সরাসরি প্রধান সামগ্রীতে চলে যান

ৰজত কমল ২০২২, "এমুঠি পুঠি"লৈ: চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)।

"এমুঠি পুঠি"লৈ ২০২২ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰজত কমল। চিনেমা খনৰ পৰিচালক কুলনন্দিনী মহন্ত। চিনেমা খনৰ লেখক "কথানদী", "আমিষ"ৰে চৰ্চালৈ অহা পৰিচালক ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্ত। স্বাভাৱিকতে "এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ"ৰ গল্পৰ গতি, বিষয়বস্তুত আমি অনুভৱ কৰিছিলোঁ নতুন চিনেচিন্তা। তেনেদৰে পৰিচালকেও চিনে গল্পটোক গতি দিছে নতুন বাট কাটি। পৰিচালকে ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে অভিনয়, সংগীত ইত্যাদি। চৰিত্ৰ নিৰ্মান কৰিছিল কেনী বসুমতাৰী, মনোজ বৰকটকী, ৰুবুল বড়ো, নিতালী দাস, প্ৰতিভা চৌধুৰী, সৃষ্টি শৰ্মা, মণীষা ভূঞা আদিক লৈ। ৰূপালী গল্পটোৰ মূল বিন্দু --এগৰাকী কিশোৰী। মনত ক্ষোভ! ক্ষোভ বিদ্ৰোহলৈ ৰূপান্তৰ হয়, আৰু এদিন মাজনিশা ঘৰ এৰে। ঘৰ এৰি যাত্ৰা কৰে ৰহস্যময় মাছৰ সন্ধানত, আইতাকৰ সৈতে। কিশোৰী আৰু আইতাকৰ পিছ লয় এগৰাকী আৰক্ষীয়ে। কাহিনীয়ে গতি লয়, দৰ্শকে জানিব পাৰে-- (কাকতালীয়ভাৱে) কিশোৰী গৰাকীৰ মাক, আইতাকৰ জীয়েক আৰক্ষী গৰাকী। মজাৰ চিনে যাত্ৰা জটিল মানৱীয় আৱেগেৰে সিক্ত। মধুৰ চিনে অনুভৱ! কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে ৰূপালী গল্পটোক গতি দিছে গীতেৰে। ব্যৱহাৰ কৰা গীতৰ লগতে বেছহোলৰ (মনদ্বীপ তাৰো) আৱহ সংগীত চিনেমা খনৰ আন এক সৌন্দৰ্য। উল্লেখ্য যে এই পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি  ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)। ১১৫ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৭ জুন ২০২২-ত। স্থানীয় বজাৰত চিনেমা খনৰ ব্যৱসায় আছিল-- "এভাৰেজ"। 
------------
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২২

কুলনন্দিনী মহন্তৰ 'এমুঠি পুঠি'লৈ শ্ৰেষ্ঠ অসমীয়া চিনেমা ৰজত কমল । 
ড° ববী শৰ্মা বৰুৱাৰ 'ছিকাল'লৈ শ্ৰেষ্ঠ তিৱা চিনেমাৰ ৰজত কমল । 
পাৰ্থসাৰথি মহন্ত আৰু আইমী বৰুৱাৰ তথ্যচিত্ৰলৈ জুৰীৰ বিশেষ উল্লেখ ।




মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...