহিনী দেখিবলৈ পাব ‘স্বৰ্গৰথ’ত।" কাহিনীক গতি দিয়া চৰিত্ৰ কেইটা নিৰ্মাণ কৰিছে কেনী বসুমতাৰী, সিদ্ধাৰ্থ শৰ্মা, কমল লোচন, বনী দেউৰী, উদ্ভাৱন শইকীয়া, ৰিণ্টু বৰা, মাধুৰিমা চৌধুৰী, ৰিমঝিম ডেকা হিমাংশু গগৈ আদিক লৈ। পৰিচালকক ৰূপালী গল্পটো নিৰ্মাণ আৰু গতি দিয়াত সহায় কৰিছে প্ৰদীপ দৈমাৰী (চিত্ৰগ্ৰহণ), প্ৰতীম খাউণ্ড (ৰাজা/ সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য (কলা নিৰ্দেশনা), অনুৰাগ শইকীয়া (আৱহ সংগীত), অকু বোথ্ৰা (ৰূপসজ্জা), দেৱজিত চাংমাই, অমৃত প্ৰীতম (শব্দ) আদিয়ে।
শেহতীয়া খবৰ: যোৱা ১মে' বুধবাৰে মুক্তি পালে চিনেমা খনৰ শীৰ্ষ গীতটিৰ লগতে পোষ্টাৰ। 

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...