সরাসরি প্রধান সামগ্রীতে চলে যান

সোঁতৰ বিপৰীতে

সেই সময়ত মৃদুল চুতীয়াক লগ পোৱা নাছিলোঁ, মৃদুল চুতীয়াৰ মুখা-মুখি হোৱা নাছিলোঁ। হেঙুল থিয়েটাৰৰ মঞ্চত ("অস্তপথ" ২০০৪-০৫, "মোৰ শ্ৰদ্ধাৰ প্ৰভু হনুমান" আৰু "প্ৰজন্ম" ২০০৬-০৭, "আত্মলিপি" ২০০৪-০৬ নাট্যবৰ্ষত) অভিনয়, পৰিচালনা শৈলী, নাট্যকৰ্মী গৰাকীয়ে ৰচনা কৰা নাটক চোৱাৰ পাছত অনুভৱ কৰিছিলোঁ-- মৃদুল চুতীয়াৰ নাট্যচিন্তা আন নাট্যকাৰ, পৰিচালকতকৈ বহুত বেলেগে। ভ্ৰাম্যমাণ থিয়েটাৰত নিজা শৈলীৰে সুস্থ নাটকৰ নতুন বাট কাটিছিল নাট্যকৰ্মী গৰাকীয়ে। 
--নাটক কেইখন চাইছিলোঁ, লিখিছিলোঁ। ভাল নাটকৰ চৰ্চা কৰি আনন্দ অনুভৱ কৰিছিলোঁ। ইমানেই। 
২০০৭-০৮ নাট্যবৰ্ষ। বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হৈছিল মৃদুল চুতীয়া। নাট্যদলটোৰ প্ৰযোজক গৰাকীৰ প্ৰথম পৰিচয়-- সচেতন নাট্যকৰ্মী। ধাৰণা কৰিছিলোঁ, মৃদুল চুতীয়াই সেই নাট্যবৰ্ষটো নাট্য চমক দেখুৱাব! দেখুৱালে। কিন্তু নাটক খন আখৰালৈ নিয়াৰ, মঞ্চলৈ নিয়াৰ আগতে এক "অদৃশ্য শক্তি"ৰ বাধা অতিক্ৰম কৰিহে। 
খবৰ পাইছিলোঁ-- "মৃদুল চুতীয়াই আৰু নাটক নিলিখে।" 
--এই খবৰৰ আঁত ধৰি "অসমীয়া খবৰ"ত লিখিছিলোঁ-- "ফাঁচিৰ কাঠড়াত এগৰাকী নাট্যকাৰ"। লেখাটো প্ৰকাশ হোৱাৰ পাছতে চৰ্চা হৈছিল, "চৰ্চা"ই নাট্যদলটোৰ প্ৰযোজকক বাধ্য কৰাইছিল, "নাটক" খনক গুৰুত্ব দিবলৈ। 
নাটক খনৰ শিৰোণাম-- "ভগ্নাৱশেষ"। 
--সেই তেতিয়াৰ পৰা ২০১৫-১৬ নাট্যবৰ্ষলৈ (নাটক: লংকাবিহীন ৰাৱন") মৃদুল চুতীয়াৰ নাটক (আন নাট্যকাৰৰ নাটকৰ লগতে) চাইছিলোঁ, চৰ্চা কৰিছিলোঁ। (২০১৫-১৬ নাট্যবৰ্ষৰ পাছৰ পাৰা মই ভ্ৰাম্যমাণ থিয়েটাৰৰ এখনো নাটক চোৱা নাই। কিয় চোৱা নাই! --সেয়া আন এক অধ্যায়।) 
--এই সময় চোৱাত অতুল মজুমদাৰ, ৰাকেশ প্ৰকাশ-- আমি কেইজন মানহে মৃদুল চুতীয়াৰ নাট্যকৰ্ম চৰ্চা কৰিছিলোঁ। 
--বিপৰীতে সেই "অদৃশ্য শক্তি"ৰ বাধা আৰু বলিউড, তামিল-তেলেগু চিনেমাৰ ("জনপ্ৰিয় মচলা, নকল") শৈলীৰ নাটকৰ "বিজ্ঞাপন ধৰ্মী" লেখাৰ এখন অতিক্ৰম কৰিব নোৱাৰা দেৱাল!
--অৱশেষত হাৰি গ'ল (নাটকৰ বাটত নহয়, ভ্ৰামমাণ থিয়েটাৰত।)! 
ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰি গ'ল। ব্যস্ত হ'ল চিনেমা ইত্যাদিৰ কামত।
২০২৩-২৫ নাট্যবৰ্ষ। কথাৰ মাজতে মৃদুল চুতীয়াই ক'লে-- নাটক এখন লিখিছে। "এ বি চি ডি"। কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰৰ আগ্ৰহত, তাগিদাত। 
--নাটক গুৰুত্ব দি প্ৰযোজনা কৰিছিল তপনে! সফল হ'ল। দৰ্শকে ভাল পালে। 
২০২৪-২৫ নাট্যবৰ্ষ। আকৌ "কহিনুৰ"ৰ বাবে নাটক লিখিলে মৃদুল চুতীয়াই। পৰিপাটি, মাৰ্জিত সংলাপৰ লগতে জ্যোতি সংগীতৰ ব্যৱহাৰ কৰিছে নাটক খনত। চোৱ নাই।শুনিছোঁ। পঢ়িছো-- ভিন্ন চৰ্চাত।
--এইবাৰ চৰ্চা অতুল মজুমদাৰ, ৰাকেশ প্ৰকাশ, আমি কৰা নাই। চৰ্চা কৰিছে, সেই সকলেও, যি সকল "অদৃশ্য শক্তি"ৰ অংশ আছিল। "বিজ্ঞাপন ধৰ্মী" লেখাৰে "বলিউড, তামিল-তেলেগু চিনেমাৰ জনপ্ৰিয় মচলা" প্ৰয়োগ কৰি, নকল কৰি কৰা "নাট্যকৰ্ম"ৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ "নাট্য শৈলী"ৰ ক্ষতি কৰা, কৰি থকা নাটকক উৎসাহ দিছিল, উৎসাহ দি আছে।
২০২৪-২৪ বৰ্ষত মৃদুল চুতীয়াৰ ৰচনা-পৰিচালনাৰে তপন লহকৰে প্ৰযোজনা কৰা "পিঞ্জৰা" চাবলৈ দৰ্শকে ভিৰ কৰাৰ খবৰ পাইছোঁ, দৃশ্য মাধ্যমত দেখিছোঁ। পূৰ্বৰ দৰে মৃদুল চুতীয়াৰ এই নাটক খনৰো সৌন্দৰ্য-- সংলাপ, "চৰিত্ৰ", অভিনয়, সংগীত বুলি "দৰ্শক" মুখত শুনিছোঁ। জেৰিনা বৰুৱা নামৰ অভিনেত্ৰী গৰাকীয়ে মন চুই যোৱা অভিনয় কৰিছে বুলি শুনিছোঁ। ...
"চাৰ্কাছ-নাটক"ৰ  বিপৰীতে "পিঞ্জৰা"ৰ এই সফলতা "নাটকৰ জয়"।
স্পষ্ট-- "অভিনয় চমক", "সংলাপ চমক"ৰ বাবেও ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক চাবলৈ দৰ্শকে ভিৰ কৰে! আজিৰ দৰ্শকেও।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...