সরাসরি প্রধান সামগ্রীতে চলে যান

জয় হনুমেন/ চিনেচৰ্চা

"জয় হনুমেন" চিনেমা খনৰ এটা সংলাপ-- "ভুল দেখিও মনে মনে থকাটো এটা শব্দহীন পাপ।" চিনেমাৰ ভাষাৰ পৰিপাটি ব্যৱহাৰৰ মাজত মগজু চুই যোৱা, মনত ৰৈ যোৱা সাহিত্যৰ ভাষা (শব্দ)। এনে ধৰণৰ আৰু কেইবাটাও মেডহীন, ভাল লগা, ৰূপালী গল্পটোক গতি দিয়া সংলাপ ব্যৱহাৰ হৈছে। চিনেমা খনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া, অধিৰাজ কাশ্যপৰ। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনা। প্ৰথম কথা-- হিমাংশু বিশেষ বৃত্তত বন্দী পৰিচালক নহয়। গল্প কোৱাৰ শৈলী, বিষয় বস্তু, কাহিনীত "নতুন চিনে-চিন্তা" স্পষ্ট।শেহতীয়া এই চিনে-চিন্তাৰ নায়ক বিশ্ববিদ্যালয়য এজন ছাত্ৰ। ছাত্ৰ জনৰ স্বাভাৱিকতে এটা নাম আছে; বিশ্ববিদ্যালয়ত "বিখ্যাত" হনুমান (চৰিত্ৰটো নিৰ্মাণ কৰিছে সিদ্ধাৰ্থ বড়োক লৈ) নামেৰে। ভাওনাত কেইবাবাৰো হনুমানৰ ভাও লোৱা বাবে এই নাম। বিশ্ববিদ্যালয়ৰ আন এগৰাকী ছাত্ৰ-- জে কে। জে কেৰ চলনাত পৰি হনুমান ৰূপান্তৰ হয় হনুমেনলৈ। হনুমানৰ পৰা হনুমেনলৈ ৰূপান্তৰৰ "নাটক" প্ৰথম অৱস্থাত বাস্তৱ যেন লগা নাছিল, কাহিনীৰ গতিত "নাটকীয় ছিকুৱেন্স"টো বাস্তৱলৈ ৰূপান্তৰ কৰিবলৈ পাহৰা নাই চিত্ৰনাট্যকাৰ, পৰিচালকে। পৰিচালকে "সমাজৰ ছবি" পৰ্দালৈ আনিছে মূল বিন্দুৰ গতিত নিৰ্মাণ হোৱা কাহিনীৰ মাজেৰে। 

--কাহিনীৰ গতিত স্পষ্ট হয় "জয় হনুমেন"ক বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা লৈ যোৱা হয় ৰাজনৈতিক চিনেমালৈ।

--হয়, political drama cinema "জয় হনুমেন"। ৰাজনৈতিক "বিশেষ চকী"ৰ বাবে নেতা এগৰাকী যি কোনো পৰ্যায়লৈ যাব পাৰে! "সন্ত্ৰাসবাদী"ৰ জন্ম দিব পাৰে, "সন্ত্ৰাসবাদী"ক হত্যা কৰাব পাৰে, ৰাজনৈতিক উত্তৰণৰ বাবে "সন্ত্ৰাসবাদী"ক ব্যৱহাৰ কৰিব পাৰে! ৰাজনৈতিক কেৰিয়াৰৰ বাবে ধৰ্ষণকাৰীক সুৰক্ষা দিব পাৰে, এনকাউন্টাৰ কৰাব পাৰে, নিৰিহক ধৰ্ষণকাৰী সজোৱাব পাৰে! শব্দহীন পাপ কৰিব নোৱাৰে "হনুমান", জে কে, ৰিয়াই। দেখা ভুলৰ বিৰূদ্ধে বিদ্ৰোহ কৰে, সফল হয়। কাহিনীৰ শেষ বিন্দুত দেখা যায়-- বিপদত পৰে (ৰাৱনৰ হাতত!) হনুমেন। হনুমেনক সহায় কৰিবলৈ ৰাম নাহিল। আহিল সাধাৰণ জনতা। কেমেৰাৰ ভাষা, সাহিত্যৰ ভাষাৰে আগবঢ়াই নিয়া চিনেমা খনৰ গতি, শব্দ, চৰিত্ৰ নিৰ্মাণ পৰিপাটি। ----চৰিত্ৰ কম ফুটেজত বিন্যাস কৰিছে, কাহিনীৰ অংগ কৰিছে; কিন্তু কেইবাটাও "চৰিত্ৰ"ই দৰ্শকক চুব পৰা নাই জড় অভিনয় (inert acting) -ৰ বাবে। মূল চৰিত্ৰত সিদ্ধাৰ্থ বড়োক নিৰ্বাচন পৰিচালকৰ শুদ্ধ সিদ্ধান্ত আছিল বুলি পৰিচালকে আমাক পতিয়ন নিয়াব পৰা নাই। এই "ভুল সিদ্ধান্ত" চিনেমা খনৰ নেতিবাচক দিশ। "অভিনয় শক্তি"ৰে ৰূপালী গল্পটোৰ "নায়ক"হৈ থাকিল জয় কাশ্যপ। 

--হয়, সাহিত্যৰ ভাষাৰে, কেমেৰাৰ পৰিচালকে স্পষ্ট কৰিছে "নায়ক"ৰ মনৰ শক্তি; কিন্তু তেনে "ইমেজে"ৰে "নায়ক"ক বান্ধিব পৰা নাই। আমাৰ ধাৰণাত পৰিচালকে "নায়ক" নিৰ্বাচনৰ লগতে ভুল কৰিলে চিনেমা খনৰ নাম নিৰ্বাচনত। (প্ৰচাৰ ধৰ্মী চৰ্চা-- superman, spider-man -তকৈ শক্তিশালী হনুমেন! এই "প্ৰচাৰ" মনত ৰাখি ক'ব লাগিব-- চৰিত্ৰটো নিৰ্মাণত ব্যৰ্থ পৰিচালক। এই প্ৰচাৰে "দৰ্শক"ক চিনেমা খন চোৱাৰ পূৰ্বে  এটা ইমেজ নিৰ্মাণৰ বাট দিছিল। দৰ্শকে "ইমেজ"ৰ হনুমেনক নাপালে। আৰু কাহিনী? "...-man image"ৰ পালে জানো, দৰ্শক, কাল্পনিক কমিক চৰিত্ৰ দুটাৰ দৰে! "প্ৰচাৰ" দিয়া "ইমেজ"ৰ বিপৰীতে "জয় হনুমেন" এখন (realistic political cinema) বাস্তৱিক ৰাজনৈতিক চিনেমা, ভাল চিনেমা।)

(আৰু আছে)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...