সরাসরি প্রধান সামগ্রীতে চলে যান

ৰুদ্ৰ / চিনে সংবাদ

'ৰুদ্ৰ" নিৰ্মাণ কৰ্ম চলি আছে! আজিৰ তাৰিখত "বজাৰ সফলতা"ৰ ট্ৰেকত থকা "নায়ক" ৰবি শৰ্মাক লৈ "ৰুদ্ৰ" নিৰ্মাণত ব্যস্ত আছে চিনেমা লেখক-পৰিচালক ৰূপক গগৈ। ৰূপকৰ আমন্ত্ৰণত যোৱা ১০ মে'ত উপস্থিত আছিলোঁ "ৰুদ্ৰ"ৰ মহুৰৎ অনুষ্ঠানত। মহুৰৎ শ্বট দিছিল ৰবি শৰ্মা আৰু অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচন কৰি অনা কেইগৰাকী মান যুৱকে। দুটা শ্বট লৈছিল, পৰিপাটি action shot (ডিজাইন, নিয়ন্ত্ৰক: দীপক দাস), পৰিচালকৰ নিৰ্দেশত। ভাল লগা দিশটো হ'ল-- দীপক দাস অসমৰ, ৰবি শৰ্মাৰ সৈতে অংশ লোৱা যুৱকৰ দলটো অসমৰ। পৰিচালকে action shot নিৰ্মাণৰ বাবে অসমৰ বাহিৰৰ চিনেকৰ্মীক গুৰুত্ব দিয়া নাই। এয়া ইতিবাচক দিশ। (দীপক দাসে বলিউড কেন্দ্ৰিক চিনেমাত কাম কৰিছে।) 

পৰিচালক ৰূপক গগৈৰ "ৰুদ্ৰ' তৃতীয় পৰিচালনা, "গেংছ অৱ নৰ্থইষ্ট" (হিন্দী), "তুমি মালালা"ৰ পাছত। আমাৰ ধাৰণাত "ৰুদ্ৰ" হ'ব-- একশ্বন আৰু থ্ৰিলাৰ। কাহিনীক গতি দিব ৰবি শৰ্মাই অভিনয় কৰা চৰিত্ৰটোক কেন্দ্ৰ কৰি! সন্দেহ নাই-- এই চিনেমা খনত "একশ্বন হিৰো" ৰবি শৰ্মাক নতুন ৰূপত দেখা যাব। কেৱল "একশ্বন বৃত্ত"তে নাৰাখি ৰবিক নিশ্চয় "ৰোমাণ্টিক ইমেজ"তো বন্দী কৰিব পৰিচালকে। ৰবিৰ বিপৰীতে নন্দিনী কাশ্যপক লৈ নিশ্চয় ৰোমাণ্টিক মুডৰ গীতো চিত্ৰায়ণ কৰিব।

--চিনেমা খনৰ অন্যান্য চৰিত্ৰ নিৰ্মাণ কৰিব মৃদুলা বৰুৱা, অলক নাথ,, অlৰ্চিত অদ্ৰৱ, প্ৰতিভা চৌধুৰী, ৰাজীব গোস্বামী, অদ্ৰি হাতীবৰুৱা, শান্তা ডী জী চৌধুৰী, অনামিকা বৰ্মন, হিমাংশু গগৈ, নৱ মহন্ত, অংসুতা কাশ্যপ, অশ্ৰlমিকা, জাহ্নৱী ম'ৰে, অনুৰাগ অধিকাৰী, হৰি প্ৰসাদ চাহু আদিক লৈ। ২ কোটি টকা বাজেট (চৰ্চা মতে)-ৰ এই অসমীয়া চিনেমা খন শ্যাম প্ৰডাকচনৰ বেনাৰ নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ  প্ৰযোজক: ৰাজেশ কুমাৰ ম'ৰ।

এক চিনে আড্ডাত "ৰুদ্ৰ" চৰ্চা চলি থাকোতো মনলৈ আহিছিল "সূৰুয” (১৯৮৫)-ৰ, আন এখন অসমীয়া চিনেমাৰ। পুলক গগৈৰ পৰিচালনা। এই চিনেমা খন আছিল অসমীয়া চিনেমাৰ সেই সময়ৰ "স্থানীয় বজাৰ"ৰ চমক। পৰিচালনা শৈলী আছিল, সেই সময়ৰ আন অসমীয়া চিনেমাতকৈ বেলেগ, বলিউডৰ চিনেমাৰ ওচৰৰ। তপন দাসৰ দৰে (হিৰো ইমেজৰ) অভিনেতাক লৈ নিৰ্মাণ কৰিছিল "খলনায়ক চৰিত্ৰ"। একশ্বন, সংগীতৰ ব্যৱহাৰো আছিল বলিউডৰ ওচৰৰ। "সূৰুয" প্ৰসংগ মনলৈ এই কাৰণেই আহিছিল-- "ৰুদ্ৰ"ৰ পৰিচালক ৰূপক পুলক গগৈৰ পুত্ৰ। আৰু! বাকী সময়ত স্পষ্ট হ'ব।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...