সরাসরি প্রধান সামগ্রীতে চলে যান

স্বৰ্গৰথ / চিনে চৰ্চা

ৰূপালী গল্পটোৰ মূল বিন্দু এটা নহয়-- তিনিটা।

 এখন মৃতদেহ কঢ়িয়াই নিয়া গাড়ী-- স্বৰ্গৰথ, গাড়ী খনৰ চালক-- বৈকুণ্ঠ কলিতা। গাড়ী খন নিজৰ নহয়, লোকৰ। গাড়ীৰ মালিককে দিব লাগে সামান্য উপাৰ্জনৰ সৰহ ভাগ টকা। পত্নী আৰু আৰু এটি কন্যা সন্তানক লৈ বৈকুণ্ঠ কলিতাৰ সংসাৰ।  আৰ্থিক হেচাত জীৱন পাৰ কৰা বৈকুণ্ঠৰ সপোন আছে! সপোনক বাস্তৱ ৰূপত আগ বঢ়িই নিয়াৰ বাবে টকাৰ প্ৰয়োজন! "মই কিবা এটা কৰিম!" --পত্নীক কয় বৈকুণ্ঠই। সন্তানক ডাঙৰ-ডাঙৰ শিক্ষানুষ্ঠানত পঢ়োৱাৰ সপোন লৈ ফুৰা বৈকুণ্ঠ ৰূপালী গল্পটোৰ এটা মূল বিন্দু।

ৰূপালী গল্পটোৰ আন এটা মূল বিন্দু-- তিনি বন্ধু। ঋষভ, অভিজিত আৰু ৰবীনচন। উচ্চ শিক্ষাৰ বাবে আহি মহানগৰীৰ এটা ভাড়াঘৰত তিনিও একেলগে থাকে। এই তিনি বন্ধুৰো সপোন আছে! (ক্ৰিকেটাৰ ধোনীৰ ফেন অভিজিতে অৱশ্যে নিজৰ সপোনকলৈ মূৰ ঘমাই থকা স্তৰৰ নহয়, একো কৰিব নোৱাৰিলে ঘৰলৈ উভতি গৈ খেতি পথাৰত নামিব, গাহৰি কাটি বিক্ৰী কৰিব!) "সপোন"ক বাস্তৱৰ বাটত আগুৱাই নিবলৈ টকাৰ প্ৰয়োজন। "টকাৰ বাট" বিছাৰি পালে! অভিজিতৰ পৰিকল্পনা মতে তিনিও আগবাঢ়িল "মিচন স্বৰ্গৰথ"ত। সফল হ'ল। টকা হাতলৈ আহিল। কিন্তু!

--ৰূপালী গল্প আগবাঢ়িল। টকা লৈ ঘটনা ক্ৰমে বৈকুণ্ঠৰ স্বৰ্গৰথৰ যাত্ৰী হ'ল তিনি বন্ধু। তিনি বন্ধুই টকাৰ বেগ এৰি নিৰ্দিষ্ট স্থানত নামিল। টকা বৈকুণ্ঠৰ হাতত পৰিল। আৰু বৈকুণ্ঠৰ হাটৰ পৰা টকা কাঢ়ি ল'লে খাপ পিটি ৰৈ থকা দুই "পুলিছে"। এই দুই "পুলিছ" ৰূপালী গল্পটোৰ আন এটা মূল বিন্দু। দুই "পুলিছ"ৰো সপোন আছে, সপোনক বাস্তৱৰ বাটত আগবঢ়াই নিবলৈ টকা লাগে। (দুই "পুলিছ"ক কেন্দ্ৰ কৰি মজাৰ কাহিনী আছে। ঋষভ, অভিজিত আৰু ৰবীনচনৰো মজাৰ কাহিনী আছে। থাকক, এই মজাৰ কাহিনী চিত্ৰগৃহৰ ভিতৰতে থাকক!)


--চিনেমা খনৰ নাম: স্বৰ্গৰথ। ডঃসঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ প্ৰযোজনা। পৰিচালনা ৰাজেশ ভূঞাৰ। কাহিনী- চিত্ৰনাট্য ৰাজেশ ভূঞা, শান্তনু ৰৌমূৰীয়াৰ। পৰিচালক-চিত্ৰনাট্যকাৰৰ সফলতা: কাহিনীৰ সৰল ৰৈখিক গতি। সৰল ৰৈখিক গতিত অতীতচাৰণ (পৰিপাটিকৈ ব্যৱহাৰৰ বাবে) বাধা হোৱা নাই, সমস্যা হোৱা নাই। আমাৰ ধাৰণাত চিত্ৰনাট্যকাৰ-পৰিচালকে প্ৰথমে চৰিত্ৰ নিৰ্মাণ কৰিছে, চৰিত্ৰ কেন্দ্ৰিক কাহিনী নিৰ্মাণ কৰিছে। চৰিত্ৰ কেন্দ্ৰিক  কাহিনীৰ গতিত ব্যৱহাৰ কৰিছে শব্দ (ডাইজেটিক আৰু নন-ডাইজেটিক) সৌন্দৰ্য (ছাউণ্ড ডিজাইন:অমৃত প্ৰীতম আৰু দেৱজিত চাংমাই)। শব্দৰ দলং ব্যৱহাৰ কৰি দৃশ্যৰ দৃশ্যলৈ কাহিনীটো আগুৱাই নিয়াৰ পৰিপাটি কৌশল প্ৰয়োগ চিনেমা খনৰ ইতিবাচক দিশ। (এই খিনিতে পৰিচালক-চিত্ৰনাট্যকাৰ গল্প কোৱাৰ শৈলীক প্ৰশংসা কৰাৰ পাছতো ক'ব লাগিব-- গল্পৰ গতি একাংশ দৰ্শকৰ বাবে সমস্যা হ'ব পাৰে! স্থানীয় বজাৰত  ক্ষতি হ'ব পাৰে!) শব্দৰ প্ৰধান অংগ সংলাপো পৰিপাটি, মেদহীন। ড্ৰামাটিক (dramatic) নহয়, চিনেমেটিক। সংলাপ (আৰু গীতৰ কথা) শান্তনু ৰৌমূৰীয়াৰ। অনুৰাগ শইকীয়াৰ সংগীতো চিনেমা খনৰ  আন এক শব্দ সৌন্দৰ্য।

--চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণো চিনেমেটিক। বাস্তৱ অভিনয়ৰে নিৰ্মাণ কৰা। কেনী বসুমতাৰী, মাধুৰীমা চৌধুৰী, আকিদ জামান, হিমাংশু গগৈ, অনুষ্কা গোঁহাই আদিক লৈ নিৰ্মাণ কৰা প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ কৰ্ম পৰিপাটি। আমাক চুই যোৱা, মন-মগজুত ৰৈ যোৱা (অভিজিতৰ চৰিত্ৰত আভিনয় কৰা) কমললোচনৰ অভিনয় ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য, ৰূপালী সৌন্দৰ্য। তেনেদৰে বৈকুণ্ঠ কলিতাৰ চৰিত্ৰত সিদ্ধাৰ্থ শৰ্মাকো প্ৰশংসা নকৰিলে ভুল হ'ব। চিনেমা খনৰ কাহিনী আগবঢ়াইছে হাস্যৰসক গুৰুত্ব দি; কিন্তু হাস্য অভিনেতা হিচাপে জনপ্ৰিয় সিদ্ধাৰ্থক লৈ নৰ্মাণ কৰা চৰিত্ৰটো হাস্যৰসৰ পৰা বহু আঁতৰৰ।  "চৰিত্ৰ"টোত অভিনেতা গৰাকীৰ অভিনয় শক্তি, পৰিচালকৰ চিনেশক্তি স্পষ্ট।


আকৌ আহিছোঁ কাহিনীলৈ, বিষয় বস্তুলৈ। কাহিনীৰ গতিত "উৎকন্ঠা" আছে, "উৎকন্ঠা"ৰ শেষত হাঁহিৰ বাট। আৰু চিন্তাৰ খোৰাক। (চিনেমা খন চিত্ৰগৃহত চলি আছে। এই প্ৰসংগ মুকলিকৈ চৰ্চাৰ প্ৰয়োজন দেখা নাই।)

 --কাহিনীৰ শেষৰ ফালে নোটবন্দি প্ৰসংগ গুঠি দিয়াত ৰূপালী গল্পটোৰ সৌন্দৰ্য  আৰু বাঢ়ে, দৰ্শকৰ বাবে আৰু আকর্ষণপূর্ণ হয়। কাহিনীৰ গতিত চিনেমা খনৰ ভূগোল, ইতিহাস স্পষ্ট কৰি যোৱাটো পৰিচালনাৰ আন এটা ইতিবাচক দিশ।

চিনেমা খনৰ বিষয় বস্তু-- প্ৰতিজন মানুহৰে সপোন থাকে! "সপোন"ক বাস্তৱৰ বাটত আগুৱাই নিয়াৰ বাবে টকাৰ প্ৰয়োজন। --কাহিনীৰ গতিত আৰু এটা "বিষয় বস্তু" স্পষ্ট-- "মানৱতা"। স্বৰ্গৰথ চলোৱা বৈকুণ্ঠ কলিতাৰ দৰে মানুহৰ মাজত আজিও আছে "মানৱতা"! 

বিপৰীত ছবি-- চিকিৎসালয়ৰ পৰা বৈকুণ্ঠই কঢ়িয়াই নিয়া "গৰাকীবিহীন  মৃতদেহ"টোৰ ওচৰত বহুজন গৰাকীয়ে ভিৰ কৰিলে, যেতিয়া মৃতদেহটো নি ঘৰৰ চোতালত শুৱাই দিয়া হ'ল। কিয়? সম্পত্তিৰ ভাগৰ আশাত। এনে ধৰণৰ বহু কথা পৰিচালকে কৈ গৈছে, গল্পৰ গতিত। 

শেষত উল্লেখ নকৰিলে আধৰুৱা হ'ব-- পৰিচালকক ৰূপালী গল্পটোক গতি দিয়াত সহায় কৰিছে আৰু দুগৰাকী চিনেকৰ্মীয়ে-- প্ৰদীপ দৈমাৰী (চিত্ৰগ্ৰহণ), প্ৰতীম খাউণ্ডে (ৰাজা/ সম্পাদনা)।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...