বজাৰ মন্ত্ৰত সিদ্ধহস্ত ৰাজেশ ভূঞা। চিনে মন্ত্ৰতো। জ্যোতিপ্ৰসাদ আগৰৱালাই "ইন্দ্ৰ-মালতী" (১ আগষ্ট ১৯৩৯) -ৰে আৰম্ভ কৰা চিনেযাত্ৰাক ফণী শৰ্মা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, শিৱপ্ৰসাদ ঠাকুৰ, মুনিন বৰুৱাই দিয়া গতিক আগবঢ়াই নিয়া পৰিচালকৰ তালিকা খন তেনেই চুটি। চুটি তালিকা খনৰে অন্যতম-- ৰাজেশ ভূঞা।
"দূৰদৰ্শন এটি যন্ত্ৰ" (২ ছেপ্টেম্বৰ, ২০১৬), "জানমণি" (১৫ এপ্ৰিল, ২০১১), "কোঁৱৰপুৰৰ কোঁৱৰ" (৬ জানুৱাৰী ২০১৭) আদি ৰাজেশ ভূঞাৰ "পৰিচালনা" বিশ্লেষণ কৰিলে এটা দিশ নিশ্চয় স্পষ্ট হ'ব-- "অসমীয়া চিনেমাৰ পৰিচয়" বিসৰ্জন দি তামিল-তেলেগু বা বলিউডৰ বজাৰ মন্ত্ৰৰ সহায়ত বজাৰ সফলতাৰ বাট বিছৰা নাই।
আমাৰ ধাৰণাত "স্বৰ্গৰথ"ৰে ৰাজেশে নিশ্চয় "ইন্দ্ৰ-মালতী" ধাৰাটোক আগবঢ়াই নিব।
--হয়, "স্বৰ্গৰথ" ৰাজেশ ভূঞাৰ শেহতীয়া চিনেকৰ্ম। অহা ৭ জুনত চিত্ৰগৃহলৈ আহিব। এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডৰ বেনাৰত ড০ সঞ্জীৱ নাৰায়ণ আৰু ডা: অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা এই চিনেমা খনৰ
কাহিনী, চিত্ৰনাট্য ৰাজেশ ভূঞা, শান্তনু ৰৌমূৰীয়াৰ। সংলাপ আৰু গীতৰ কথা শান্তনু ৰৌমূৰীয়াৰ। কথাৰ লগতে "সম্পূৰ্ণ গীত" ("মনৰ মাজত মনবন্ধু..." ইতিমদ্ধে চৰ্চালৈ আহিছে। গীতটোৰ চিত্ৰায়ণত নাগাৰা নাম (!) "পে পে পে" ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথক সংযোগ কৰিছে। --এয়া পৰিচালকৰ স্থানীয় বজাৰ চিন্তাৰ ইতিবাচক দিশ।) ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চাৰ বিষয় হৈছে। গীতটোত কণ্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই। সংগীত: অনুৰাগ শইকীয়াৰ। কৰিঅ’গ্ৰাফী: দীপক দেৰ।
--ৰাজেশ ভূঞাৰ চিনেমাত সকলো শ্ৰেণীৰ দৰ্শকক চুব পৰা নিটোল কাহিনী থাকে। পৰিচালক গৰাকীৰ কাহিনী কোৱাৰ শৈলী "অসমীয়া-অসমীয়া", গতি-- সৰল ৰৈখিক। আমাৰ ধাৰণাত শেহতীয়া এই চিনেকৰ্ম ব্যত্যিক্ৰম নহব।
আমি জানিব বিছৰাত পৰিচালক গৰাকীয়ে ৰূপালী গল্পটোৰ ধাৰণা দিছিল এনেদৰে-- "এজন স্বৰ্গৰথৰ চালক, তিনিজন যুৱক আৰু দুজন আৰক্ষীৰ লোকৰ দৈনন্দিন জীৱনে এদিন হঠাৎ কি মোৰ লয় তাৰ ওপৰত নিৰ্মিত এক কাহিনী। লগতে তেওঁলোকৰ জীৱনত জড়িত হৈ থকা আন আন চৰিত্ৰসমূহে কি ধৰণেৰে সহায় কৰে বা বিধি পথালি দিয়ে আৰু সমাজৰ সমসাময়িক কিছু ঘটনাই সাধাৰণ মানুহৰ জীৱনৰ আশা-আকাংক্ষাক কিদৰে প্ৰভাৱিত কৰে তাৰ কাহিনী দেখিবলৈ পাব ‘স্বৰ্গৰথ’ত।" কাহিনীক গতি দিয়া চৰিত্ৰ কেইটা নিৰ্মাণ কৰিছে কেনী বসুমতাৰী, সিদ্ধাৰ্থ শৰ্মা, কমল লোচন, বনী দেউৰী, উদ্ভাৱন শইকীয়া, ৰিণ্টু বৰা, মাধুৰিমা চৌধুৰী, ৰিমঝিম ডেকা হিমাংশু গগৈ আদিক লৈ। পৰিচালকক ৰূপালী গল্পটো নিৰ্মাণ আৰু গতি দিয়াত সহায় কৰিছে প্ৰদীপ দৈমাৰী (চিত্ৰগ্ৰহণ), প্ৰতীম খাউণ্ড (ৰাজা/ সম্পাদনা), জ্যোতি শংকৰ ভট্টাচাৰ্য (কলা নিৰ্দেশনা), অনুৰাগ শইকীয়া (আৱহ সংগীত), অকু বোথ্ৰা (ৰূপসজ্জা), দেৱজিত চাংমাই, অমৃত প্ৰীতম (শব্দ) আদিয়ে।
শেহতীয়া খবৰ: যোৱা ১মে' বুধবাৰে মুক্তি পালে চিনেমা খনৰ শীৰ্ষ গীতটিৰ লগতে পোষ্টাৰ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন