ভৈৰৱী-- আন এক অৰ্থ সন্ত্ৰাস বা বিস্ময়কৰ। এঠাই পঢ়িছিলোঁ "ভৈৰৱী হিন্দু দেৱী মহাবিদ্যাৰ লগত যুক্ত। তেখেত ভৈৰৱৰ পত্নী। তেখেতৰ চাৰি হাত, এক হাতত গ্ৰন্থ, এটা জপমালা, এটা অভয়া মুদ্ৰা আৰু আনটো ভাৰদ মুদ্ৰা লৈ পদুমৰ উপৰত বহি আছে। তেখেত ৰঙা পোচাক পৰিধান কৰে।..."
নাটক খনৰ নাম-- "ভৈৰৱী"। নাট্যকাৰে দ্বিতীয়তো অৰ্থ মনত ৰাখি নামাকৰন কৰিছে। স্পষ্ট হৈছে নাটক খনৰ শেষ দৃশ্যটোত।
মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত চোৱা এই নাটক খনৰ নাট্যকাৰ মৃন্ময় ভূঞা, পৰিচালনা বসন্ত শইকীয়াইৰ। নাটক খনৰ কাহিনীৰ মূল বিন্দু ভৈৰৱী নহয়, মাটি। মাটিৰ শিল্প, মাটিৰ অধিকাৰ।
ভৈৰৱীৰ পিতৃ (চৰিত্ৰ: ক্ষেত্ৰপাল। অভিনেতা: বিজিত দেৱ চৌধুৰী) মৃৎশিল্পী। প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি এই কলা কৰ্মৰ আদৰ কমিছে যদিও ভৈৰৱীৰ পিতৃয়ে এৰি দিয়া নাই। এৰি নিদিয়ে! ভৈৰৱীৰ ভাতৃয়ে কিন্তু এই কৰ্ম আগবঢ়োৱাৰ পক্ষত নাই। এই শিল্পকৰ্মত ভৈৰৱীৰ দেউতাকক সহায় কৰে কাৰ্তিকে (অভিনেতা: নিলোৎপল নাথ)। মুছলিম পৰিয়ালত ডাঙৰ হোৱা কাৰ্তিকৰ প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় নাই। এই চৰিত্ৰটোক নাটক খনত নায়কৰ আকাৰ দিয়া হৈছে।
নায়িকা?
স্বাভাৱিকতে-- ভৈৰৱী।
--ভৈৰৱী। সুন্দৰ মনৰ। অশুৱনি চেহেৰাৰ।
--ভৈৰৱীক কোনো ডেকাই পচন্দ নকৰে, বিয়াৰ বাবে। চাবলৈ আহে, অশুৱনি চেহেৰাৰ বাবে পছন্দ নকৰে।
নাটক খনৰ আন এটা চৰিত্ৰ-- দলৈ গোঁসাই (অভিনেতা: ৰণধীৰ মানৱ গোস্বামী)। দলৈ গোঁসাইৰ ওচৰত নাৰীৰ জাতি নাই, নিৰাপত্তা নাই। অন্তঃসত্বা হয় ভৈৰৱী। দেৱালয়ৰ মাটিৰ মুখ্য দলৈ গোঁসাই আঁৰতে থাকি যায় ভৈৰৱীৰ গৰ্ভত থকা সন্তানৰ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তো। কাৰ্তিকে কয়-- সন্তান তাৰ। ... থাকক, কাহিনী ইমানতে এৰিছোঁ। এৰাৰ কাৰণ-- কাহিনীয়ে আমাক চুব পৰা নাই। (কাহিনীয়ে চুব নোৱাৰাৰ এটা কাৰণ-- ঠিয় হৈ নাটক চোৱা বিশৃংখল পৰিবেশ হৈছিল, যাৰ বাবে আমি বহি নাটক চোৱা একাংশ দৰ্শকে আধা মঞ্চৰ, প্ৰায় ৬০% শতাংশ নাটক দেখিছিলোঁ। আন নাটক খনৰ কাহিনীৰ "বাস্তৱতা" আমাৰ বাবে প্ৰশ্নবধক হৈ ৰ'ল, এন আৰ চি প্ৰসংগ আনি এটা সম্প্ৰদায়ক হত্যাৰ যি দৃশ্য দেখিলোঁ। নাটক খনৰ কাহিনীৰ গতিত নাট্যকাৰে নিৰ্মাণ কৰা চৰিত্ৰৰ দলৈ গোঁসাই আমাৰ ধাৰণাৰ বাহিৰত।) আমাক আমাক চুইছে-- পৰিচালনাই, অভিনয়ে।পৰিপাটি পৰিচালনা। পোহৰ-সংগীত সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে। "চৰিত্ৰ"ক মঞ্চৰ একোনত অৱস্থান কৰোৱাৰ সময়তো মঞ্চ ভৰাই ৰাখিছে, পৰিবেশ নিৰ্মাণত কৰিছে "পোহৰে" (স্বাভাৱিকতে প্ৰশংসা কৰিম পোহৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা দীপক ডেকাক), সংগীত পৰিকল্পনাই (সংগীত: দীকু ভৰদ্বাজ।) আৰু মঞ্চ সজ্জাই (মঞ্চসজ্জা:ধনজিত শৰ্মা)।
অভিনয়লৈ আহিছোঁ-- ভৈৰৱীৰ চৰিত্ৰত অভিনয় কৰা বিপাশা দৈমাৰীৰ নাম প্ৰথমতেই উল্লেখ কৰিব লাগিব। বিপাশাৰ লগতে ক্ষেত্ৰপালৰ চৰিত্ৰত বিজিত দেৱ চৌধুৰীৰ, লাঠিয়াল শম্ভুৰ চৰিত্ৰত অভিনেতা যতীন খনিকৰৰ, পাঞ্চালীৰ চৰিত্ৰত সুকন্যা ফুকনৰ অভীনয় নাটক খনৰ আন এক সৌন্দৰ্য।
(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন