--কাহিনীৰ গতিত স্পষ্ট হয় "জয় হনুমেন"ক বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা লৈ যোৱা হয় ৰাজনৈতিক চিনেমালৈ।
--হয়, political drama cinema "জয় হনুমেন"। ৰাজনৈতিক "বিশেষ চকী"ৰ বাবে নেতা এগৰাকী যি কোনো পৰ্যায়লৈ যাব পাৰে! "সন্ত্ৰাসবাদী"ৰ জন্ম দিব পাৰে, "সন্ত্ৰাসবাদী"ক হত্যা কৰাব পাৰে, ৰাজনৈতিক উত্তৰণৰ বাবে "সন্ত্ৰাসবাদী"ক ব্যৱহাৰ কৰিব পাৰে! ৰাজনৈতিক কেৰিয়াৰৰ বাবে ধৰ্ষণকাৰীক সুৰক্ষা দিব পাৰে, এনকাউন্টাৰ কৰাব পাৰে, নিৰিহক ধৰ্ষণকাৰী সজোৱাব পাৰে! শব্দহীন পাপ কৰিব নোৱাৰে "হনুমান", জে কে, ৰিয়াই। দেখা ভুলৰ বিৰূদ্ধে বিদ্ৰোহ কৰে, সফল হয়। কাহিনীৰ শেষ বিন্দুত দেখা যায়-- বিপদত পৰে (ৰাৱনৰ হাতত!) হনুমেন। হনুমেনক সহায় কৰিবলৈ ৰাম নাহিল। আহিল সাধাৰণ জনতা। কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰে আগবঢ়াই নিয়া চিনেমা খনৰ গতি, শব্দ, চৰিত্ৰ নিৰ্মাণ পৰিপাটি। ----চৰিত্ৰ কম ফুটেজত বিন্যাস কৰিছে, কাহিনীৰ অংগ কৰিছে; কিন্তু কেইবাটাও "চৰিত্ৰ"ই দৰ্শকক চুব পৰা নাই জড় অভিনয় (inert acting) -ৰ বাবে। মূল চৰিত্ৰত সিদ্ধাৰ্থ বড়োক নিৰ্বাচন পৰিচালকৰ শুদ্ধ সিদ্ধান্ত আছিল বুলি পৰিচালকে আমাক পতিয়ন নিয়াব পৰা নাই। এই "ভুল সিদ্ধান্ত" চিনেমা খনৰ নেতিবাচক দিশ। "অভিনয় শক্তি"ৰে ৰূপালী গল্পটোৰ "নায়ক"হৈ থাকিল জয় কাশ্যপ।
--হয়, সাহিত্যৰ ভাষাৰে, কেমেৰাৰ পৰিচালকে স্পষ্ট কৰিছে "নায়ক"ৰ মনৰ শক্তি; কিন্তু তেনে "ইমেজে"ৰে "নায়ক"ক বান্ধিব পৰা নাই। আমাৰ ধাৰণাত পৰিচালকে "নায়ক" নিৰ্বাচনৰ লগতে ভুল কৰিলে চিনেমা খনৰ নাম নিৰ্বাচনত। (প্ৰচাৰ ধৰ্মী চৰ্চা-- superman, spider-man -তকৈ শক্তিশালী হনুমেন! এই "প্ৰচাৰ" মনত ৰাখি ক'ব লাগিব-- চৰিত্ৰটো নিৰ্মাণত ব্যৰ্থ পৰিচালক। এই প্ৰচাৰে "দৰ্শক"ক চিনেমা খন চোৱাৰ পূৰ্বে এটা ইমেজ নিৰ্মাণৰ বাট দিছিল। দৰ্শকে "ইমেজ"ৰ হনুমেনক নাপালে। আৰু কাহিনী? "...-man image"ৰ পালে জানো, দৰ্শক, কাল্পনিক কমিক চৰিত্ৰ দুটাৰ দৰে! "প্ৰচাৰ" দিয়া "ইমেজ"ৰ বিপৰীতে "জয় হনুমেন" এখন (realistic political cinema) বাস্তৱিক ৰাজনৈতিক চিনেমা, ভাল চিনেমা।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন