সরাসরি প্রধান সামগ্রীতে চলে যান

গোলাই চোৰ /নতুন চিনেমা

যোৱ ২৭ ডিচেম্বৰত আমন্ত্ৰণ পাইছিলোঁ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ পৰা-- এখন নতুন অসমীয়া চিনেমাৰ ট্ৰেইলাৰ আৰু সংগীত মুকলি অনুষ্ঠানলৈ।  জেং এন্টাৰটেইনমেন্ট আৰু অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ যুটীয়া প্রযোজনাত নির্মিত চিনেমা খনৰ নাম-- "গোলাই চোৰ"। অনুষ্ঠানৰ নিৰ্দিষ্ট সময়ৰ কেইঘণ্টা মান পূৰ্বে ASFFDC-ৰ ফালৰ পৰা জনোৱা হ'ল-- "Today's program has been cancelled."। কৰণ নজনালে। সেয়া যি নহওক, আজি চিনেমা খনৰ "ট্ৰেইলাৰ"টো দেখিলোঁ। (সম্ভৱতঃ "ট্ৰেইলাৰ"টো ১৫ জানুৱাৰী ২০২৪ -তো দেখুৱাইছিল, "আইদেউ চিত্ৰগৃহ মুকলি কৰাৰ দিনাও দেখুৱাইছিল!) চিনেমা খনৰ কাহিনী ভাগ যে হাস্য প্ৰধান হ'ব-- সন্দেহ নাই। 

সংবাদ মাধ্যমক চিনেমা খনৰ পৰিচালক ৰক্তিম কমল বৰুৱাই কৈছে, "... এখন পিৰিয়ডিক হাস্যমধুৰ চিনেমা। সাধুকথাৰ নিচিনা! যোৰহাটৰ এটা অঞ্চলৰ এটা সঁচা ঘটনাৰ আলম হিচাপে লৈ ইয়াৰ কাহিনী নিৰ্মাণ কৰা হৈছে। স্বাভাৱিকতে কিছু অংশ কাল্পনিক । ১৯৪৫ চন কিছুমান ঘটনা আৰু নতুন স্বাধীন ভাৰতৰ সমাজ ব্যৱস্থাকলৈ চোৰ আৰু পুলিচৰে এটা কাহিনী হাস্যমধুৰভাৱে তাত উপস্থাপন কৰা হৈছে ।" চিনেমা খনত অভিনয়

কৰিছে জয়ন্ত দাস, হিমাংশু গগৈ, কেনী বসুমতাৰী, জয়ন্ত ভাগৱতী, টনী বসুমতাৰী, হিমাংশু প্ৰসাদ দাস, মৃন্ময় শইকীয়া, বনী দেউৰী, বনদ্বীপ শৰ্মা, বেদব্ৰত বৰা, সপ্তৰ্ষি গগৈ, নৱজ্যাতি নাথ মৈত্ৰী দাস, বলীন বৰা, বনদীপ শৰ্মা, প্ৰতিভা চৌধুৰী আদিয়ে। সংগীত পৰাশৰ কাশ্যপৰ, দৃশ্যগ্ৰহণ প্ৰয়াস শৰ্মাৰ। তামুলীয়ে, চাউণ্ড ডিজাইন অমৃত প্ৰীতমৰ । এই চিনেমা খন চিত্ৰগৃহলৈ আহিব অহা ১৭ জানুৱাৰীত।

(গোলাই ছিৰিজ-- ৬০ খনৰো বেছি ডিটেকটিভ উপন্যাসৰ এটি ছিৰিজ। লেখক: কুমুদেশ্বৰ বৰঠাকুৰ। এই উপন্যাস চিৰিজৰ সৈতে "গোলাই চোৰ"ৰ কিবা সম্পৰ্ক আছে নেকি! --মনলৈ অহা প্ৰশ্ন।)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...