শুক্রবার, ২৫ অক্টোবর, ২০২৪

সুন্দৰপুৰ কেঅছ /চিনেচৰ্চা

চিনেমা খনৰ নাম-- "সুন্দৰপুৰ কেঅছ"। ঝুলন কৃষ্ণ মহন্তৰ পৰিচালনা। চিনেমা খনত এটা কাহিনী আছে, সৰল ৰৈখিক। কাহিনীটোৰ মূল বিন্দু-- কিংকৰ। মনে যি কয় কৰিব বিছৰা, নিজৰ সংস্কৃতিক ভাল পোৱা, সমাজৰ বাবে ভাল কাম কৰিব বিছৰা সুন্দৰপুৰ সত্ৰৰ যুৱক কিংকৰ গোস্বামী। দেউতাক-মাক আৰু ভনীয়েক-- কিংকৰৰ ঘৰ খন। দেউতাক, মাক, ভনীয়েকৰ লগতে "কিংকৰ"ক বিন্যাস কৰিছে ছয়গৰাকী বন্ধুৰ সৈতে প্ৰয়োগ কৰা সাহিত্যৰ ভাষাৰে। কাহিনীৰ গতিত সুন্দৰপুৰ সত্ৰৰ কিংকৰ গৈ গুৱাহাটী পালে উচ্চ শিক্ষাৰ বাবে। আন বহুতৰে লগতে লগ পালে এগৰাকী বান্ধৱীক। বান্ধৱীৰ সৈতে ঘনিষ্ঠতা বাঢ়ে। --এটা প্ৰেমৰ গল্প নিৰ্মাণ হয়, মসৃণ গতিত আগবাঢ়ে। প্ৰেমতে প্ৰেম ৰৈ যায়, সামাজিক ৰেখা অতিক্ৰম নকৰে কিংকৰে। ("নায়িকা" বড়ো সম্প্ৰদায়ৰ!--পৰিচালকে এনেদৰে ভৱাৰো বাট দিছে, কিংকৰৰ "ফোন"টো নেহেৰুৱালে, দেউতাকক চিকিৎসালয়ত থকাৰ খবৰ পাই হঠাতে ঘৰলৈ আহিব নলগা হ'লে "গাহৰিৰ মাংস" খোৱা কিংকৰে হয়তো সামাজিক ৰেখা অতিক্ৰম কৰিলে হেতেন! অতিক্ৰম কৰা বুলিয়ো ভৱাৰ বাট দিছে পৰিচালকে--  কিংকৰৰ ওঁঠত দিয়া এই সংলাপটোৰে,"মোৰ এটা সপোন আছে, এখন ভাওনা পতাৰ।...এখন ভাওনা য’ত এটা tribal বাচ্ছা কৃষ্ণ হ'ব আৰু গোসাঁই ল’ৰাবোৰ গোপবালক।") 
--"নায়িকা" আঁতৰি যায় কিংকৰক মনৰ মাজত লৈ, কিংকৰ সুন্দৰপুৰ সত্ৰলৈ উভতি আহে। (চিনেমা খনৰ শেষত মাত্ৰ দুটা শ্বটতে পৰিচালকে স্পষ্ট কৰে, কিংকৰৰ মনৰ মাজতো যে "নায়িকা" আছে।) 
মুকলি মনৰ কিংকৰ কেন্দ্ৰিক গল্পটোত চিত্ৰনাট্যকাৰ-পৰিচালকে পৰিপাটিকৈ গুঠিছে সত্ৰৰ সংস্কৃতি, সত্ৰৰ (মাটিৰ) সমস্যা। সত্ৰৰ মাটি দখল কৰা সমস্যাটো কেমেৰাৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে গুঠিছে কম ফুটেজত।

--শেহতীয়াকৈ অসমৰ বিভিন্ন সত্ৰৰ ভূমিত এচাম সন্দেহজনক লোকে অবৈধভাবে বসতি স্থাপন কৰা বিষয়টো, ফলত সামাজক পৰিবেশ প্ৰদূষিত হোৱা বিষয়টো সু-পৰিকল্পিত ভাৱে কাহিনীলৈ আনিছে, কাহিনীৰ অংগ কৰি লৈছে।

--চিনেমা খনৰ বিষয়বস্তু? 

"সত্ৰ আমাৰ আবেগ। কিন্তু সিহঁতৰ বাবে এডোখৰ ভূমি।... বৰদোৱা, মাজুলীৰ ভূমি দখল হ'লে খবৰ ওলায় । কিন্তু এইবোৰ সত্ৰৰ এনে খবৰ বাতৰিত নাহে।... সত্ৰত বহা এই মানুহখিনিক লৈয়ে আকৌ ৰাজনীতি কৰে।... আমাৰ মাজত বহুত কিংকৰ আছে।সকলো কিংকৰ ওলাই অহিলে আমাৰ বহুতো সমস্যা

সমাধান হ'ব। ...মাটিকণ কেৱল ঠিয় হৈ থাকিবৰ বাবে প্ৰয়োজন হোৱা এডোখৰ ঠাই নহয়। ...আমাৰ আজি, আমাৰ কালি, আমাৰ ভৱিষ্যত, আমাৰ সপোন, আমাৰ বাস্তৱ,  আমাৰ মৰ্য্যদা,আমাৰ সম্পদ, সম্ভৱনা, নিৰাপত্তা ...আমি কি আছিলোঁ বা আমি কি হব বিচাৰিছিলো এই মাটিয়েই কব সেই কথা। আৰু আমাৰ শিপা কিমান মজবুত, সেই কথা কব লাগিব আমি।" --আমাৰ ধাৰণাত কাহিনীৰ গতিত (কিংকৰৰ ওঁঠত) ব্যৱহাৰ কৰা এই সংলাপ কেইটাৰে বিষয়বস্তু নিৰ্মাণ কৰিব বিচাৰিছে। (চিনেমা খনৰ বিষয়বস্তু যদি (সত্ৰৰ মাটি দখল সমস্যা বুলি ধৰা হয়, তেনেহ'লে ক'ব লাগিব-- বিষয়বস্তু স্পষ্ট কৰাত পৰিচালক ব্যৰ্থ।)

চিনেমা খনৰ পৰিচালনা শৈলীৰ কথা মনত ৰাখি এনেদৰে ক'ব পাৰোঁ-- "চিনে শিল্পৰ বাবে চিনেমা 'সুন্দৰপুৰ কেঅছ'"; কিন্তু "বজাৰৰ বাবে চিনেমা"ৰ আঁতৰৰ নহয়। পৰিচালকে চিনে শিল্প, চিনে-দায়িত্বক গুৰুত্ব দি চিনেমা খনৰ বিষয় বস্তু নিৰ্বাচন কৰিছে, পৰিচালনা শৈলীত মন দিছে যদিও চিত্ৰগৃহত টিকট ক্ৰয় কৰি "বিনোদনৰ বাবে চিনেমা" চোৱা "দৰ্শক"কো মনত ৰাখিছে। চিনেমা খনৰ গীত প্ৰয়োগ, গীত ডিজাইন, কেমেৰা ডিজাইন, আৱহ সংগীত প্ৰয়োগ, চৰিত্ৰ নিৰ্মাণ আৰু বিন্যাস পৰিপাটি। পৰিচালকৰ লগতে এই ৰূপালী সৌন্দৰ্যৰ বাবে স্বাভাৱিকতে প্ৰশংসা কৰিম সংগীত পৰিচালক  সৌৰভ মহন্ত (আৱহ সংগীত আৰু ব্যৱহৃত গীত ৰূপালী গল্পটোৰ প্ৰধান অলংকাৰ) আৰু চিনেমাট'গ্ৰাফাৰ চন্দ্ৰ কুমাৰ দাসক। 

আহিছোঁ-- অভিনয়লৈ। বাস্তৱিক অভিনয়ৰে নিৰ্মাণ কৰা প্ৰতিটো চৰিত্ৰ মন চুই যোৱা। কিংকৰৰ পিতৃৰ চৰিত্ৰত ৰাজীৱ গোস্বামী, মাতৃৰ চৰিত্ৰত জ্বলী লস্কৰ আৰু ভনীয়েকৰ চৰিত্ৰত গাৰ্গী দত্ত মহন্ত, সত্ৰাধিকাৰৰ চৰিত্ৰত অৰুণ নাথকে ধৰি প্ৰতটো চৰিত্ৰ। কিন্তু বিশেষ ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈছে পাৰ্থপ্ৰতীম হাজৰিকাক লৈ নিৰ্মাণ কৰা কিংকৰৰ চৰিত্ৰটো। চকুৰ ভাষা, চেহেৰাৰ ভাষা, শৰীৰৰ ভাষা, সংলাপ প্ৰক্ষেপণত অৱশ্যেই স্পষ্ট অভিনেতা গৰাকীৰ অভিনয় শক্তি (Acting power)। (আৰু আছে)

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন