--"মোক্ষ"ৰ প্ৰথমটো অনুষ্ঠানত উপস্থিত থাকি অনুভৱ কৰিছো "বাৰুদ"ত নিৰ্মাণ হোৱা ইমেজটো হয়তো আৰু পুৰঠ ৰূপত ব্যৱহাৰ হ'ব। অন্য এক দৰ্শকক চুব পৰা চৰিত্ৰ নিৰ্মাণ কৰিব পৰিচালক মিৰ্জা আৰিফ হাজৰিকাই। --হয়, চিনেমা খনৰ পৰিচালক মিৰ্জা আৰিফ হাজৰিকা। পৰিচালক আৰিফে ২০১৯ বৰ্ষত চিত্ৰগৃহলৈ অহা "অস্তিত্ব"ৰ লগতে কেইবা খনো চুটি চিনেমাৰে পৰিচালনা শক্তি দেখুৱাইছে। আমাৰ ধাৰণাত ভিন্ন শৈলীৰ চিনেকৰ্ম কৰিব পৰা ক্ষমতা আছে পৰিচালক গৰাকীৰ।
--চিনেমা খনৰ আন কেইটামান চৰিত্ৰ নিৰ্মাণ হ'ব শৰৎ ছাক্সেনা, বিভাষ চক্ৰৱৰ্তী, অৰ্চিতা আগৰৱাল, মৃদুল চুতীয়া, সঞ্জীৱ হাজৰিকা, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ মুখাৰ্জীক লৈ। বলিউডৰ অভিনেতা (চিনেমা: মিষ্টাৰ ইণ্ডিয়া, ত্রিদেৱ, খিলাড়ি, গোলাম, গুপ্ত: দ্য হিডেন ট্রুথ, ডুপ্লিকেট, ছোলজাৰ, বাগবান, ফানা, ক্রিশ, বজৰঙ্গি ভাইজান আদি) শৰৎ ছাক্সেনাই তেলুগু, মালয়ালম আৰু তামিল চিনেমাতো অভিনয় কৰিছে। ১৯৭০ চনত অভিনয় কেৰিয়াৰ আৰম্ভ কৰা অভিনেতা গৰাকীৰ এই খনেই উত্তৰ-পূব ভাৰতৰ প্ৰথম চিনেমা। অভিনেতা গৰাকীক লৈ নিৰ্মাণ কৰিব এগৰাকী মূখ্যসেনা বিষয়াৰ চৰিত্ৰ। এগৰাকী অনুসন্ধানকাৰীৰ চৰিত্ৰ এটা নিৰ্মাণ কৰিব নাটক-চিনেমাৰ অভিনেতা মৃদুল চুতীয়াক লৈ।
এছ.এইচ. প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই চিনেমা খনৰ চিত্ৰগ্ৰহণ কৰিব গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ তথা উত্তৰ বংগৰ বিভিন্ন স্থানত। চিত্ৰগ্ৰহণ কৰিব বিতুল দাসে। কাৰিকৰী পৰিচালক ঝুলন কৃষ্ণ মহন্ত। শব্দ দেবোজিত চাংমাই, সংগীত প্ৰ'নয় দত্তৰ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন