সরাসরি প্রধান সামগ্রীতে চলে যান

ভূপেন হাজৰিকা: ওচৰৰ পৰা, আঁতৰৰ পৰা/২

কথা প্রসংগত এদিন আৰছদ ৰিয়াজে কৈছিল-- "তই অসমৰ-- যেতিয়া ভূপেন হাজৰিকাক নিশ্চয় জানিবি! তই  মোৰ সৈতে ভূপেন হাজৰিকাৰ ওচৰলৈ যাব লাগিব। মই দীঘল সাক্ষাৎকাৰ এটা লব লাগে। 'সময়' লোৱা আছে।... আৰু তোৰ ওচৰত ভূপেন হাজৰিকাৰ গীত আছে নহয়!-- শুনিম।"

ভূপেন হাজৰিকাক মই নাজানিম! 
ভূপেন হাজৰিকাই কিন্তু মোক নাজানে। --মই কৈছিলোঁ। 
--সেইদিনা ভূপেন হাজৰিকাৰ গীতৰ কথা কৈছিলোঁ, মোৰ ঘৰত ভূপেন হাজৰিকাৰ গীত শুনাইছিলোঁ আৰছদ ৰিয়াজক। 
মোৰ হাতত বেনী মাধব সম্পাদিত "শিল্পীব পৃথিবী" আছিল। ভূপেন হাজৰিকাৰ বিশেষ সংখ্যা। তাৰ পৰা কিছু তথ্য "শুনালো"। আৰছদ বিয়াজে টোকা বহীত টুকি লৈছিল।

আৰু নির্দিষ্ট দিনটোত "প্রশ্ন"লৈ ভূপেন হাজৰিকাৰ সম্মুখত বহিছিল আৰছদ ৰিয়াজ। 
আৰছদ ৰিয়াজৰ সোফালে বহিছিলোঁ মই। সাক্ষাৎকাৰ'ৰ সময় খিনিত মোৰ দৃষ্টি কেবল ভূপেন হাজৰিকাৰ চেহেৰাত। 
এটা 'শব্দ'ও কোৱা নাছিলো। 
মই দিয়া তথ্যবোৰক  "প্রশ্ন" কৰি সাক্ষাৎকাৰ আগবঢ়াই নিছিল আৰছদ ৰিয়াজে।
 'আৰোপ', 'চিৰাজ' 'জ্যোতিপ্রসাদ-বিষ্ণুপ্রসাদ', 'এবাবাটৰ সুৰ' একোৰে বাদ পৰা নাছিল। 
মুম্বাইৰ বহু প্রচলিত দৈনিক কাকত এখনত প্রকাশ পাইছিল সাক্ষাৎকাৰটো। চাৰি পৃষ্ঠাৰ সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোৰ পাতনিতে লিখিছিল- এছ ডি বর্মন, আৰ ডি বর্মনৰ লগতে লোক সংগীতেৰে বলীউডৰ সংগীতৰ ভড়াল ডঃ ভূপেন হাজৰিকাই চহকী কৰিছে বুলি। 
সাক্ষাৎকাৰটোৰ শেষত 'সৰু পইন্ট'ত মোৰ নামটোও দিছে- কৃতজ্ঞতা প্রকাশ কৰি। সেই সাক্ষাৎকাৰটোৰ আঁত ধৰি 'আজি 'ৰ ৩১ ডিচেম্বৰ, ২০০২ সংখ্যাত লিখিছিলোঁ (প্রথম পৃষ্ঠাত ছপা হৈছিল)--
"গান' (বন্দুক) নহয়, গানেৰে (গীত) 'যুদ্ধ' কৰি যাব খোজা জনগণৰ শিল্পী ডঃ ভূপেন হাজৰিকা আজিও হোৱা নাই ক্লান্ত। 
গানেৰে আজিও অব্যাহত ৰাখিছে সংগ্রাম। সেই তাহানিতে (১৯৪৩ চনত) ৰেকর্ডিং স্টুডিঅ'ত গাইছিল 'অ' মইনা কেতিয়া আহিলি তই/অহাবে লগতে বননিৰ মাজতে/ফুলে বনৰীয়া জাই...' সেই একে গতিৰে, একে উৎসাহেৰে আজিৰ তাৰিখতো বেকর্ডিং স্টুডিঅ'ত গাইছে 'গুম গুম মেঘে গবজিলে...', 'মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ...', 'ছিয়াঙবে গালং ...', 'ৰিণিকি ৰিণিকি শুনিছো...', 'অ' থুনুকা...' 'কাহিনী এটা লিখা...', 'ঘৰ আমাৰ মাটিৰ ঘৰ...' আৰু 'মোৰ গীতৰ হেৰজাৰ শ্রোতায়...'। 
-- হয়, 'হেজাৰ শ্রোতা'। ভূপেনদাৰ গীতৰ, ডঃ ভূপেন হাজৰিকাৰ গীতৰ। সেয়েহে শিল্পীগৰাকীয়ে বাধ্য হৈছে জনপ্রিয় গীতবোৰ পুনৰ ৰেকর্ডিং স্টুডিঅ'ত গাবলৈ। বাধ্য কৰাইছে শ্রোতাৰ মৰমে। শেহতীয়াভাবে স্টুডিঅ'ৰ মজিয়াত গোৱা আঠটা গীতৰ ভিতৰত পাঁচটা গীতবেই ৰেকর্ডিং সম্পূর্ণ হৈছে। বাকী তিনিটা গীতৰ ৰেকর্ডিঙৰ কাম সম্পূর্ণ হোৱাৰ পিছতেই শ্রবা কেছেটতো বজাৰত উলিয়াই দিব। 
--কেবল আঠটা আধুনিক গীতেই নে?
-- নহয়, আঠটা আধুনিক গীতৰ শ্রব্য কেছেটৰ লগতে আৰু সাতটা জ্যোতি সংগীতো ৰেকর্ডিং স্টুডিঅ'ত গালে জনগণৰ শিল্পীগৰাকীয়ে। জ্যোতি সংগীতৰ চিডিখনত পুৰণি ছটা গীতৰ লগতে জ্যোতিপ্রসাদে লিখি সুৰেৰে সজাই থৈ যোৱা নতুন গীত 'সোঁৱৰণি অ' সোঁৱৰণি...' সন্নিবিষ্ট কৰিছে। উল্লেখ্য যে জ্যোতি সংগীতৰ চিডিখনত "জ্যোতিককাইদেউ"ৰ সান্নিধ্যও ৰোমন্থন কৰিব শিল্পীগৰাকীয়ে। শিল্পীগৰাকীয়ে "জ্যোতি ককাইদেউ"ক কেনেদৰে লগ পাইছিল, হাৰমণিয়ামৰ ৰীডত আঙুলি বুলাই কেনেকৈ গীতৰ আখৰা কৰাইছিল আদি সুমধুৰ স্মৃতি গীতৰ মাজে মাজে ৰোমন্থন কৰি গৈছে। (আৰু আছে)
*এই লেখা প্ৰথমবাৰ প্ৰকাশ পাইছিল আজিত কুমাৰ ভূঞা সম্পাদিত সাপ্তাহিক কাকত "নতুন সময়"ত।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...