সরাসরি প্রধান সামগ্রীতে চলে যান

The Lesson /নাট্য চৰ্চা

নাটক চোৱাৰ আনন্দ!

--আমাক আনন্দ দিয়ে অভিনয়ে। 

--চুই গ'ল অভিনয়ে, "The Lesson"ৰ। 

--ভাগীৰথী বাই, ৰাজু ৰয়, বি পালকীৰ অভিনয়ে।

--অভিনয়ৰ বাবে প্ৰয়োজন "চৰিত্ৰ"ৰ। অভিনেতা-অভিনেত্ৰীয়ে "অভিনয় শক্তি" প্ৰয়োগ কৰিব পৰা "শক্তিশালী" চৰিত্ৰৰ। 

--চৰিত্ৰ নিৰ্মাণ কৰে নাট্যকাৰে, পৰীচালকে।

--"The Lesson"  ফৰাচী-ৰোমানিয়ান নাট্যকাৰ ইউজেন ইয়নেস্কোৰ একক নাটক। অনুবাদ, কিছু সংযোজন কৰিছে নাট্যকৰ্মী বাহাৰুল ইছলামে। অপূৰ্ব অনুবাদ। সংযোজনে এখন নতুন অসমীয়া নাটকৰ অনুভৱ দিছে। ফৰাচী-ৰোমানিয়ান নাট্যকাৰৰ নাটক যেন লগা নাই, অসমীয়া নাটক যেন লাগিছে। প্ৰতিটো সংলাপে দৰ্শকক চুইছে, আমাক চুই গৈছে। (মূল নাটক খন আমি চোৱা নাই, পঢ়া নাই; গতিকে নাজানিম "শিক্ষা ব্যৱস্থা"ক ব্যংগ কৰা, দুৰ্বোধ‍্য বিষয়ৰ নাটক খন কিমান সহজ-সৰল আছিল। আমি  ছিগাল থিয়েটাৰত চোৱা "দ‍্য লেচন"  কিন্তু সহজ-সৰল।)  চুই যোৱাৰ আন এটা কাৰণ (মূল কাৰণ বুলিয়ো ক'ব পাৰি।) পৰিচালনা। "চিৰিয়াছ নাটক"ৰ নামত "নাট-কচৰৎ" প্ৰয়োগ কৰা নাই পৰিচালক  ভাগীৰথীয়ে। (সততে দেখা যায় অসমীয়া নাট্যকাৰ-পৰিচালকে বিদেশী দুৰ্বোধ্য নাটকৰ আনুবাদ মঞ্চলৈ আনি বুজিব নোৱাৰা আঙ্গিক ব্যৱহাৰেৰে আৰু দুৰ্বোধ্য কৰি আমাৰ দৰে সাধাৰণ দৰ্শকৰ নাট্য-এলাৰ্জি বঢ়াই। নাটক আৰু সাধাৰণ দৰ্শকৰ দূৰত্ব বঢ়াই, নাটক নাটকৰ বাবে, নিৰ্দিষ্ট অনুবাদক, পৰিচালকৰ হৈ থাকে। মুষ্টিমেয় একাংশই হয়তো নাটক চোৱাৰ অনুভৱ কৰে! ক'ব পাৰি-- "বৌদ্ধিক" কাৰবাৰ!) সহজ-সৰল ভাবে দৰ্শকক বিষয় বস্তু অনুভৱৰ ৰসাল বাট দিছে। অসাধাৰণ নাট্য-চিন্তা, পৰিশ্ৰমৰ বাবে দুৰ্বোধ্য বিষয় বস্তুৰ নাটক খন "দৰ্শকৰ বাবে নাটক"লৈ ৰূপান্তৰ হৈছে।

--পৰিচালকে অভিনেতা-অভিনেত্ৰীক অভিনয় শক্তি প্ৰয়োগৰ (প্ৰদৰ্শনৰ!) বাট কাটি দিছে। নাটক খনৰ কাহিনী শেষ বিন্দুলৈ আগবঢ়াই নিছে তিনিটা চৰিত্ৰই। অভিনয় কৰিছে ৰাজু ৰয়, বি পালকী আৰু পৰিচালক  ভাগীৰথীয়ে । ভাগীৰথী বাইৰ অভিনয়ে আমাক সদাই চুই আহিছে (পৰ্দাত, মঞ্চত)। ৰাজু ৰয়ৰ আভিনয় পূৰ্বে চোৱাৰ সুযোগ পোৱা নাছিলোঁ, প্ৰথম বাৰ চালোঁ, মগজু চুই গ'ল, মনত ৰৈ গ'ল। শৰীৰ ভাষা, চেহেৰাৰ ভাষ, সংলাপ প্ৰক্ষেপন-- অপূৰ্ব, অসাধাৰণ। (সম্পূৰ্ণ অভিনেতা কাক কয়? ইয়াকে কয়, ৰাজু ৰয়ে দেখুৱালে।) পৰিপাটি অভিনয়ৰে ৰাজুক কাহিনীক গতি দিয়াত সহযোগ কৰিছে বি পালকীয়ে। 

--পৰিচালক, অভিনেতা-আভিনেত্ৰীক  "নাটক"ৰ পৰিবেশ, সৌন্দৰ্য নিৰ্মাণত সহায় কৰিছে  আফতাব হুচেইনৰ পোহৰ নিক্ষেপন, আকাশ শইকীয়াৰ মিউজিক সন্চালন  আৰু প্ৰশান্ত কলিতাৰ ব‍্যৱস্হাপনাই। 

(আৰু আছে)




মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...