বলিউডত "ভূতৰ চিনেমা"ৰ নতুন বাট মুকলি কৰিছিল বিক্রম ভাট-মহেশ ভাটে (চিনেমা: ৰাজ। পৰিচালনা: বিক্ৰম ভাট, লেখক: মহেশ ভাট, গিৰীশ ধমিজা)। চৰ্চা মতে, চিনেমা খনৰ চিন্তা-পৰিকল্পনা: মহেশ ভাটৰ। ৫কোটি টকা বাজেটৰ চিনেমা খনৰ চিত্ৰগৃহত প্ৰথম পৰ্যায়ৰ উপাৰ্জন আছিল ৩৬ কোটি টকা। সন্দেহ নাই-- এই বজাৰ সফলতাৰ বাবে পৰৱৰ্তী সময়ত প্ৰৱাল ৰমনৰ "দৰ্না মানা হায়", অনুৰাগ বসুৰ "ছায়া", মণি শংকৰৰ "ৰুদ্ৰাক্ষ", মহেশ ভি মঞ্জৰেকাৰৰ পৰিচালনা "ৰাখত" আদি নিৰ্মাণ হয়। আমাৰ ধাৰণাত "পিশাচ" এই শৈলীৰ চিনেমা। সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হোৱা এই অসমীয়া চিনেমা খন পৰিচালনা কৰিছে অমিত ৰাগে। লেখকো অমিত ৰাগ। প্ৰযোজক: অনিমা লহকৰ , চিত্ৰগ্ৰহণ পাপু ডেকাৰ।
"ৰাজ" প্ৰথম বলিউডী "ভূতৰ চিনেমা" নহয়। "শাদি কি ৰাত" (১৯৩৫), "খুনী" (১৯৪৬), "মহল" (১৯৪৯), "বিছ ছাল বাদ" (১৯৬২) ৰ পৰা "খুনী এলেকা-The Prohibited Area" (১৯৯৯), "খোপদি: The Skull" (১৯৯৯) -লৈকে কেইবা খনো "ভূতৰ চিনেমা" নিৰ্মাণ হৈছে। ইয়াৰ ভিতৰত "ভাল চিনেমা" বুলি চৰ্চাৰ বিষয় হৈছিল কমল আমৰোহীৰ "মহল"। মূল চৰিত্ৰ দুটা নিৰ্মাণ কৰিছিল অশোক কুমাৰ, মধুবালাক লৈ। ("Mahal is a reincarnation and a ghost story"। "... Indian Hindi-language psychological supernatural horror film.") ব্যৱসায়িক দিশত সফল (আজিৰ হিচাপত প্ৰায় ২০০ কোটি টকা ব্যৱসায় কৰিছিল।) এই চিনেমা খন দৰ্শকে প্ৰেমৰ কাহিনী আৰু গীতৰ বাবে গ্ৰহণ কৰিছিল। ৮টা গীত ব্যৱহাৰ কৰিছিল, খেমচান্দ প্ৰকাশৰ সংগীতেৰে। গীত লিখিছিল-- জে নক্ষবে। ইয়াৰ পাছৰ সময় চোৱাত নিৰ্মাণ হোৱা সৰহ সংখ্যক "ভূতৰ চিনেমা"ক তৃতীয় শ্ৰেণীৰ চিনেমা বুলি কোৱা হয়। "তৃতীয় শ্ৰেণীৰ চিনেমা" ধাৰণা সলনি হৈছিল "ৰাজ"চিত্ৰগৃহলৈ অহাৰ পাছত।
--আমি আাশা কৰিব পাৰোঁ, "ৰাজ"ৰ (বলিউডত) দৰে "পিশাচ"-এ (আসমীয়া চিনেমাৰ) নতুন বাট মুকলি কৰিব! "পিশাচ" চিত্ৰগৃহলৈ আহিব অহা ২৬ জুলাইত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন