অভিমন্যু ৰূপালী গল্পটোৰ এটা বিন্দু প্ৰভাত, আনটো বিন্দু জয়ন্ত মজুমদাৰ। জয়ন্ত মজুমদাৰ নিজৰ মতত চলা পুলিছ বিষয়া। encounter specialist, কোনেও নিয়ন্ত্ৰণত ৰাখিব নোৱাৰা! চৰিত্ৰটো নিৰ্মাণ কৰিছে দেৱজিৎ মজুমদাৰক লৈ। কম ফুটেজত বিন্যাস কৰিছে চৰিত্ৰটো ((বিপৰীতে চৰিত্ৰটোৰ নামত অযথা 'ফুটেজ' খৰচ কৰিছে। কোনো মূহুৰ্তত অনুভৱ হৈছে-- অত্যাচৰি পুলিছ বিষয়া। encounter কৰো কৰোকৈ থাকে!)। চৰিত্ৰটোৰ গতি কিন্তু প্ৰভাতৰ সমানে সমানে। (বলিউডি শৈলীত নিৰ্মাণ কৰা চৰিত্ৰটো দৰ্শকে ভাল পাব! আৰু এনেদৰে ক'ব পাৰি চিনেমা খনত নতুন ৰূপত দেখা গৈছে দেৱজিৎ মজুমদাৰক। এনেদৰেও ক'ব লাগিব-- চৰিত্ৰটো নিৰ্মাণহে কৰিলে, কাহিনীৰ গতিত কিন্তু চৰিত্ৰটো বাধা হ'ল। ক'ব পাৰি এই চৰিত্ৰটোক গুৰুত্ব দিয়াৰ বাবে ক্ষতি হৈছে সামগ্ৰিক চিনেমা খনৰ।)
ৰূপালী গল্পটোৰ শেষৰ ফালে মুখা-মুখি হয়-- প্ৰভাত-জয়ন্ত মজুমদাৰ। মনলৈ আহে এখন চিনেমা-- "A Wednesday!" (নাই, নাই চিনেমা খনৰ কাহিনী, চৰিত্ৰ নিৰ্মাণৰ সৈতে মিল নাই "অভিমন্যু"ৰ।)
প্ৰভাত। চৰিত্ৰটো নিৰ্মাণ কৰিছে কমল লোচনক লৈ। কমলৰ অভিনয়ে আমাক সদায় চুই যায়। অভিনয় শক্তি থকা আভিনেতা। কমলৰ বিপৰীতে দীপলিনা ডেকাক লৈ নিৰ্মাণ কৰিছে জ্যোৎস্না চৰিত্ৰটো। কমলৰ ভাল লগা, চুই যোৱা অভিনয় আমাৰ বাবে গতানুগতিক। কিন্তু দীপলিনাৰ চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপন আমাৰ বাবে গতানুগতিক নহয়। ৰূপালী গল্পটোৰ সৌন্দৰ্য হোৱা "নায়িকা" চৰিত্ৰটো নিৰ্মাণৰ বাবে নিশ্চয় পৰিচালক প্ৰশংসা কৰিম। পৰিচালকক প্ৰশংসা কৰিম আৰু এটা চৰিত্ৰ নিৰ্মাণৰ বাবে-- আদিত্য। এগৰাকী ৰাজনৈতিক নেতা। চৰিত্ৰটো নিৰ্মাণ কৰিছে চাংকু নিৰঞ্জন নাথক লৈ।
--এই চৰিত্ৰ কেইটাৰ লগতে চিনেমাৰ কাহিনীৰ গতিত ব্যৱহাৰ হোৱা আন কেইটা চৰিত্ৰ নিৰ্মাণো পৰিপাটি। আমি এনেদৰে ক'ব পাৰো-- চিনেমা খনৰ ইতিবাচক দিশ, ভাল লগা এটা দিশ চৰিত্ৰ নিৰ্মাণ। ইতিবাচক দিশ শব্দ প্ৰয়োগ, কেমেৰা ডিজাইন (ছিকুৱেন্স নিৰ্মাণ)। ৰূপালী গল্পটোৰ গতি চিনেমা খনৰ এক সৌন্দৰ্য। (--এই খিনিতে উল্লেখ কৰিব লাগিব চিনেমা খনত ব্যৱহাৰ কৰা শব্দ আৰু ছিকুৱেন্সে কেইটামান মূহুৰ্তত আমাৰ মনলৈ আনি দিছে "গজনী" খন। এয়া ইতিবাচক দিশ নহয়।)
(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন