সরাসরি প্রধান সামগ্রীতে চলে যান

স্বৰ্গৰথ / চিনে চৰ্চা

ৰূপালী গল্পটোৰ মূল বিন্দু এটা নহয়-- তিনিটা।

 এখন মৃতদেহ কঢ়িয়াই নিয়া গাড়ী-- স্বৰ্গৰথ, গাড়ী খনৰ চালক-- বৈকুণ্ঠ কলিতা। গাড়ী খন নিজৰ নহয়, লোকৰ। গাড়ীৰ মালিককে দিব লাগে সামান্য উপাৰ্জনৰ সৰহ ভাগ টকা। পত্নী আৰু আৰু এটি কন্যা সন্তানক লৈ বৈকুণ্ঠ কলিতাৰ সংসাৰ।  আৰ্থিক হেচাত জীৱন পাৰ কৰা বৈকুণ্ঠৰ সপোন আছে! সপোনক বাস্তৱ ৰূপত আগ বঢ়িই নিয়াৰ বাবে টকাৰ প্ৰয়োজন! "মই কিবা এটা কৰিম!" --পত্নীক কয় বৈকুণ্ঠই। সন্তানক ডাঙৰ-ডাঙৰ শিক্ষানুষ্ঠানত পঢ়োৱাৰ সপোন লৈ ফুৰা বৈকুণ্ঠ ৰূপালী গল্পটোৰ এটা মূল বিন্দু।

ৰূপালী গল্পটোৰ আন এটা মূল বিন্দু-- তিনি বন্ধু। ঋষভ, অভিজিত আৰু ৰবীনচন। উচ্চ শিক্ষাৰ বাবে আহি মহানগৰীৰ এটা ভাড়াঘৰত তিনিও একেলগে থাকে। এই তিনি বন্ধুৰো সপোন আছে! (ক্ৰিকেটাৰ ধোনীৰ ফেন অভিজিতে অৱশ্যে নিজৰ সপোনকলৈ মূৰ ঘমাই থকা স্তৰৰ নহয়, একো কৰিব নোৱাৰিলে ঘৰলৈ উভতি গৈ খেতি পথাৰত নামিব, গাহৰি কাটি বিক্ৰী কৰিব!) "সপোন"ক বাস্তৱৰ বাটত আগুৱাই নিবলৈ টকাৰ প্ৰয়োজন। "টকাৰ বাট" বিছাৰি পালে! অভিজিতৰ পৰিকল্পনা মতে তিনিও আগবাঢ়িল "মিচন স্বৰ্গৰথ"ত। সফল হ'ল। টকা হাতলৈ আহিল। কিন্তু!

--ৰূপালী গল্প আগবাঢ়িল। টকা লৈ ঘটনা ক্ৰমে বৈকুণ্ঠৰ স্বৰ্গৰথৰ যাত্ৰী হ'ল তিনি বন্ধু। তিনি বন্ধুই টকাৰ বেগ এৰি নিৰ্দিষ্ট স্থানত নামিল। টকা বৈকুণ্ঠৰ হাতত পৰিল। আৰু বৈকুণ্ঠৰ হাটৰ পৰা টকা কাঢ়ি ল'লে খাপ পিটি ৰৈ থকা দুই "পুলিছে"। এই দুই "পুলিছ" ৰূপালী গল্পটোৰ আন এটা মূল বিন্দু। দুই "পুলিছ"ৰো সপোন আছে, সপোনক বাস্তৱৰ বাটত আগবঢ়াই নিবলৈ টকা লাগে। (দুই "পুলিছ"ক কেন্দ্ৰ কৰি মজাৰ কাহিনী আছে। ঋষভ, অভিজিত আৰু ৰবীনচনৰো মজাৰ কাহিনী আছে। থাকক, এই মজাৰ কাহিনী চিত্ৰগৃহৰ ভিতৰতে থাকক!)


--চিনেমা খনৰ নাম: স্বৰ্গৰথ। ডঃসঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ প্ৰযোজনা। পৰিচালনা ৰাজেশ ভূঞাৰ। কাহিনী- চিত্ৰনাট্য ৰাজেশ ভূঞা, শান্তনু ৰৌমূৰীয়াৰ। পৰিচালক-চিত্ৰনাট্যকাৰৰ সফলতা: কাহিনীৰ সৰল ৰৈখিক গতি। সৰল ৰৈখিক গতিত অতীতচাৰণ (পৰিপাটিকৈ ব্যৱহাৰৰ বাবে) বাধা হোৱা নাই, সমস্যা হোৱা নাই। আমাৰ ধাৰণাত চিত্ৰনাট্যকাৰ-পৰিচালকে প্ৰথমে চৰিত্ৰ নিৰ্মাণ কৰিছে, চৰিত্ৰ কেন্দ্ৰিক কাহিনী নিৰ্মাণ কৰিছে। চৰিত্ৰ কেন্দ্ৰিক  কাহিনীৰ গতিত ব্যৱহাৰ কৰিছে শব্দ (ডাইজেটিক আৰু নন-ডাইজেটিক) সৌন্দৰ্য (ছাউণ্ড ডিজাইন:অমৃত প্ৰীতম আৰু দেৱজিত চাংমাই)। শব্দৰ দলং ব্যৱহাৰ কৰি দৃশ্যৰ দৃশ্যলৈ কাহিনীটো আগুৱাই নিয়াৰ পৰিপাটি কৌশল প্ৰয়োগ চিনেমা খনৰ ইতিবাচক দিশ। (এই খিনিতে পৰিচালক-চিত্ৰনাট্যকাৰ গল্প কোৱাৰ শৈলীক প্ৰশংসা কৰাৰ পাছতো ক'ব লাগিব-- গল্পৰ গতি একাংশ দৰ্শকৰ বাবে সমস্যা হ'ব পাৰে! স্থানীয় বজাৰত  ক্ষতি হ'ব পাৰে!) শব্দৰ প্ৰধান অংগ সংলাপো পৰিপাটি, মেদহীন। ড্ৰামাটিক (dramatic) নহয়, চিনেমেটিক। সংলাপ (আৰু গীতৰ কথা) শান্তনু ৰৌমূৰীয়াৰ। অনুৰাগ শইকীয়াৰ সংগীতো চিনেমা খনৰ  আন এক শব্দ সৌন্দৰ্য।

--চিনেমা খনৰ চৰিত্ৰ নিৰ্মাণো চিনেমেটিক। বাস্তৱ অভিনয়ৰে নিৰ্মাণ কৰা। কেনী বসুমতাৰী, মাধুৰীমা চৌধুৰী, আকিদ জামান, হিমাংশু গগৈ, অনুষ্কা গোঁহাই আদিক লৈ নিৰ্মাণ কৰা প্ৰতিটো চৰিত্ৰৰে নিৰ্মাণ কৰ্ম পৰিপাটি। আমাক চুই যোৱা, মন-মগজুত ৰৈ যোৱা (অভিজিতৰ চৰিত্ৰত আভিনয় কৰা) কমললোচনৰ অভিনয় ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য, ৰূপালী সৌন্দৰ্য। তেনেদৰে বৈকুণ্ঠ কলিতাৰ চৰিত্ৰত সিদ্ধাৰ্থ শৰ্মাকো প্ৰশংসা নকৰিলে ভুল হ'ব। চিনেমা খনৰ কাহিনী আগবঢ়াইছে হাস্যৰসক গুৰুত্ব দি; কিন্তু হাস্য অভিনেতা হিচাপে জনপ্ৰিয় সিদ্ধাৰ্থক লৈ নৰ্মাণ কৰা চৰিত্ৰটো হাস্যৰসৰ পৰা বহু আঁতৰৰ।  "চৰিত্ৰ"টোত অভিনেতা গৰাকীৰ অভিনয় শক্তি, পৰিচালকৰ চিনেশক্তি স্পষ্ট।


আকৌ আহিছোঁ কাহিনীলৈ, বিষয় বস্তুলৈ। কাহিনীৰ গতিত "উৎকন্ঠা" আছে, "উৎকন্ঠা"ৰ শেষত হাঁহিৰ বাট। আৰু চিন্তাৰ খোৰাক। (চিনেমা খন চিত্ৰগৃহত চলি আছে। এই প্ৰসংগ মুকলিকৈ চৰ্চাৰ প্ৰয়োজন দেখা নাই।)

 --কাহিনীৰ শেষৰ ফালে নোটবন্দি প্ৰসংগ গুঠি দিয়াত ৰূপালী গল্পটোৰ সৌন্দৰ্য  আৰু বাঢ়ে, দৰ্শকৰ বাবে আৰু আকর্ষণপূর্ণ হয়। কাহিনীৰ গতিত চিনেমা খনৰ ভূগোল, ইতিহাস স্পষ্ট কৰি যোৱাটো পৰিচালনাৰ আন এটা ইতিবাচক দিশ।

চিনেমা খনৰ বিষয় বস্তু-- প্ৰতিজন মানুহৰে সপোন থাকে! "সপোন"ক বাস্তৱৰ বাটত আগুৱাই নিয়াৰ বাবে টকাৰ প্ৰয়োজন। --কাহিনীৰ গতিত আৰু এটা "বিষয় বস্তু" স্পষ্ট-- "মানৱতা"। স্বৰ্গৰথ চলোৱা বৈকুণ্ঠ কলিতাৰ দৰে মানুহৰ মাজত আজিও আছে "মানৱতা"! 

বিপৰীত ছবি-- চিকিৎসালয়ৰ পৰা বৈকুণ্ঠই কঢ়িয়াই নিয়া "গৰাকীবিহীন  মৃতদেহ"টোৰ ওচৰত বহুজন গৰাকীয়ে ভিৰ কৰিলে, যেতিয়া মৃতদেহটো নি ঘৰৰ চোতালত শুৱাই দিয়া হ'ল। কিয়? সম্পত্তিৰ ভাগৰ আশাত। এনে ধৰণৰ বহু কথা পৰিচালকে কৈ গৈছে, গল্পৰ গতিত। 

শেষত উল্লেখ নকৰিলে আধৰুৱা হ'ব-- পৰিচালকক ৰূপালী গল্পটোক গতি দিয়াত সহায় কৰিছে আৰু দুগৰাকী চিনেকৰ্মীয়ে-- প্ৰদীপ দৈমাৰী (চিত্ৰগ্ৰহণ), প্ৰতীম খাউণ্ডে (ৰাজা/ সম্পাদনা)।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...