সরাসরি প্রধান সামগ্রীতে চলে যান

গমন/ চিনেচৰ্চা

"গমন" --চন্দ্ৰ মুদৈৰ পৰিচালনা। শ্মশানত খৰি ইত্যাদি যোগান ধৰা এটা "চৰিত্ৰ" আৰু "চৰিত্ৰ"টোৰ পৰিয়াল ৰূপালী গল্পটোৰ মূল বিন্দু। কাহিনীয়ে কেইমিনিট মান সময় গতি কৰাৰ পাছতে দৰ্শকে জানিব পাৰে চিনেমা খনৰ বিষয় বস্তু খৰিৰে জ্বলোৱা চিতা বনাম কাৰেণ্টত জ্বলোৱা চিতাৰ সংঘাত। পৰম্পৰা আৰু বিজ্ঞানৰ সংঘাত। কাহিনী আৰু কিছু আগবাঢ়ে। "বিষয় বস্তু"হৈ কাহিনীলৈ ড্ৰাগছ আহে, গার্হস্থ্য হিংসা আহে। আগবাঢ়ে এখন ঘৰক কেন্দ্ৰ কৰি দুটা "বিষয় বস্তু"ক লৈ সমান্তৰাল ভাৱে দুটা কাহিনী। পৰিচালক-চিত্ৰনাট্যকাৰ চন্দ্ৰ মুদৈয়ে কাহিনী দুটা এক কৰি গুঠিবলৈ চেষ্টা কৰে মূল বিন্দুটোৰ সৈতে, গতানুগতিক শৈলীৰে।
কাহিনীৰ গতিত "বিষয়বস্তু" সংঘাত স্পষ্ট হয়, কাহিনীৰ গতিত বাধা হয়।

"ড্ৰাগছ, গার্হস্থ্য হিংসা" বিষয় বস্তুই নিস্প্ৰভ কৰে চিনেমা খনৰ নামত ইংগিত থকা বিষয় বস্তুক। এয়া পৰিচালকৰ ব্যাৰ্থতা। মানুহৰ জীৱন গতিৰ শেষ বিন্দু য'ত শেষ হয় (জীৱনৰ পৰা প্রস্থান), সেয়া যদি বিষয় বস্তু বুলি ধৰা হয়, তেনেহ'লে ক'ব লাগিব-- বিষয় বস্তুৰ গভীৰতা নাপালে পৰিচালকৰ চিনে-চিন্তাৰ লগতে সাহিত্য-কেমেৰাৰ ভাষাই। আৰু যদি ভৱা হয় চিনেমা খনৰ বিষয় বস্তু সম্ভোগ বা গতি, তেতিয়াও ক'ব লাগিব-- ব্যৰ্থ।


--চিনেমা খনৰ প্ৰথম দুৰ্বলতা অভিনয়। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছে যতীন খনিকৰক লৈ। খনিকৰৰ অভিনয় ক্ষমতা নথকা নহয়। "কুহিপাঠ--মানুহ হোৱাৰ প্ৰথম খোজ" আৰু "বোৰ্খা" নামৰ চিনেমা দুখনত অভিনেতা গৰাকীয়ে ন্যায় কৰা দুটা চৰিত্ৰ অনুভৱ কৰিছোঁ। উল্লেখ কৰা চিনেমা দুখনৰ দৰে "গমন"ত "চৰিত্ৰ" অনুভৱ কৰিব নোৱাৰিলে বা অভিনেতা গৰাকীক লৈ চৰিত্ৰ নিৰ্মাণত ব্যৰ্থ।  অবাবতে "চৰিত্ৰ"টোক দৌৰাইছে, ডাষ্টবিনত বহুৱাইছে ইত্যাদি। বিপৰীতে দিব্যজ্যোতি দাস, অমৃতা গগৈক লৈ পৰিপাটি চৰিত্ৰ নিৰ্মাণত পৰিচালক সফল। এই চৰিত্ৰ দুটাক কেন্দ্ৰ কৰি আগবঢ়া কাহিনী ভাগে হয়তো দৰ্শকক চুব! (এই চৰিত্ৰ দুটাৰ ইতিবাচক নিৰ্মাণে নিস্প্ৰভ কৰিছে যতীন খনিকৰক লৈ নিৰ্মাণ কৰা চৰিত্ৰটো। "নায়ক"ৰ পৰা সহ-চৰিত্ৰলৈ ঠেলি দিছে যতীন খনিকৰক লৈ নিৰ্মাণ কৰা চৰিত্ৰটোক। আমাৰ ধাৰণাত এই চৰিত্ৰটোক কেন্দ্ৰ কৰি কাহিনী ৰেখা আগবঢ়ালে ৰূপালী গল্পটোৰ সৌন্দৰ্য বাঢ়িল হেতন!)

চিনেমা খনৰ কাহিনীৰ গতিত, কাহিনী কোৱাৰ শৈলীত এটা দিশ স্পষ্ট-- নিৰ্মাণ পৰ্বত পৰিচালক confuse, চিনেমা খন বজাৰ কেন্দ্ৰিক চিন্তাৰে, নে চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰেৰণ কৰাৰ চিন্তাৰে আগবাঢ়িব! যাৰ ফলত চিনেমা খন কেৱল "সংখ্য"হে বঢ়ালে। --সংগীত, সংলাপকে ধৰি চিনেমা খনৰ শব্দ আন এটা নেতিবাচক দিশ। 

শেষত

"বাকৰ পুতেক"ৰ পৰিচালক গৰাকীৰ পৰা আমি এনে চিনেকৰ্ম আশা কৰা নছিলোঁ। (এই চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা বছৰৰ প্ৰথম ভাগত। ক'ব পাৰি "স্থানীয় বজাৰ"ত সফল হোৱাৰ আশা নাই। চিনেমা খনৰ বাজেট প্ৰায় ৪০ লাখ টকা। অসমীয়া চিনেমাই হয়তো আৰু এজন "প্ৰযোজক" হেৰুৱাব! আমাৰ দুখ-- সেইখিনিতে।)

উৎপল মেনা

০৭/০৮/২০২৪



(লিখি আছোঁ)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...