কথা প্রসংগত এদিন আৰছদ ৰিয়াজে কৈছিল-- "তই অসমৰ-- যেতিয়া ভূপেন হাজৰিকাক নিশ্চয় জানিবি! তই মোৰ সৈতে ভূপেন হাজৰিকাৰ ওচৰলৈ যাব লাগিব। মই দীঘল সাক্ষাৎকাৰ এটা লব লাগে। 'সময়' লোৱা আছে।... আৰু তোৰ ওচৰত ভূপেন হাজৰিকাৰ গীত আছে নহয়!-- শুনিম।"
ভূপেন হাজৰিকাক মই নাজানিম!
ভূপেন হাজৰিকাই কিন্তু মোক নাজানে। --মই কৈছিলোঁ।
--সেইদিনা ভূপেন হাজৰিকাৰ গীতৰ কথা কৈছিলোঁ, মোৰ ঘৰত ভূপেন হাজৰিকাৰ গীত শুনাইছিলোঁ আৰছদ ৰিয়াজক।
মোৰ হাতত বেনী মাধব সম্পাদিত "শিল্পীব পৃথিবী" আছিল। ভূপেন হাজৰিকাৰ বিশেষ সংখ্যা। তাৰ পৰা কিছু তথ্য "শুনালো"। আৰছদ বিয়াজে টোকা বহীত টুকি লৈছিল।
আৰু নির্দিষ্ট দিনটোত "প্রশ্ন"লৈ ভূপেন হাজৰিকাৰ সম্মুখত বহিছিল আৰছদ ৰিয়াজ।
আৰছদ ৰিয়াজৰ সোফালে বহিছিলোঁ মই। সাক্ষাৎকাৰ'ৰ সময় খিনিত মোৰ দৃষ্টি কেবল ভূপেন হাজৰিকাৰ চেহেৰাত।
এটা 'শব্দ'ও কোৱা নাছিলো।
মই দিয়া তথ্যবোৰক "প্রশ্ন" কৰি সাক্ষাৎকাৰ আগবঢ়াই নিছিল আৰছদ ৰিয়াজে।
'আৰোপ', 'চিৰাজ' 'জ্যোতিপ্রসাদ-বিষ্ণুপ্রসাদ', 'এবাবাটৰ সুৰ' একোৰে বাদ পৰা নাছিল।
মুম্বাইৰ বহু প্রচলিত দৈনিক কাকত এখনত প্রকাশ পাইছিল সাক্ষাৎকাৰটো। চাৰি পৃষ্ঠাৰ সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোৰ পাতনিতে লিখিছিল- এছ ডি বর্মন, আৰ ডি বর্মনৰ লগতে লোক সংগীতেৰে বলীউডৰ সংগীতৰ ভড়াল ডঃ ভূপেন হাজৰিকাই চহকী কৰিছে বুলি।
সাক্ষাৎকাৰটোৰ শেষত 'সৰু পইন্ট'ত মোৰ নামটোও দিছে- কৃতজ্ঞতা প্রকাশ কৰি। সেই সাক্ষাৎকাৰটোৰ আঁত ধৰি 'আজি 'ৰ ৩১ ডিচেম্বৰ, ২০০২ সংখ্যাত লিখিছিলোঁ (প্রথম পৃষ্ঠাত ছপা হৈছিল)--
"গান' (বন্দুক) নহয়, গানেৰে (গীত) 'যুদ্ধ' কৰি যাব খোজা জনগণৰ শিল্পী ডঃ ভূপেন হাজৰিকা আজিও হোৱা নাই ক্লান্ত।
গানেৰে আজিও অব্যাহত ৰাখিছে সংগ্রাম। সেই তাহানিতে (১৯৪৩ চনত) ৰেকর্ডিং স্টুডিঅ'ত গাইছিল 'অ' মইনা কেতিয়া আহিলি তই/অহাবে লগতে বননিৰ মাজতে/ফুলে বনৰীয়া জাই...' সেই একে গতিৰে, একে উৎসাহেৰে আজিৰ তাৰিখতো বেকর্ডিং স্টুডিঅ'ত গাইছে 'গুম গুম মেঘে গবজিলে...', 'মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ...', 'ছিয়াঙবে গালং ...', 'ৰিণিকি ৰিণিকি শুনিছো...', 'অ' থুনুকা...' 'কাহিনী এটা লিখা...', 'ঘৰ আমাৰ মাটিৰ ঘৰ...' আৰু 'মোৰ গীতৰ হেৰজাৰ শ্রোতায়...'।
-- হয়, 'হেজাৰ শ্রোতা'। ভূপেনদাৰ গীতৰ, ডঃ ভূপেন হাজৰিকাৰ গীতৰ। সেয়েহে শিল্পীগৰাকীয়ে বাধ্য হৈছে জনপ্রিয় গীতবোৰ পুনৰ ৰেকর্ডিং স্টুডিঅ'ত গাবলৈ। বাধ্য কৰাইছে শ্রোতাৰ মৰমে। শেহতীয়াভাবে স্টুডিঅ'ৰ মজিয়াত গোৱা আঠটা গীতৰ ভিতৰত পাঁচটা গীতবেই ৰেকর্ডিং সম্পূর্ণ হৈছে। বাকী তিনিটা গীতৰ ৰেকর্ডিঙৰ কাম সম্পূর্ণ হোৱাৰ পিছতেই শ্রবা কেছেটতো বজাৰত উলিয়াই দিব।
--কেবল আঠটা আধুনিক গীতেই নে?
-- নহয়, আঠটা আধুনিক গীতৰ শ্রব্য কেছেটৰ লগতে আৰু সাতটা জ্যোতি সংগীতো ৰেকর্ডিং স্টুডিঅ'ত গালে জনগণৰ শিল্পীগৰাকীয়ে। জ্যোতি সংগীতৰ চিডিখনত পুৰণি ছটা গীতৰ লগতে জ্যোতিপ্রসাদে লিখি সুৰেৰে সজাই থৈ যোৱা নতুন গীত 'সোঁৱৰণি অ' সোঁৱৰণি...' সন্নিবিষ্ট কৰিছে। উল্লেখ্য যে জ্যোতি সংগীতৰ চিডিখনত "জ্যোতিককাইদেউ"ৰ সান্নিধ্যও ৰোমন্থন কৰিব শিল্পীগৰাকীয়ে। শিল্পীগৰাকীয়ে "জ্যোতি ককাইদেউ"ক কেনেদৰে লগ পাইছিল, হাৰমণিয়ামৰ ৰীডত আঙুলি বুলাই কেনেকৈ গীতৰ আখৰা কৰাইছিল আদি সুমধুৰ স্মৃতি গীতৰ মাজে মাজে ৰোমন্থন কৰি গৈছে। (আৰু আছে)
*এই লেখা প্ৰথমবাৰ প্ৰকাশ পাইছিল আজিত কুমাৰ ভূঞা সম্পাদিত সাপ্তাহিক কাকত "নতুন সময়"ত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন