সরাসরি প্রধান সামগ্রীতে চলে যান

গোবৰধন চৰিত /চিনেচৰ্চা

তৰুণ শইকীয়াৰ অনাতাঁৰ নাটক  "গোবৰধন চৰিত"। নাটক খনৰ গোবৰ আৰু মইনা চৰিত্ৰ দুটা আজিও মনৰ মাজত সেউজ হৈ আছে। 
--ইন্দ্ৰ বনীয়াৰ কণ্ঠ আৰু সংলাপ প্ৰক্ষেপন শৈলীয়ে নিৰ্মাণ কৰা গোবৰ, আমাৰ মন-মগজু দখল কৰা "গবৰ ইমেজ"ৰ ওচৰেই নাপালে অৰুণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (চিনেমা খনৰ গোবৰ) চৰিত্ৰটো। দৰ্শকৰ আসনৰ পৰা এয়া আমাৰ প্ৰথম আক্ষেপ। আমাৰ "ইমেজ"ৰ গবৰ আছিল সহজ-সৰল, অজলা। চিনেমাত দেখা গবৰ জনক "সাহিত্যৰ ভাষা"ৰে অজলা বুজাবলৈ চেষ্টা কৰা হৈছে। আৰু যদি এনেদৰে ভৱা হয়-- অনাতাঁৰ নাটক খনৰ "গোবৰ"ৰ সৈতে চিনেমা খনৰ গোবৰৰ কোনো সম্পৰ্ক নাই বা থাকিব লাগে বুলি কোনো কথা নাই! তাৰ পাছতো আমি ক'ম-- গোবৰ চৰিত্ৰটো নিৰ্মাণত পৰিচালক ব্যৰ্থ। চৰিত্ৰটো "অৰুণ হাজৰিকা" হৈ থাকিল। কেবল অৰুণ হাজৰিকায়ে নহয়, মইনাৰ চৰিত্ৰত অভিনয় কৰা স্বাগতা ভৰালীক বাদ দি কোনো এগৰাকী অভিনেতা-আভিনেত্ৰীয়ে "চৰিত্ৰ"ৰ সৈতে একাত্ম হোৱাত সফল বুলিব নোৱাৰি। ক'ব লাগে-- সংলাপ কৈছে, কেমেৰাৰ সন্মূখত "চৰিত্ৰ"ক গতি দিছে। ইমানেই। (অন্যান্য চৰিত্ৰত আভিনয় কৰিছে প্ৰতিভা চৌধুৰী, চেতনা দাস, পূৰ্ণদা শইকীয়া, নমিতা গোস্বামী, মধুমিতা কটকী, মালা বৰঠাকুৰ, কমলেশ শইকীয়া, জয়ন্ত গোস্বামী আদিয়ে।)
--এটা চৰিত্ৰ নিৰ্মাণ কৰিছে সুজিত শৰ্মাক লৈ। মঞ্চ নাটক (ভ্ৰাম্যমাণ থিয়েটাৰ) অভিনয়ৰ পৰা মুক্ত নহয় যদিও, চৰিতটো নিৰ্মাণত পৰিচালক কিছু পৰিমানে সফল। এই চৰিত্ৰটোৰ ওচৰত নিস্প্ৰভ-- মূল চৰিত্ৰ "গোবৰ"। অপ্ৰয়োজনীয় "চৰিত্ৰ"ৰ ভিৰ গোবৰ" নিস্প্ৰভ হৈ পৰাৰ আন এটা দিশ। আমাৰ ধাৰণাত পৰিচালকৰ চৰিত্ৰ নিৰ্মাণ ডিজাইন, গল্পক গতি দিয়াৰ কেমেৰা ডিজাইন নাছিল। কিন্তু কেমেৰা ডিজাইনত মন দিছিল! কেমেৰাৰ ভাষাৰে "পৰিবেশ নিৰ্মাণ"ত মন দিছিল। 
--হয়, চিনেমা খনৰ কাহিনী নিৰ্মাণ কৰিছে গাঁৱত। বিশেষকৈ কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা গ্ৰাম্যছবিয়ে আমাক চুই গৈছে। ক'ব পাৰি, কাহিনীৰ গতিত ব্যৱহাৰ কৰা গ্ৰাাম্যছবি চিনেমা খনৰ প্ৰধান অলংকাৰ, ৰূপালী সৌন্দৰ্য। এই ইতিবাচক দিশৰ বাবে স্বাভাৱিকতে প্ৰশংসা কৰিব লাগিব পৰিচালক জয়ন্ত গোস্বামীয়ৰ লগতে চিত্ৰগ্ৰহণকাৰী চন্দন সাগৰক। গাওঁৰ ছবি খন আৰু সুন্দৰ কৰিবলৈ পৰিচালকে (সংগীতো পৰিচালক গোস্বামীৰ।) লক্ষ্মীনাথ বেজবৰুৱাই লিখা 
"ক'ত আছে এনে চাউল পানীত দিলে ভাত?
ক'ত এনে কুঁজীথেকেৰা টেঙাই যায় দাঁত ?
ক'ত পাবা পকাখৰিচা, ক'ত ঢেকীয়া শাক ?
এঠাদৈ ক'ত এনে নেৰায় ধুলে যাক।
হেৰা আমাৰ জন্মভূমি..." গীতটো ব্যৱহাৰ কৰিছে। (এই গীতটো ড° ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মাৰ কণ্ঠত বাণীবদ্ধ কৰিছিল। পূৰ্বে। চিনেমা খনত ব্যৱহাৰ হোৱা গীতটোত কণ্ঠদিন কৰিছে গায়ত্ৰী হাজৰিকাই।) গীতটোৰে অসমৰ এখন (চিনেমাৰ গল্পটোৰ) গাৱঁৰ ছবি আৰু সুন্দৰকৈ স্পষ্ট কৰিছে। গীতটোৰ চিত্ৰায়ণত কুঁহিয়াৰ পেৰা শাল আদি কেমেৰাৰ ফ্ৰেমলৈ আনিছে।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...