--আমাক আনন্দ দিয়ে অভিনয়ে।
--চুই গ'ল অভিনয়ে, "The Lesson"ৰ।
--ভাগীৰথী বাই, ৰাজু ৰয়, বি পালকীৰ অভিনয়ে।
--অভিনয়ৰ বাবে প্ৰয়োজন "চৰিত্ৰ"ৰ। অভিনেতা-অভিনেত্ৰীয়ে "অভিনয় শক্তি" প্ৰয়োগ কৰিব পৰা "শক্তিশালী" চৰিত্ৰৰ।
--চৰিত্ৰ নিৰ্মাণ কৰে নাট্যকাৰে, পৰীচালকে।
--"The Lesson" ফৰাচী-ৰোমানিয়ান নাট্যকাৰ ইউজেন ইয়নেস্কোৰ একক নাটক। অনুবাদ, কিছু সংযোজন কৰিছে নাট্যকৰ্মী বাহাৰুল ইছলামে। অপূৰ্ব অনুবাদ। সংযোজনে এখন নতুন অসমীয়া নাটকৰ অনুভৱ দিছে। ফৰাচী-ৰোমানিয়ান নাট্যকাৰৰ নাটক যেন লগা নাই, অসমীয়া নাটক যেন লাগিছে। প্ৰতিটো সংলাপে দৰ্শকক চুইছে, আমাক চুই গৈছে। (মূল নাটক খন আমি চোৱা নাই, পঢ়া নাই; গতিকে নাজানিম "শিক্ষা ব্যৱস্থা"ক ব্যংগ কৰা, দুৰ্বোধ্য বিষয়ৰ নাটক খন কিমান সহজ-সৰল আছিল। আমি ছিগাল থিয়েটাৰত চোৱা "দ্য লেচন" কিন্তু সহজ-সৰল।) চুই যোৱাৰ আন এটা কাৰণ (মূল কাৰণ বুলিয়ো ক'ব পাৰি।) পৰিচালনা। "চিৰিয়াছ নাটক"ৰ নামত "নাট-কচৰৎ" প্ৰয়োগ কৰা নাই পৰিচালক ভাগীৰথীয়ে। (সততে দেখা যায় অসমীয়া নাট্যকাৰ-পৰিচালকে বিদেশী দুৰ্বোধ্য নাটকৰ আনুবাদ মঞ্চলৈ আনি বুজিব নোৱাৰা আঙ্গিক ব্যৱহাৰেৰে আৰু দুৰ্বোধ্য কৰি আমাৰ দৰে সাধাৰণ দৰ্শকৰ নাট্য-এলাৰ্জি বঢ়াই। নাটক আৰু সাধাৰণ দৰ্শকৰ দূৰত্ব বঢ়াই, নাটক নাটকৰ বাবে, নিৰ্দিষ্ট অনুবাদক, পৰিচালকৰ হৈ থাকে। মুষ্টিমেয় একাংশই হয়তো নাটক চোৱাৰ অনুভৱ কৰে! ক'ব পাৰি-- "বৌদ্ধিক" কাৰবাৰ!) সহজ-সৰল ভাবে দৰ্শকক বিষয় বস্তু অনুভৱৰ ৰসাল বাট দিছে। অসাধাৰণ নাট্য-চিন্তা, পৰিশ্ৰমৰ বাবে দুৰ্বোধ্য বিষয় বস্তুৰ নাটক খন "দৰ্শকৰ বাবে নাটক"লৈ ৰূপান্তৰ হৈছে।
--পৰিচালকে অভিনেতা-অভিনেত্ৰীক অভিনয় শক্তি প্ৰয়োগৰ (প্ৰদৰ্শনৰ!) বাট কাটি দিছে। নাটক খনৰ কাহিনী শেষ বিন্দুলৈ আগবঢ়াই নিছে তিনিটা চৰিত্ৰই। অভিনয় কৰিছে ৰাজু ৰয়, বি পালকী আৰু পৰিচালক ভাগীৰথীয়ে । ভাগীৰথী বাইৰ অভিনয়ে আমাক সদাই চুই আহিছে (পৰ্দাত, মঞ্চত)। ৰাজু ৰয়ৰ আভিনয় পূৰ্বে চোৱাৰ সুযোগ পোৱা নাছিলোঁ, প্ৰথম বাৰ চালোঁ, মগজু চুই গ'ল, মনত ৰৈ গ'ল। শৰীৰ ভাষা, চেহেৰাৰ ভাষ, সংলাপ প্ৰক্ষেপন-- অপূৰ্ব, অসাধাৰণ। (সম্পূৰ্ণ অভিনেতা কাক কয়? ইয়াকে কয়, ৰাজু ৰয়ে দেখুৱালে।) পৰিপাটি অভিনয়ৰে ৰাজুক কাহিনীক গতি দিয়াত সহযোগ কৰিছে বি পালকীয়ে।
--পৰিচালক, অভিনেতা-আভিনেত্ৰীক "নাটক"ৰ পৰিবেশ, সৌন্দৰ্য নিৰ্মাণত সহায় কৰিছে আফতাব হুচেইনৰ পোহৰ নিক্ষেপন, আকাশ শইকীয়াৰ মিউজিক সন্চালন আৰু প্ৰশান্ত কলিতাৰ ব্যৱস্হাপনাই।
(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন