ৰজত কমল ২০২২, "এমুঠি পুঠি"লৈ: চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)।
"এমুঠি পুঠি"লৈ ২০২২ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰজত কমল। চিনেমা খনৰ পৰিচালক কুলনন্দিনী মহন্ত। চিনেমা খনৰ লেখক "কথানদী", "আমিষ"ৰে চৰ্চালৈ অহা পৰিচালক ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্ত। স্বাভাৱিকতে "এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ"ৰ গল্পৰ গতি, বিষয়বস্তুত আমি অনুভৱ কৰিছিলোঁ নতুন চিনেচিন্তা। তেনেদৰে পৰিচালকেও চিনে গল্পটোক গতি দিছে নতুন বাট কাটি। পৰিচালকে ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে অভিনয়, সংগীত ইত্যাদি। চৰিত্ৰ নিৰ্মান কৰিছিল কেনী বসুমতাৰী, মনোজ বৰকটকী, ৰুবুল বড়ো, নিতালী দাস, প্ৰতিভা চৌধুৰী, সৃষ্টি শৰ্মা, মণীষা ভূঞা আদিক লৈ। ৰূপালী গল্পটোৰ মূল বিন্দু --এগৰাকী কিশোৰী। মনত ক্ষোভ! ক্ষোভ বিদ্ৰোহলৈ ৰূপান্তৰ হয়, আৰু এদিন মাজনিশা ঘৰ এৰে। ঘৰ এৰি যাত্ৰা কৰে ৰহস্যময় মাছৰ সন্ধানত, আইতাকৰ সৈতে। কিশোৰী আৰু আইতাকৰ পিছ লয় এগৰাকী আৰক্ষীয়ে। কাহিনীয়ে গতি লয়, দৰ্শকে জানিব পাৰে-- (কাকতালীয়ভাৱে) কিশোৰী গৰাকীৰ মাক, আইতাকৰ জীয়েক আৰক্ষী গৰাকী। মজাৰ চিনে যাত্ৰা জটিল মানৱীয় আৱেগেৰে সিক্ত। মধুৰ চিনে অনুভৱ! কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰ লগতে ৰূপালী গল্পটোক গতি দিছে গীতেৰে। ব্যৱহাৰ কৰা গীতৰ লগতে বেছহোলৰ (মনদ্বীপ তাৰো) আৱহ সংগীত চিনেমা খনৰ আন এক সৌন্দৰ্য। উল্লেখ্য যে এই পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা খনৰ শ্বুটিঙৰ বাবে সচৰাচৰ ব্যৱহৃত কেমেৰাসমূহৰ সলনি ব্যৱহাৰ কৰিছিল আই ফোন (iPhone)। ১১৫ মিনিট দৈৰ্ঘৰ চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১৭ জুন ২০২২-ত। স্থানীয় বজাৰত চিনেমা খনৰ ব্যৱসায় আছিল-- "এভাৰেজ"।
------------
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২২
ড° ববী শৰ্মা বৰুৱাৰ 'ছিকাল'লৈ শ্ৰেষ্ঠ তিৱা চিনেমাৰ ৰজত কমল ।
পাৰ্থসাৰথি মহন্ত আৰু আইমী বৰুৱাৰ তথ্যচিত্ৰলৈ জুৰীৰ বিশেষ উল্লেখ ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন