সরাসরি প্রধান সামগ্রীতে চলে যান

প্রতিশ্রুতি/ চিনে সংবাদ

কিশোৰ তহবিলদাৰ নাটকৰ মানুহ। serious drama worker-- নাট্যকাৰ, নাটক পৰিচালক, অভিনেতা। এদিন আহিছিল আমাৰ গৃহলৈ, আহি নাটকৰ কথা পতা নাছিল, চিনেমাৰ কথা পাতিছিল। কৈছিল-- "চিনেমা কৰাৰ মন। চিত্ৰনাট্য লিখি আছোঁ, লগতে 'চিনেমা' পঢ়ি আছোঁ।" কথাৰ পৰা আমি ধাৰণা কৰিছিলোঁ, "নাটক"ৰ আঁতৰত থাকি চিনেকৰ্ম কৰিব। আমাৰ ধাৰণা কিমান শুদ্ধ-- সেয়া স্পষ্ট হোৱাৰ বাবে কিশোৰ তহবিলদাৰৰ চিনেমাৰ বাবে আমাৰ প্ৰথম আগ্ৰহ। পৰিচালক গৰাকীৰ প্ৰথম পৰিচালনা চিত্ৰগৃহলৈ অহা নাই, আহিব। দ্বিতীয় পৰিচালনা-- "প্ৰতিশ্ৰুতি"। চিত্ৰগৃহলৈ আহিব অহা ২৪ মে'ত। এই চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহৰ  দ্বিতীয় কাৰণ-- চিনেমা খনৰ বিষয়বস্তু। বিষয়বস্তু: ড্ৰাগছৰ ভয়াৱহতা, ড্ৰাগছ সমস্যা। 
চিনেমা খনৰ লেখক-পৰিচালক তহবিলদাৰৰ সৈতে চিনেমা খনৰ কাহিনী, বিষয়বস্তু চৰ্চা কৰিছিলোঁ। "চৰ্চা"ৰ পাছত আমাৰ ধাৰণা-- কাহিনীৰ বিন্দু দুটা। এটা বিন্দু পুলিছ বিষয়া (যিটো চৰিত্ৰ নিৰ্মাণ কৰিছে প্ৰস্তুতি পৰাশৰক লৈ), ড্ৰাগছৰ বিৰূদ্ধে পুলিছৰ অভিযান। দ্বিতীয়টো বিন্দু চহকী পৰিয়ালৰ এজন ড্ৰাগছ আসক্ত যুৱক। দ্বিতীয়টো বিন্দুৰ গতিত সম্ভৱতঃ সংগীত আহিব! ড্ৰাগছ আসক্ত যুৱক জনৰ মন-মগজু ভৰি আছে সংগীতেৰে, লোক সংগীতেৰে। লোক সংগীত অধ্যয়ণত ব্যস্ত থকা এক যুৱতীৰ সান্নিধ্যলৈ আহে যুবক জন; আৰু যুৱতী গৰিকীৰ তাগিদাত যুবক জন ড্ৰাগছৰ পৰা মুক্ত হয়, সুৰ-সংগীতৰ মাজত বন্দি হয়। ড্ৰাগছ হাৰে, সংগীত জিকে! 
কাহিনীৰ গতিত চৰকাৰ আৰু ভিন্ন পক্ষই ড্ৰাগছৰ বিৰূদ্ধে ঠিয় হোৱাৰ পাছতো কিয় বন্ধ কৰিব পৰা নাই ইত্যাদি বিষয়ো আহিব।
--চিনেমা খনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে সিদ্ধার্থ কাশ্যপ, প্লাবিতা বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, চিন্ময় চক্রবর্তী আৰু গীতাবলী ৰাজকুমাৰীয়ে। কাহিনী: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰবাৰ। চিত্রনাট্য-সংলাপ কিশোৰ তাহবিলদাৰ আৰু ৰাতুল বৰুৱাৰ। সহকাৰী পৰিচালক: সমৰ জ্যোতি। দৃশ্যগ্রহণ কৰিছে সূৰুয ডেকা আৰু সুমন দুৱৰা, হিমানীল কাশ্যপ আৰু ৰাজ দত্তই। 
আমাৰ ধাৰণাত কাহিনীৰ প্ৰথমটো বিন্দুৰ গতিত এক্‌ছনে গুৰুত্ব পাব। এই বিন্দুটোৰ গতিত হয়তো প্ৰস্তুতিক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোৰ বিৰূদ্ধে ঠিয় কৰাব 
 বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা "খলনায়ক"ৰ চৰিত্ৰ এটা। বিভূতি ভূষণ হাজৰিকা মোৰ পছন্দৰ অভিনেতা। স্বাভাৱিকতে "চুই যাব পৰা" চৰিত্ৰ এটাৰ অপেক্ষাত আমি।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...