সরাসরি প্রধান সামগ্রীতে চলে যান

বোৰ্খা আৰু এগৰাকী অভিনেতা /চিনেচৰ্চা

এটা সৰু চৰিত্ৰ। অতি কম ফুটেজৰ চৰিত্ৰ। নিৰ্মাণ কৰিছে বিশ্বজিৎ বৰাই। বহু "চিনাকী মুখ"ৰ বেছি দৈৰ্ঘৰ চৰিত্ৰৰ মাজত আমাৰ চকুত কম দৈৰ্ঘৰ চৰিত্ৰটো পৰিছিল চিনেমেটিক অভিনয়ৰ বাবে। চিনেমা খনৰ নাম-- "বেলকনিত ভগৱান"। অভিনেতা গৰাকীক জনা নাছিলোঁ, জানিলোঁ "কুঁহিপাঠ" নামৰ চিনেমা খন চোৱাৰ পাছতহে। যোৱা ১২ মে' তাৰিখে চিনেমা খন চোৱাৰ পাছত অভিনেতা গৰাকীক জানিছিলোঁ, বুজিবলৈ চেষ্টা কৰিছিলোঁ! ইমান খিনি বুজিছিলোঁ-- অভিনয়ৰ বাবে অভিনয় কৰা অভিনেতা। সৰল ভাষাত "আভিনয় পাগল" বুলিয়ো কব পাৰি। আৰু জানিছিলোঁ, চৰিত্ৰ বুজি, "চৰিত্ৰ"লৈ নিজকে ৰূপান্তৰ কৰাৰ পাছতহে কেমেৰাৰ সন্মুখত শ্বট দিয়ে। --অভিনেতা গৰাকীৰ নাম যতীন খনিকৰ। 
যতীন খনিকৰ চৰ্চালৈ আহিছিল চন্দ্ৰ মুদৈৰ পৰিচালনাৰে নিৰ্মিত-- "গো গো আই"ত কৰা অভিনয়ৰে। মূল চৰিত্ৰটোত অভিনয় কৰিছিল। পৰিচালক-লেখক মুদৈয়ে COVID-19 lockdown-ৰ সময়ৰ এটা সঁচা কথাৰ আধাৰত কাহিনী, আৰু কাহিনীক গতি দিয়া চৰিত্ৰ (কাহিনীৰ মূল বিন্দু)  এটা নিৰ্মাণ কৰিছিল। কাহিনীৰ সেই মূল বিন্দুটো পৰিচালকে নিৰ্মাণ কৰিছিল যতীন খনিকৰক লৈ। চৰিত্ৰটো লকডাউনৰ সময়ত গুজৰাটৰ পৰা অসমলৈ যাত্ৰা কৰা এগৰাকী লোকৰ। চিনেমা খনৰ মূল সৌন্দৰ্য খনিকৰৰ অভিনয়।
--এই গৰাকী অভিনেতাক লৈ আৰু ভালেমান ভাল চৰিত্ৰ নিৰ্মাণ হৈছে। শেহতীয়া ভাবে নিৰ্মাণ হোৱা এটা চৰিত্ৰৰ নিৰ্মাতা হীৰেণ বৰা। চিনেমা: বোৰ্খা (the veil)। কাহিনী: জিতুমণি বৰাৰ। চিত্ৰনাট্য লিখিছে নৰেন পাটগিৰিয়ে। 
চিনেমা খনৰ মুখ্য সহকাৰী পৰিচালক মলয় ৰয়, সহকাৰী পৰিচালক সুমনা সুৰভি, কলা নির্দেশক পংকজ বেজবৰুৱা, ব্যৱস্থাপনা হীৰেণ কলিতাৰ লগতে কেমেৰাত পাপু ডেকা আৰু কেমেৰা সহযোগী মৃদুপৱন বৰ্মন, দেৱাশিস প্রাণকৃষ্ণ বৰা। সাজসজ্জাত ৰ'জী বৰা, সম্পাদনাত দীপক মণ্ডল, শব্দগ্রহণ বলেন পাঠক আৰু ব্যৱস্থাপনা সমন্বয়ক নৱকুমাৰ কলিতা। ৰি-ৰেকৰ্ডিং হিমান্ত কুমাৰ গগৈ আৰু কল্পনা ভূঞাঁ গগৈৰ। অন্যান্য চৰিত্ৰত অভিনয় কৰিছে, ৰঞ্জিত কুমাৰ দাস, ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, ডাঃ নৰেশ্বৰ শৰ্মা, ৰ'দালী বৰা, দুর্গাশ্ৰী বৰা, আদ্রিতা পৰশা মহন্ত, ৰ'জী বৰা, অহিত খান, দীপাংকৰ দেৱ বৰাল, জেচমিন খাতুন, ৰেজাউল কবিৰ, আজাদ উচমান গনি, কাচভি বৰুৱা আহমেদ আৰু শিশু শিল্পী নিৰজ শৰ্মা।
কথা প্ৰসংগত পৰিচালক বৰাই ক'লে-- "কষ্ট কৰিব পৰা অভিনেতা। অভিনয় জানে, অভিনয় বুজে। চৰিত্ৰটো নিৰ্মাণৰ বাবে যেনেদৰে বিচাৰিছিলোঁ, তেনেদৰে সহায় কৰিছিল। এনে স্তৰৰ অভিনেতা পালে পৰিচালকৰ পৰিশ্ৰম কৰিবলৈ আগ্ৰহ বাঢ়ে।"







মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...