সরাসরি প্রধান সামগ্রীতে চলে যান

সোঁতৰ বিপৰীতে

সেই সময়ত মৃদুল চুতীয়াক লগ পোৱা নাছিলোঁ, মৃদুল চুতীয়াৰ মুখা-মুখি হোৱা নাছিলোঁ। হেঙুল থিয়েটাৰৰ মঞ্চত ("অস্তপথ" ২০০৪-০৫, "মোৰ শ্ৰদ্ধাৰ প্ৰভু হনুমান" আৰু "প্ৰজন্ম" ২০০৬-০৭, "আত্মলিপি" ২০০৪-০৬ নাট্যবৰ্ষত) অভিনয়, পৰিচালনা শৈলী, নাট্যকৰ্মী গৰাকীয়ে ৰচনা কৰা নাটক চোৱাৰ পাছত অনুভৱ কৰিছিলোঁ-- মৃদুল চুতীয়াৰ নাট্যচিন্তা আন নাট্যকাৰ, পৰিচালকতকৈ বহুত বেলেগে। ভ্ৰাম্যমাণ থিয়েটাৰত নিজা শৈলীৰে সুস্থ নাটকৰ নতুন বাট কাটিছিল নাট্যকৰ্মী গৰাকীয়ে। 
--নাটক কেইখন চাইছিলোঁ, লিখিছিলোঁ। ভাল নাটকৰ চৰ্চা কৰি আনন্দ অনুভৱ কৰিছিলোঁ। ইমানেই। 
২০০৭-০৮ নাট্যবৰ্ষ। বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হৈছিল মৃদুল চুতীয়া। নাট্যদলটোৰ প্ৰযোজক গৰাকীৰ প্ৰথম পৰিচয়-- সচেতন নাট্যকৰ্মী। ধাৰণা কৰিছিলোঁ, মৃদুল চুতীয়াই সেই নাট্যবৰ্ষটো নাট্য চমক দেখুৱাব! দেখুৱালে। কিন্তু নাটক খন আখৰালৈ নিয়াৰ, মঞ্চলৈ নিয়াৰ আগতে এক "অদৃশ্য শক্তি"ৰ বাধা অতিক্ৰম কৰিহে। 
খবৰ পাইছিলোঁ-- "মৃদুল চুতীয়াই আৰু নাটক নিলিখে।" 
--এই খবৰৰ আঁত ধৰি "অসমীয়া খবৰ"ত লিখিছিলোঁ-- "ফাঁচিৰ কাঠড়াত এগৰাকী নাট্যকাৰ"। লেখাটো প্ৰকাশ হোৱাৰ পাছতে চৰ্চা হৈছিল, "চৰ্চা"ই নাট্যদলটোৰ প্ৰযোজকক বাধ্য কৰাইছিল, "নাটক" খনক গুৰুত্ব দিবলৈ। 
নাটক খনৰ শিৰোণাম-- "ভগ্নাৱশেষ"। 
--সেই তেতিয়াৰ পৰা ২০১৫-১৬ নাট্যবৰ্ষলৈ (নাটক: লংকাবিহীন ৰাৱন") মৃদুল চুতীয়াৰ নাটক (আন নাট্যকাৰৰ নাটকৰ লগতে) চাইছিলোঁ, চৰ্চা কৰিছিলোঁ। (২০১৫-১৬ নাট্যবৰ্ষৰ পাছৰ পাৰা মই ভ্ৰাম্যমাণ থিয়েটাৰৰ এখনো নাটক চোৱা নাই। কিয় চোৱা নাই! --সেয়া আন এক অধ্যায়।) 
--এই সময় চোৱাত অতুল মজুমদাৰ, ৰাকেশ প্ৰকাশ-- আমি কেইজন মানহে মৃদুল চুতীয়াৰ নাট্যকৰ্ম চৰ্চা কৰিছিলোঁ। 
--বিপৰীতে সেই "অদৃশ্য শক্তি"ৰ বাধা আৰু বলিউড, তামিল-তেলেগু চিনেমাৰ ("জনপ্ৰিয় মচলা, নকল") শৈলীৰ নাটকৰ "বিজ্ঞাপন ধৰ্মী" লেখাৰ এখন অতিক্ৰম কৰিব নোৱাৰা দেৱাল!
--অৱশেষত হাৰি গ'ল (নাটকৰ বাটত নহয়, ভ্ৰামমাণ থিয়েটাৰত।)! 
ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আঁতৰি গ'ল। ব্যস্ত হ'ল চিনেমা ইত্যাদিৰ কামত।
২০২৩-২৫ নাট্যবৰ্ষ। কথাৰ মাজতে মৃদুল চুতীয়াই ক'লে-- নাটক এখন লিখিছে। "এ বি চি ডি"। কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰৰ আগ্ৰহত, তাগিদাত। 
--নাটক গুৰুত্ব দি প্ৰযোজনা কৰিছিল তপনে! সফল হ'ল। দৰ্শকে ভাল পালে। 
২০২৪-২৫ নাট্যবৰ্ষ। আকৌ "কহিনুৰ"ৰ বাবে নাটক লিখিলে মৃদুল চুতীয়াই। পৰিপাটি, মাৰ্জিত সংলাপৰ লগতে জ্যোতি সংগীতৰ ব্যৱহাৰ কৰিছে নাটক খনত। চোৱ নাই।শুনিছোঁ। পঢ়িছো-- ভিন্ন চৰ্চাত।
--এইবাৰ চৰ্চা অতুল মজুমদাৰ, ৰাকেশ প্ৰকাশ, আমি কৰা নাই। চৰ্চা কৰিছে, সেই সকলেও, যি সকল "অদৃশ্য শক্তি"ৰ অংশ আছিল। "বিজ্ঞাপন ধৰ্মী" লেখাৰে "বলিউড, তামিল-তেলেগু চিনেমাৰ জনপ্ৰিয় মচলা" প্ৰয়োগ কৰি, নকল কৰি কৰা "নাট্যকৰ্ম"ৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ "নাট্য শৈলী"ৰ ক্ষতি কৰা, কৰি থকা নাটকক উৎসাহ দিছিল, উৎসাহ দি আছে।
২০২৪-২৪ বৰ্ষত মৃদুল চুতীয়াৰ ৰচনা-পৰিচালনাৰে তপন লহকৰে প্ৰযোজনা কৰা "পিঞ্জৰা" চাবলৈ দৰ্শকে ভিৰ কৰাৰ খবৰ পাইছোঁ, দৃশ্য মাধ্যমত দেখিছোঁ। পূৰ্বৰ দৰে মৃদুল চুতীয়াৰ এই নাটক খনৰো সৌন্দৰ্য-- সংলাপ, "চৰিত্ৰ", অভিনয়, সংগীত বুলি "দৰ্শক" মুখত শুনিছোঁ। জেৰিনা বৰুৱা নামৰ অভিনেত্ৰী গৰাকীয়ে মন চুই যোৱা অভিনয় কৰিছে বুলি শুনিছোঁ। ...
"চাৰ্কাছ-নাটক"ৰ  বিপৰীতে "পিঞ্জৰা"ৰ এই সফলতা "নাটকৰ জয়"।
স্পষ্ট-- "অভিনয় চমক", "সংলাপ চমক"ৰ বাবেও ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক চাবলৈ দৰ্শকে ভিৰ কৰে! আজিৰ দৰ্শকেও।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...