সরাসরি প্রধান সামগ্রীতে চলে যান

শ্বুটিং ৰিপ'ৰ্ট/ মঞ্জু বৰাৰ নিৰ্দেশত কেমেৰা ঘূৰিছে

পৰিচালক মঞ্জু বৰাৰ নিৰ্দেশত কেমেৰা চলাইছে পাৰ্থই। কেমেৰাৰ ফ্ৰেমত দুটা চৰিত্ৰ। বলোৰাম দাস আৰু এগৰাকী অভিনেত্ৰী। সম্ভৱত: অভিনেত্ৰী গৰাকীক লৈ পৰিচালকে মূল উপন্যাস খনত থকা মীৰা চৰিত্ৰটো নিৰ্মাণ কৰিছে।

অভিনেত্ৰী: সেইদিনা লক্ষ্মী ককাইদেৱে কি কৈছিল ককাইদেউ?

বলোৰাম: মোক একো কোৱা নাই। দেউতাকহে কিবা কৈছিল হ'ব পায়?

অভিনেত্ৰী: তুমি পইছাৰ কথা চিন্তা কৰিছা নেকি?

বলোৰাম: পইছাৰ কথা চিন্তা নকৰা মানুহ পৃথিবীত কোন আছে?

অভিনেত্ৰী: পইছা জানো এনেয়ে খৰছ কৰিছা?

বলোৰাম: জানো! কিন্তু ককাইদেৱে যদি তেনেকৈ ভাবিছে মই কি কৰিম?...দেউতাই কি ক'লে?

অভিনেত্ৰী: মোক একো কোৱা নাই। মই জানো দেউতাই তোমাৰ কামত বাধা নিদিয়ে। যিমান টকাৰ দৰকাৰ তোমাক দিব।

বলোৰাম: ময়োতো তেনেকৈয়ে আশা কৰিছোঁ; কিন্তু সময়মতে যদি আৱশ্যকীয় টকা নেপাওঁ তেতিয়াহে বৰ বিপদ হ'ব।

অভিনেত্ৰী: একো বিপদ নহয়, তুমি চিন্তাই নকৰিবা, মোৰ বাইদেউৰে নাই বুলিলে চল্লিশ হাজাৰ টকাৰ অলঙ্কাৰ আছে। বাইদেৱে নিদিলেও মই সকলো বেচি দিম- যদি তোমাৰ দৰকাৰ হয়। 

(সংলাপ আমাৰ কানত পৰা নাছিল। মনিটৰত চাই অনুভৱ কৰিছিলোঁ মূল উপন্যাসত থকা এই চোৱা কেমেৰাৰ স্থান সলাই সলাই কেমেৰাত ধৰি ৰাখিছে।)

কেমেৰাৰ স্থান আৰু সলনি কৰিলে। এই কেমেৰাৰ ফ্ৰেমলৈ আহিল আৰু তিনিটা চৰিত্ৰ। ছিলি আৰু ছেটৰ কাম কৰা দুটা চৰিত্ৰ। কলগছ ব্যৱহাৰ কৰি ছেট সজাত ব্যস্ত দুই চৰিত্ৰই। কাট কাটকৈ ফ্ল'ৰত পেলাই ৰখা কলগছতো কেমেৰা পেন কৰালে পৰিচালকে। 

--বুজাত অসুবিধা নহ'ল জ্যোতিপ্ৰসাদ আগৰৱালাই "জয়মতী"ৰ বাবে ভোলাগুৰি চাহবাগিচাত সজাই লোৱা চিত্ৰবন ষ্টুডিঅ'ত কলগছ ব্যৱহাৰ কৰি যেনেদৰে ছেট সজাইছিল, ঠিক তেনেদৰেই কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ হতুৱাই পৰিচালক মঞ্জু বৰাই ছেট ডিজাইন কৰাই, সজাই লৈছে "ৰূপতীৰ্থৰ যাত্ৰী"ৰ বাবে। সুন্দৰ ছেট, চকু ৰৈ যোৱা ছেট। আমাৰ ধাৰণাত সুপৰিকল্পিত প্ৰচাৰৰ সহায়ত এই ছেট সৌন্দৰ্যক "দৰ্শক"ৰ ওচৰলৈ নিব পাৰিলে চিনেমা খনে স্থানীয় বজাৰত সহায় পাব।

চিনেমা খনৰ লোকশ্বনত আন এটা দিন:

দুটা চৰিত্ৰ-- ৰচনা আৰু মিৰিণ্ডা। "দুজনী বেলেগ ছোৱালী-- ৰচনা আৰু মিৰিণ্ডা।" ৰচনা --জোতিৰ্ময়ৰ কাষত থাকিও দূৰত আছে। মিৰিণ্ডা--  হেজাৰ মাইল দূৰত থাকিও জ্যোতিৰ্ময়ৰ অন্তৰৰ অতি কাষতে  আছে। চৰিত্ৰ তিনিটা "ৰূপতীৰ্থৰ যাত্ৰী"ৰ, কথাশিল্পী ছৈয়দ আব্দুল মালিকৰ উপন্যাসৰ। হাজাৰ হাজাৰ পাঠকৰ চিনাকী, ছপা মাধ্যমৰ পৰা পাঠকৰ মন-মগজুত বিশেষ ইমেজত বন্দী হোৱা এই তিনিটা চৰিত্ৰ (লগতে উপন্যাস খনৰ আন চৰিত্ৰ) সাহিত্যৰ ভাষাৰে, কেমেৰাৰ ভাষাৰে নিৰ্মাণত ব্যস্ত দক্ষ পৰিচালক মঞ্জু বৰা। --হয়, উপন্যাস খনৰ আধাৰতে পৰিচালক গৰাকীয়ে চিত্ৰনাট্য ৰচনা কৰি চিনেমা আকাৰ দিয়াত ব্যস্ত হৈ আছে যোৱা ২৩ দিন ধৰি। যোৰহাট, কলকাতা, তাজপুৰৰ পাছত বৰ্তমান ব্যস্ত হৈ আছে জ্যোতি চিত্ৰবনত। 

আজি (১ ডিচেম্বৰ ২০২৪) আমি দেখিলোঁ --জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত নুৰুদ্দিন আহমেদে সজোৱা ছেটত গীত চিত্ৰায়ণত ব্যস্ত, ফ্ৰেমত  চোফীয়া আৰু বলোৰাম দাস। 

"সোণৰে পালেঙতে অ' মনেতৰা 

ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে

কপাহৰে তালিচা পৰা মনেতৰা।।..."

কৰিঅ'গ্ৰাফাৰক কামৰ স্বাধীনতা দিছে; কিন্তু এৰি দিয়া নাই, পৰিচালকে চিত্ৰায়ণৰ কাম নিজৰ মতে কৰাই লৈছে। পৰিচালকৰ ওচৰত বহি আমি মনিটৰত অনুভৱ কৰিলোঁ "ৰূপকোঁৱৰৰ সপোন"! 

--অভিনয় শক্তি (powerful acting) -ৰ বাবে বলোৰামক চিত্ৰৰসিকে জানে! কিন্তু চোফিয়া? 

--চোফিয়াক নজনাৰে কথা।

পৰৱৰ্তী শ্বটৰ বাবে অপেক্ষাত চোফীয়া। অকলে, নিৰৱে। হয়তো "চৰিত্ৰ" হৈ আছে!

--পৰিচালক মঞ্জু বৰাৰ পৰা জানিলো চোফীয়াৰ কথা। ইউক্ৰেইনৰ ছোৱালী। "ৰূপতীৰ্থ যাত্ৰী" অভিনয় কৰা প্ৰথম খন চিনেমা। নাটকত অভিনয় কৰা অভিজ্ঞতাও নাই। কিন্তু অনুভৱ কৰিলোঁ --পৰিচালকৰ, টিমৰ সৈতে professional actor-ৰ দৰে কাম কৰিছে। (পৰিচালকে চোফীয়াক আমাৰ সৈতে চিনাকী কৰি দিলে। নম্ৰ। ভদ্ৰ। চিনেমাত অভিনয় কৰাৰৰ অনুভৱ সুন্দৰ বুলি ক'লে।) মিৰিণ্ডাক নিৰ্মাণত পৰিচালকে বিছৰা ধৰণে পৰিশ্ৰম কৰিছে!

জোতিৰ্ময়ে (উপন্যাস খনৰ কাহিনীৰ গতিত) মিৰিণ্ডাক লগ পাইছিল ইটালিত। "সোণবৰণীয়া কেঁকোৰা মিহি চুলি, গভীৰ নীলা এযোৰ চকু, এযোৰ সৰু কোমল হাঁহিৰ ৰেখা লাগি থকা ওঁঠ, এটা অলপ চুটি কিন্তু গঢ়িত নাক-- সেয়াই ১৯ বছৰীয়া মিৰিণ্ডা।" ঔপন্যাসিকৰ "কল্পনাৰ মিৰিণ্ডা"ৰ পৰা মঞ্জু বৰাই সাহিত্যৰ ভাষাৰে, কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰি থকা "মিৰিণ্ডা" কিমান ওচৰৰ, কিমান দূৰৰ-- সেয়া সময়ত চিত্ৰৰসিকে পৰ্দাত দেখিব। কিন্তু আমাৰ এই ধাৰণা ভূল নহব-- মিৰিণ্ডা হ'ৰ ৰূপালী গল্পটোৰ অলংকাৰ, সৌন্দৰ্য। 

সন্দেহ নাই-- ৰূপালী গল্পটোৰ মূল বিন্দু জোতিৰ্ময়। (চৰিত্ৰটো নিৰ্মাণ কৰি আছে বলোৰাম দাসক লৈ। সন্দেহ নাই এগৰাকী "নতুন বলোৰাম"ক অনুভৱ কৰিব দৰ্শকে।) হয়তো মূল বিন্দুটোক বহু খিনি আগবঢ়াই নিয়াত পৰিচালকে "মিৰিণ্ডা" বিন্দুটো ব্যৱহাৰ কৰিব!

--চিত্ৰগ্ৰহণ শেষ হোৱা নাই। বৰ্তমান চলি আছে মৰিগাঁৱৰ লোকেশ্বনত। চিনেমা খনৰ প্ৰযোজক ড৹ সঞ্জীৱ নাৰায়ণ, ডাঃ অক্ষতা নাৰায়ণৰ।




মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...