এখন বহু প্ৰচাৰিত দৈনিক কাকতত প্ৰকাশ পোৱা খবৰ কেইটা মানৰ কথা মনত ৰাখি এনেদৰে ক'ব পাৰোঁ-- কান চলচ্চিত্ৰ মহোৎসৱলৈ যোৱা অসমীয়া চিনেমাৰ সংখ্যা ৬-৭ খনৰ কম নহব। শুদ্ধ তথ্য-- এখনো যোৱা নাই। [এইখিনিতে মনলৈ আহে আৰিবাম শ্যাম শৰ্মাৰ পৰিচালনা-- Ishanou (The Chosen One)। এই মণিপুৰী চিনেমা খন ১৯৯১ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত আন চাৰ্টেইন ৰিগাৰ্ড (Un Certain Regard) শিতানত প্ৰদৰ্শিত হৈছিল।]
[এই খিনিতে কাকত খনত জড়িত থকা সময় চোৱাৰ আন এক 'তিতা অভিজ্ঞতা'-- দৈনিক কাকত খনত মাজে মাজে অদ্ভুত চিনেমা কেন্দ্ৰীক খবৰ ছপা হৈছিল। যেনে:'...' (দুঃখিত! চিনেমা খনৰ নাম পাহৰিলোঁ।) অসমীয়া চিনেমা খনে কান চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে। মই জড়িত থকা কাকত খনত এনে অদ্ভুত খবৰ পঢ়ি লাজ পাইছিলোঁ। সেয়েহে কাকত খনৰ মই সম্পাদনা কৰা পৃষ্ঠাটোত লিখিছিলোঁ-- "মন গ'লেই 'কান'লৈ"। মোক কাকত খনৰ 'মালিক' গৰাকীয়ে মাতি নি কৈছিল-- "আপোনাক মই বেয়া পাইছোঁ!" মই এসপ্তাহ পাছতে কাকত খনৰ পৰা আঁতৰি আহিছিলোঁ। সেই যে 'মালিক' গৰাকীয়ে 'বেয়া' পাইছিল, 'বেয়া' পোৱাৰ মূল্য আছিল মোৰ ১৮ মাহৰ পাৰিশ্ৰমিক।]
--ইণ্টাৰ নেটত "অ'স্কাৰ"লৈ যোৱি অসমীয়া চিনেমাৰ সন্ধান কৰিলে দুখনৰ নাম পোৱা যায়। কিন্তু আমি জনাত এখনহে-- "ভিলেজ ৰকষ্টাৰ্ছ"।
--এই যে ভুল খবৰবোৰ ছপা মাধ্যমত ছপা হয়, দৃশ্য মাধ্যমত চিঞৰি চিঞৰি কয় এয়া এক প্ৰকাৰ "প্ৰচাৰ বিলাস"। বিশেষ বিষয়টোত অজ্ঞ "প্ৰচাৰ মাধ্যমৰ মানুহ"ৰ সহায়ত "আজুৰি" লোৱা প্ৰচাৰ বিলাস। শুনা যায় একাংশ চিনেমা নিৰ্মাতাৰ এনে প্ৰচাৰ বিলাসৰ বাবে "বাজেট" থাকে।
-- ব্যাখ্যাৰ প্ৰয়োজন নাই, এনে ধৰণৰ প্ৰচাৰ বিলাসে "চিনেমা"ৰ ক্ষতি কৰে, "চিনেমা"ৰ ভুল বাট নিৰ্মাণ কৰে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন