বিশাল ছেট। ডিজাইন কৰিছে
বিপ্লৱ ৰয়ে। বলিউডৰ চিনেমাৰ কলা নিৰ্দেশক গৰাকীয়ে জ্যোতি চিত্ৰবনত নিৰ্মাণ কৰাইছে প্ৰায় ৫০লাখ টকীয়া ছেট "মোক্ষ"ৰ কাহিনীৰ দাবীত। আমি জনাত এনে ধৰণৰ বিশাল ছেট আজিলৈকে আন কোনো অসমীয়া চিনেমাৰ বাবে নিৰ্মাণ কৰা নাই। আমি ছেটৰ ওপৰলৈ উঠি গৈছিলোঁ। মনিটৰত দেখিলোঁ-- বিভাষ চক্ৰৱৰ্তী, প্ৰিয়ম পল্লৱীয়ে শ্বট দি আছে। "মহাৰথী"ৰে অসমীয়া চিনেমাৰ নায়কৰ ট্ৰেকত খোজ পেলোৱা বিভাষক দীৰ্ঘ সময়ৰ পাছত অসমীয়া চিনেমাৰ বাবে শ্বট দিয়া দেখিলোঁ। প্ৰিয়ম পল্লৱীয়ে ৰবি শৰ্মাৰ কাহিনীৰে নিৰ্মিত "শ্ৰী ৰঘুপতি"তো অভিনয় কৰিছিল ৰবি শৰ্মাই অভিনয় কৰা ৰঘুপতি ৰায় বৰুৱাৰ চৰিত্ৰটোৰ ভনীয়েক পৰিমিতা ৰায় বৰুৱাৰ চৰিত্ৰত। --হয়, মূল চৰিত্ৰত ৰবি শৰ্মাই অভিনয় কৰা এই অসমীয়া চিনেমা খনৰো কাহিনী ৰবি শৰ্মাৰ। আমাৰ ধাৰণাত চিনেমা খনৰ পৰিকল্পনা ৰবি শৰ্মাৰ। চিনেমা খনৰ নাম-- "মোক্ষ"। ("মোক্ষ বা বিমোক্ষ বা বিমুক্তি হ'ল হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধর্মত আত্মাৰ মুক্তি প্রসঙ্গৰ এটি শব্দ, আৰু পৰকাল বিষয়ক ধাৰণা। মূল সংস্কৃতৰ পৰা অহা শব্দ।") এখন Psycho thriller cinema, অসমীয়া ভাষাত (পূৰ্ণ দৈৰ্ঘৰ) প্ৰথম খন অসমীয়া চিনেমা। কথা প্ৰসংগত ৰবি শৰ্মাই কৈছিল-- "দৰ্শকক নতুন ধৰণৰ ছবি মই দৰ্শকক দিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ বাবে এইয়া এটা ডাঙৰ প্ৰত্যাহ্বান! আমি যি ধৰণৰ কাহিনীৰে চিনেমা খন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো, তেনে ধৰণৰ কাহিনী, বিষয়বস্তুৰ অসমীয়া নাটক, চুটি ছবি নিৰ্মাণ হৈছে। এনে ধৰণৰ পূৰ্ণ দৈৰ্ঘৰ অসমীয়া চিনেমা নিৰ্মাণ হোৱা নাই। ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ২০২৫ বৰ্ষত আমি চিনেমা খন চিত্ৰগৃহলৈ নিব পাৰিম।"
এই খিনিতে মনলৈ আহিছে ৰবি শৰ্মাই কোৱা কেইটা মান কথা। অসমীয়া চিনেমাৰ "বজাৰ" কেন্দ্ৰিক কথা। 9th Brahmaputra Valley Film Festival-ৰ এক অনুষ্ঠাত ৰবিয়ে কৈছিল-- অসমীয়া চিনেমা আৰু অসমীয়া চিনেমাৰ দৰ্শকৰ মাজত কোনোবা খিনিত সংযোগ নোহোৱা হৈছে। এই দিশটো মনত ৰাখি ৰবিয়ে চিনে চিন্তা কৰে, কৰি "শ্ৰী ৰঘুপতি"ত সফল হৈছে। আৰু সেই একেটা দিশত গুৰুত্ব দিছে "মোক্ষ" চিনেমা লিখাৰ সময়তো। অৰ্থাৎ (আমাৰ ধাৰণাত) কথাটো এনে ধৰণৰ-- অসমীয়া আৱেগ, শিপাৰ কথা মনত ৰাখি নিৰ্মাণ কৰা অসমীয়া চিনেমাৰ প্ৰতিহে আগ্ৰহ দেখুৱাই অসমীয়া চিনেমাৰ দৰ্শকে। আমাৰ ধাৰণাত ৰবিৰ "মোক্ষ" ৰূপালী গল্পটোও হ'ব "অসমীয়া আৱেগ"ৰ!
--ৰবি শৰ্মা, বিভাষ চক্ৰৱৰ্তী, প্ৰিয়ম পল্লৱীৰ লগতে এই চিনেমা খনত অভিনয় কৰিছে, কৰিব বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনা, নাট্যকৰ্মী মৃদুল চুতীয়াৰ লগতে সঞ্জীৱ হাজৰিকা, সিদ্ধাৰ্থ মুখাৰ্জী, অৰ্চিতা আগৰৱাল আদিয়ে।
--মিৰ্জা আৰিফ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ চিত্ৰগ্ৰহণ জ্যোতি চিত্ৰবনৰ লগতে চলিব অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, উত্তৰ বংগৰ বিভন্ন লোকেশ্বনত।
চিনেমা খনৰ টেকনিক পৰিচালনাত থকা ঝুলন কৃষ্ণ মহন্তৰ সৈতে
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন