সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰতিযোগীজনক পুৰস্কাৰ হিচাপে দিয়া হ'ব নগদ ধন ১কোটি টকা/ চিনে চৰ্চা

এখন নতুন অসমীয়া চিনেমা-- "সপোনপূৰৰ দাপোন"। চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা- ৰমেন বৰাৰ।  
 পেচিফিক ফিল্ম ক্রিয়েচনৰ বেনাৰত চিনেমা খন প্ৰযোজনা কৰিছে ড° অংকু হাজৰিকা, প্ৰশান্ত ৰয়ে।কাহিনী: ড° অংকু হাজৰিকাৰ, সংগীত- বিজয় ভূঞাৰ, কন্ঠশিল্পী:বিজয় ভূঞা, নিলাক্ষী চাং কাকতি,  সম্পাদনা- ৰাজু গগৈৰ, চিত্ৰগ্ৰহণ: বিৰেন দাসৰ। পৰিচালকে চৰিত্ৰ নিৰ্মাণ কৰিছে উপকূল বৰদলৈ, বিমল বৰদলৈ, সিদ্ধাৰ্থ শৰ্মা, ৰবি শৰ্মা, ব্ৰজেন বৰা, প্ৰশান্ত ৰয়, গগন ডেকা, কুলেন কাকতি, অভিজিৎ মহন্ত, ৰেবা ফুকন, মাধুৰীমা চৌধুৰী, ড° অংকু হাজৰিকা,অঞ্জু হাজৰিকা, মমী নাথক লৈ। 
--এয়া পৰিচালকে দিয়া তথ্য। কথ প্ৰসংগত পৰিচালক গৰিকীয়ে "চৰিত্ৰ"ক লৈ গতি কৰা কাহিনী ভাগৰ আভাষ দিলে এনেদৰে-- " সপোনপূৰ-- এখন গাঁৱৰ নাম। এই সপোনপূৰ গাঁৱৰ লগতে ওচৰ-পাজৰৰ আন কেইখন গাঁৱৰ ৰাইজে সপোনপূৰ গাঁৱৰ ৰায়চৌধুৰী পৰিয়ালক সন্মানৰ চকুৰে চাই আহিছে। কেইবা দশক ধৰি এই সপোনপূৰ গাঁৱৰ ৰাইজে অনুষ্ঠিত কৰি  অহাৰ কাৰণে এই প্ৰজন্মৰ ৰায়চৌধুৰী পৰিয়ালৰ ব্যক্তিসকলকো বাস্তৱ জীৱনটো ৰজা বুলি সম্বোধন কৰি আহিছে । চমু অৰ্থত ৰায়চৌধুৰী পৰিয়ালৰ বৰ্তমানৰ মুৰব্বী প্ৰতাপ ৰায়চৌধুৰী আৰু তেওঁৰ পত্নীকো ৰজা-ৰাণী বুলি ৰাইজে সম্বোধন কৰি আহিছে। এই ৰায়চৌধুৰী পৰিয়ালৰ উদ্যোগতে আজি এশ বছৰ ধৰি সপোনপূৰ গাঁৱত বছৰেকীয়া ভিত্তিত এখন দৌৰ খেল অনুস্থিত হৈ আহিছে। এইবাৰো ৰজা প্ৰতাপ ৰায়চৌধুৰীয়ে ঘোষণা কৰিলে তেওঁ স্বাস্থ্যজনিত কাৰণত চেন্নাইলৈ গৈ তাৰ পৰা উভতি আহিয়ে বছৰেকীয়া খেলখন জাক-জমকতাৰে অনুষ্ঠিত কৰিব। গাঁৱৰ বৃদ্ধ জেষ্ঠ্যসকলে ৰজাৰ কথাত হয়ভয় দিলে আৰু ৰাইজৰ আশীর্বাদ লৈ প্ৰতাপ ৰায়চৌধুৰী চিকিৎসাৰ বাবে চেন্নাইলৈ উৰা মাৰিলে। দূৰ্ভাগ্যবশতঃ পৰিবৰ্তনগামী নতুন যুৱচামে প্ৰতাপ ৰায়চৌধুৰীৰ ঘোষণাৰ প্ৰতিবাদ কৰি সাতামপুৰুষীয়া ৰীতি-নীতিৰ বিলুপ্তি ঘটাই নতুন চিন্তা আৰু উদ্যমেৰে নতুন প্ৰজন্মৰ নেতৃত্বত দৌৰ খল খন অনুষ্ঠিত কৰা হ'ব বুলি সভা আকাৰে ঘোষণা কৰিলে। লগতে ঘোষণা কৰিলে লোভনীয় পুৰস্কাৰ। প্ৰথম শ্ৰেষ্ঠ বিজয়ীক দিব ১০লাখ , ২য় শ্ৰেষ্ঠ পুৰস্কাৰ ৭লাখ , ৩য় শ্ৰেষ্ঠ পুৰস্কাৰ ৫লাখ। ৰজাৰ অনুষ্ঠিতিত ৰাণীয়ে সাহসীকতাৰে ইয়াৰ প্ৰতিবাদত গাঁৱৰ জ্যেষ্ঠ আৰু শুভাকাঙ্ক্ষী সকলৰ সৈতে মিলি এক নজিৰবিহীন পুৰস্কাৰ ঘোষণা কৰিলে। ৰাণীৰ স্পষ্ট কথা, 'ৰায়চৌধুৰী পৰিয়ালৰ একমাত্র বোৱাৰী হিচাপে মই জীয়াই থকালৈকে এই ৰায়চৌধুৰী পৰিয়ালৰ মান-সন্মান আৰু আভিজাত্য কেতিয়াও ম্লান হ'বলৈ নিদিও।' সেয়েহে এই সভাতে ৰাণীয়ে ঘোষণা কৰে, এই দৌৰ প্ৰতিযোগিতাৰ সকলোতকৈ শেষত অহা প্ৰতিযোগীজনক পুৰস্কাৰ হিচাপে দিয়া হ'ব নগদ ধন ১কোটি। ৰাণীৰ এই প্ৰস্তাৱ ৰাজহুৱা সভাই গ্রহণ কৰে যদিও ৰাইজ বিপাঙত পৰে। সকলোৰে মনত এটাই প্ৰশ্ন, শেষত অহাজনে যদি ১কোটি পায়, ১০লাখ টকাৰ কাৰণে নো কোন প্ৰথম হ'ব!..."
--কাহিনী গতানুগতিক নহয়। কিন্তু চিনেমা এখনৰ মূল দিশ "চৰিত্ৰ" নিৰ্মাণ, শব্দ প্ৰয়োগ, কেমেৰাৰ ভাষা প্ৰয়োগ, গল্প কোৱাৰ শৈলী। আমি আশা ৰাখিম পৰিচালক গৰাকীয়ে এই দিশত  চিত্ৰৰসিকক হতাশ নকৰে, নতুন চিনেচিন্তাৰে নতুন বাট কাটিব!

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...