সরাসরি প্রধান সামগ্রীতে চলে যান

ভৈৰৱী/ নাটক

ভৈৰৱী-- ভাৰতীয় ৰাগশাস্ত্রত বর্ণিত এটি প্রাচীন ৰাগ।

ভৈৰৱী-- আন এক অৰ্থ সন্ত্ৰাস বা বিস্ময়কৰ। এঠাই পঢ়িছিলোঁ "ভৈৰৱী হিন্দু দেৱী মহাবিদ্যাৰ লগত যুক্ত। তেখেত ভৈৰৱৰ পত্নী। তেখেতৰ চাৰি হাত, এক হাতত গ্ৰন্থ, এটা জপমালা, এটা অভয়া মুদ্ৰা আৰু আনটো ভাৰদ মুদ্ৰা লৈ পদুমৰ উপৰত বহি আছে। তেখেত ৰঙা পোচাক পৰিধান কৰে।..."

নাটক খনৰ নাম-- "ভৈৰৱী"। নাট্যকাৰে দ্বিতীয়তো অৰ্থ মনত ৰাখি নামাকৰন কৰিছে। স্পষ্ট হৈছে নাটক খনৰ শেষ দৃশ্যটোত। 

মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত চোৱা এই নাটক খনৰ নাট্যকাৰ মৃন্ময় ভূঞা, পৰিচালনা বসন্ত শইকীয়াইৰ। নাটক খনৰ কাহিনীৰ মূল বিন্দু ভৈৰৱী নহয়, মাটি। মাটিৰ শিল্প, মাটিৰ অধিকাৰ।

ভৈৰৱীৰ পিতৃ (চৰিত্ৰ: ক্ষেত্ৰপাল। অভিনেতা: বিজিত দেৱ চৌধুৰী) মৃৎশিল্পী। প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি এই কলা কৰ্মৰ আদৰ কমিছে যদিও ভৈৰৱীৰ পিতৃয়ে এৰি দিয়া নাই। এৰি নিদিয়ে! ভৈৰৱীৰ ভাতৃয়ে কিন্তু এই কৰ্ম আগবঢ়োৱাৰ পক্ষত নাই। এই শিল্পকৰ্মত ভৈৰৱীৰ দেউতাকক সহায় কৰে কাৰ্তিকে (অভিনেতা: নিলোৎপল নাথ)। মুছলিম পৰিয়ালত ডাঙৰ হোৱা কাৰ্তিকৰ প্ৰকৃত পিতৃ-মাতৃৰ পৰিচয় নাই। এই চৰিত্ৰটোক নাটক খনত নায়কৰ আকাৰ দিয়া হৈছে। 

নায়িকা?

স্বাভাৱিকতে-- ভৈৰৱী।

--ভৈৰৱী। সুন্দৰ মনৰ। অশুৱনি চেহেৰাৰ। 

--ভৈৰৱীক কোনো ডেকাই পচন্দ নকৰে, বিয়াৰ বাবে। চাবলৈ আহে, অশুৱনি চেহেৰাৰ বাবে পছন্দ নকৰে। 

নাটক খনৰ আন এটা চৰিত্ৰ-- দলৈ গোঁসাই (অভিনেতা: ৰণধীৰ মানৱ গোস্বামী)। দলৈ গোঁসাইৰ ওচৰত নাৰীৰ জাতি নাই, নিৰাপত্তা নাই। অন্তঃসত্বা হয় ভৈৰৱী। দেৱালয়ৰ মাটিৰ মুখ্য দলৈ গোঁসাই আঁৰতে থাকি যায় ভৈৰৱীৰ গৰ্ভত থকা সন্তানৰ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তো। কাৰ্তিকে কয়-- সন্তান তাৰ। ... থাকক, কাহিনী ইমানতে এৰিছোঁ। এৰাৰ কাৰণ-- কাহিনীয়ে আমাক চুব পৰা নাই। (কাহিনীয়ে চুব নোৱাৰাৰ এটা কাৰণ-- ঠিয় হৈ নাটক চোৱা বিশৃংখল পৰিবেশ হৈছিল, যাৰ বাবে আমি বহি নাটক চোৱা একাংশ দৰ্শকে আধা মঞ্চৰ, প্ৰায় ৬০% শতাংশ নাটক  দেখিছিলোঁ। আন নাটক খনৰ কাহিনীৰ "বাস্তৱতা" আমাৰ বাবে প্ৰশ্নবধক হৈ ৰ'ল, এন আৰ চি প্ৰসংগ আনি এটা সম্প্ৰদায়ক হত্যাৰ যি দৃশ্য দেখিলোঁ। নাটক খনৰ কাহিনীৰ গতিত নাট্যকাৰে নিৰ্মাণ কৰা চৰিত্ৰৰ দলৈ গোঁসাই আমাৰ ধাৰণাৰ বাহিৰত।) আমাক আমাক চুইছে-- পৰিচালনাই, অভিনয়ে।পৰিপাটি পৰিচালনা। পোহৰ-সংগীত সৌন্দৰ্যলৈ ৰূপান্তৰ কৰিছে। "চৰিত্ৰ"ক মঞ্চৰ একোনত অৱস্থান কৰোৱাৰ সময়তো মঞ্চ ভৰাই ৰাখিছে, পৰিবেশ নিৰ্মাণত কৰিছে "পোহৰে" (স্বাভাৱিকতে প্ৰশংসা কৰিম পোহৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা দীপক ডেকাক), সংগীত পৰিকল্পনাই (সংগীত: দীকু ভৰদ্বাজ।) আৰু মঞ্চ সজ্জাই (মঞ্চসজ্জা:ধনজিত শৰ্মা)।

অভিনয়লৈ আহিছোঁ-- ভৈৰৱীৰ চৰিত্ৰত অভিনয় কৰা বিপাশা দৈমাৰীৰ নাম প্ৰথমতেই উল্লেখ কৰিব লাগিব। বিপাশাৰ লগতে ক্ষেত্ৰপালৰ চৰিত্ৰত বিজিত দেৱ চৌধুৰীৰ, লাঠিয়াল শম্ভুৰ চৰিত্ৰত অভিনেতা যতীন খনিকৰৰ, পাঞ্চালীৰ চৰিত্ৰত সুকন্যা ফুকনৰ অভীনয় নাটক খনৰ আন এক সৌন্দৰ্য। 

(আৰু আছে)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...