সরাসরি প্রধান সামগ্রীতে চলে যান

মোক্ষ: চিত্ৰগ্ৰহণ চলিছে...


বিশাল ছেট। ডিজাইন কৰিছে বিপ্লৱ ৰয়ে। বলিউডৰ চিনেমাৰ কলা নিৰ্দেশক গৰাকীয়ে জ্যোতি চিত্ৰবনত নিৰ্মাণ কৰাইছে প্ৰায় ৫০লাখ টকীয়া ছেট "মোক্ষ"ৰ কাহিনীৰ দাবীত। আমি জনাত এনে ধৰণৰ বিশাল ছেট আজিলৈকে আন কোনো অসমীয়া চিনেমাৰ বাবে নিৰ্মাণ কৰা নাই। আমি ছেটৰ ওপৰলৈ উঠি গৈছিলোঁ। মনিটৰত দেখিলোঁ-- বিভাষ চক্ৰৱৰ্তী, প্ৰিয়ম পল্লৱীয়ে শ্বট দি আছে। "মহাৰথী"ৰে অসমীয়া চিনেমাৰ নায়কৰ ট্ৰেকত খোজ পেলোৱা বিভাষক দীৰ্ঘ সময়ৰ পাছত অসমীয়া চিনেমাৰ বাবে শ্বট দিয়া দেখিলোঁ। প্ৰিয়ম পল্লৱীয়ে ৰবি শৰ্মাৰ কাহিনীৰে নিৰ্মিত "শ্ৰী ৰঘুপতি"তো অভিনয় কৰিছিল ৰবি শৰ্মাই অভিনয় কৰা ৰঘুপতি ৰায় বৰুৱাৰ চৰিত্ৰটোৰ ভনীয়েক পৰিমিতা ৰায় বৰুৱাৰ চৰিত্ৰত। --হয়, মূল চৰিত্ৰত ৰবি শৰ্মাই অভিনয় কৰা এই অসমীয়া চিনেমা খনৰো কাহিনী ৰবি শৰ্মাৰ। আমাৰ ধাৰণাত চিনেমা খনৰ পৰিকল্পনা ৰবি শৰ্মাৰ। চিনেমা খনৰ নাম-- "মোক্ষ"। ("মোক্ষ বা বিমোক্ষ বা বিমুক্তি হ'ল হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধর্মত আত্মাৰ মুক্তি প্রসঙ্গৰ এটি শব্দ, আৰু পৰকাল বিষয়ক ধাৰণা। মূল সংস্কৃতৰ পৰা অহা শব্দ।") এখন Psycho thriller cinema, অসমীয়া ভাষাত (পূৰ্ণ দৈৰ্ঘৰ) প্ৰথম খন অসমীয়া চিনেমা। কথা প্ৰসংগত ৰবি শৰ্মাই কৈছিল-- "দৰ্শকক নতুন ধৰণৰ ছবি মই দৰ্শকক দিবলৈ প্ৰয়াস কৰিছোঁ। আমাৰ বাবে এইয়া এটা ডাঙৰ প্ৰত্যাহ্বান! আমি যি ধৰণৰ কাহিনীৰে চিনেমা খন নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো, তেনে ধৰণৰ কাহিনী, বিষয়বস্তুৰ অসমীয়া নাটক, চুটি ছবি নিৰ্মাণ হৈছে। এনে ধৰণৰ পূৰ্ণ দৈৰ্ঘৰ অসমীয়া চিনেমা নিৰ্মাণ হোৱা নাই। ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে ২০২৫ বৰ্ষত আমি চিনেমা খন চিত্ৰগৃহলৈ নিব পাৰিম।"

এই খিনিতে মনলৈ আহিছে ৰবি শৰ্মাই কোৱা কেইটা মান কথা। অসমীয়া চিনেমাৰ "বজাৰ" কেন্দ্ৰিক কথা। 9th Brahmaputra Valley Film Festival-ৰ এক অনুষ্ঠাত ৰবিয়ে কৈছিল-- অসমীয়া চিনেমা আৰু অসমীয়া চিনেমাৰ দৰ্শকৰ মাজত কোনোবা খিনিত সংযোগ নোহোৱা হৈছে। এই দিশটো মনত ৰাখি ৰবিয়ে চিনে চিন্তা কৰে, কৰি "শ্ৰী ৰঘুপতি"ত সফল হৈছে। আৰু সেই একেটা দিশত গুৰুত্ব দিছে "মোক্ষ" চিনেমা লিখাৰ সময়তো। অৰ্থাৎ (আমাৰ ধাৰণাত) কথাটো এনে ধৰণৰ-- অসমীয়া আৱেগ, শিপাৰ কথা মনত ৰাখি নিৰ্মাণ কৰা অসমীয়া চিনেমাৰ প্ৰতিহে আগ্ৰহ দেখুৱাই অসমীয়া চিনেমাৰ দৰ্শকে। আমাৰ ধাৰণাত ৰবিৰ "মোক্ষ" ৰূপালী গল্পটোও হ'ব "অসমীয়া আৱেগ"ৰ!

--ৰবি শৰ্মা, বিভাষ চক্ৰৱৰ্তী, প্ৰিয়ম পল্লৱীৰ লগতে এই চিনেমা খনত অভিনয় কৰিছে, কৰিব বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনা, নাট্যকৰ্মী মৃদুল চুতীয়াৰ লগতে সঞ্জীৱ হাজৰিকা, সিদ্ধাৰ্থ মুখাৰ্জী, অৰ্চিতা আগৰৱাল আদিয়ে। 

--মিৰ্জা আৰিফ হাজৰিকাৰ পৰিচালনাৰে নিৰ্মাণ হৈ থকা এই চিনেমা খনৰ চিত্ৰগ্ৰহণ জ্যোতি চিত্ৰবনৰ লগতে চলিব অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, উত্তৰ বংগৰ বিভন্ন লোকেশ্বনত।

চিনেমা খনৰ টেকনিক পৰিচালনাত থকা ঝুলন কৃষ্ণ মহন্তৰ সৈতে

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...