এখন অসমীয়া চিনেমা-- "ফেঁহুজালি"। ২০১৭ চনৰ চিনেমা। লেখক-পৰিচালক বিশ্বজিৎ বৰা। চিনেমা খনৰ বাজেট আছিল প্ৰায় ১০ লাখ টকা। পৰিচলক-লেখক গৰাকীৰ আন এখন চিনেমা-- ১২ লাখ টকা বাজেটৰ
"বুম্বা ৰাইড" (মিচিং ভাষাৰ শ্ৰেষ্ঠ চিনেমা হিচাপে ২০২১ চনৰ ৰজত কমল বঁটা প্ৰাপ্ত)। এই চিনেমা দুখনত অনুভৱ কৰিব পাৰি পৰিচালক বিশ্বজিতৰ চিনে শক্তি আৰু উত্তৰণ, "ফেঁহুজালি"ৰ পৰা "বুম্বা ৰাইড"লৈ উত্তৰণ। কেমেৰাৰ ভাষাৰ পৰিপাটি ব্যৱহাৰ, মেডহীন সাহিত্যৰ ভাষাৰে নিৰ্মাণ কৰা দুখন "চিনে কলাৰ ববে চিনেমা" পৰ্যায়ৰ চিনেমা। চিনেমা দুখনত পৰিচালক-লেখকৰ সমাজিক দায়বদ্ধতা স্পষ্ট। দায়বদ্ধতা স্পষ্ট পৰিচালক গৰাকীৰ আন এখন চিনেমা-- "এইচা য়েহ জাহান"তো। ২০১৫ -ৰ চিনেমা, হিন্দী ভাষাৰ। পৰিচালক গৰাকীৰ তৃতীয় চিনেকৰ্ম। প্ৰথম, দ্বিতীয় ক্ৰমে-- "এজাক জোনাকীৰ জিলমিল" (অসমীয়া/ ২০০৮), "এঞ্জেল অফ দা এবৰিজিনেলছ: ডাঃ ভেৰিয়াৰ" (ইংৰাজী/২০১০)। পৰিচালক গৰাকীৰ প্ৰথম দুই চিনেকৰ্ম আমি চোৱা নাই। আমি পৰিচালক গৰাকীৰ চিনেকৰ্ম প্ৰথম বাৰ অনুভৱ কৰিছিলোঁ-- "বহ্নিমান" (বাজেট: প্ৰায় ৮০ লাখ টকা/ অসমীয়া/ ২০১৬) -ত। বলিউডৰ জনপ্ৰিয় ধাৰাৰ শৈলিৰ চিনেমা। এই একে শৈলীৰ আন এখন চিনেমা-- "ৰক্তবীজ" (বাজেট: ৬৮ লাখ টকা/ অসমীয়া/ ২০১৮)।
চিনেমাৰ "মধ্যম পন্থা" এসময়ত চৰ্চাৰ বিষয় হৈছিল। ক'ব পাৰি এই "পন্থা"ৰে চিনেমা বিশ্বজিতৰ অষ্ঠম পৰিচালনা-- "বেলকনিত ভগৱান" (মেকিং বাজেট: ২৮ লাখ টকা/ অসমীয়া/ ২০২০)। (পৰিচালক গৰাকীৰ আন দুখন চিনেমা: হিন্দী "ধোঁৱে চে ধোঁৱে টক", অসমীয়া "লখিমী" আমি চোৱা নাই।) চোৱা চিনেমা কেইখনৰ পৰা আমাৰ ধাৰণা --বিশ্বজিত এটা বৃত্তত বন্দী পৰিচালক নহয়। ভিন্ন শৈলীৰ চিনেকৰ্ম কৰিছে, কৰি সফল হৈছে। এই "সফলতা"ৰ বুনিয়াদত ঠিয় হৈ পৰিচালনা কৰি উলিয়াইছে আন এখন চিনেমা-- "বীৰাংগনা সাধনী"। এই চিনেমা খনৰ বাজেট লাখ নহয়, কোটি। প্ৰায় ৩ কোটি টকা। চিনেমা খনৰ বিষয় বস্তু, নিৰ্মাণ শৈলী মনত ৰাখি ক'ব পাৰি চিনেমা খনৰ বাজেট ১০ কোটি বুলি ক'লেও আছৰিৎ হোৱাৰ কাৰণ নাই!
পূৰ্বালোকন
"বীৰাংগনা সাধনী"ৰ সাজু কৰা দুটা ট্ৰেইলাৰত অনুভৱ কৰিছিলোঁ-- বিশ্বজিতৰ শেহতীয়া চিনেকৰ্ম।
ট্ৰেইলাৰ দুটাত "ৰক্তবীজ"ৰ, ফেঁহুজালি"ৰ চিনেকৰ্মৰ ছাঁ নাই, মনলৈ আনি দিছে "বাহুবলী: দ্য বিগিনিং" ইত্যাদিৰ। colourful, পৰিপাটি চিনেকৰ্মৰ অনুভৱ দিছে। ঐতিহাসিক চিনেমা যেতিয়া চিনেমা খনৰ বুনিয়াদ "কাহিনী", চৰিত্ৰ নিৰ্মাণ। "কাহিনী" নিৰ্মাণ কৰিছে চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী সতী সাধনী বা সাধনী নাৰায়ণক কেন্দ্ৰ কৰি। সাধনী নাৰায়ণ জন্ম আনুমানিক ১৫ শতিকাৰ শেষ ভাগত হৈছিল বুলি কোৱা হয়। --চিনেমা খনৰ কাম আৰম্ভ হোৱাৰে পৰা চৰ্চাৰ বিষয় আছিল, কোনে অভিনয় কৰিব এই চৰিত্ৰটোত। অভিনেতা-অভিনেত্ৰী নিৰ্বাচন পৰ্ব আৰম্ভ হৈছিল। নিৰ্বচন পৰ্বত মই নিজেও এগৰাকী বিচাৰক আছিলোঁ। কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী পৰিচালকৰ চকুত পৰিছিল (আন চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছিল।), চৰিত্ৰটোৰ বাবে কিন্তু অভিনেত্ৰী পোৱা নাছিল।
অৱশেত এগৰাকী পাইছিল, বিশ্বজিতে খবৰটো দিছিল, বিতং তথ্য দিয়া নাছিল। চিত্ৰগ্ৰহণৰ সময়তো "নায়িকা" আঁৰতে থাকিল। থাকিল মানে, পৰিচালকেই ইচ্ছাকৃতভাবে আঁৰতে ৰাখিলে। নাম জনাৰ আগতে, চোৱা ট্ৰেইলাৰ দুটাত আশাৰে চাবলৈ ৰৈ থকা নায়িকাগৰাকীকো দেখিলোঁ, আন কেইবাটাও চৰিত্ৰৰ সৈতে। যুদ্ধৰ পৰিৱেশ নায়িকা, আন চৰিত্ৰৰ লগতে "নীতিপাল" লুকানন্দক। দেখিলোঁ সুৰধ্বজ পাল" মৃদুল চুতীয়াক, 'কাঁচিতৰা" তপন দাসকে ধৰি বহুতকে। অনুমান কৰিব পাৰি-- চিনেমা খনৰ নিৰ্মাণ পৰ্ব, বিশেষকৈ যুদ্ধৰ শিহৰণকাৰী দৃশ্য নিৰ্মাণৰ আয়োজন আছিল তামিল-তেলেগু বা বলিউডৰ বিগ বাজেটৰ চিনেমাৰ পৰ্যায়ৰ। খৰছ কিমান কৰিছে নাজানো, জানিবলৈ চেষ্টা কৰা নাই, "কাম" কিন্তু বলিউডৰ চিনেমাক ফেৰ মাৰিব পৰা হৈছে। যদি চিনেমা খনৰ সম্পূৰ্ণ নিৰ্মাণ পৰ্ব ট্ৰেইলাৰ দুটাৰ পৰ্যায়ৰ হৈছে, ক'ব পাৰিম অসমৰ পৰিচালকে "বাহুবলী"ৰ দৰে চিনেমা নিৰ্মাণ কৰিব নোৱাৰে বুলি কোনো কথা নাই, অসমৰ পৰিচালকে "লাচিত বৰফুকন" কেন্দ্ৰিক "ৰাষ্ট্ৰীয় পৰ্যায়"ৰ চিনেমা নিৰ্মাণ কৰিব নোৱাৰে বুলিয়ো কোনো কথা নাই!
--শেষৰজন চুতীয়া ৰজা ধীৰনাৰায়ণ চিনেমা খনৰ কাহিনীৰ এটা বিন্দু। এই চৰিত্ৰটোত অভিনয় কৰিছে দক্ষ অভিনেতা অভিনেতা ভৱেশ বৰুৱাই। ড°ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত "মন প্ৰজাপতি"ৰ নায়ক গৰাকীৰ এয়া চিনেযাত্ৰাৰ নতুন বাট বুলিব পাৰি।
--চিনেমা খনত প্ৰাঞ্জল শইকীয়া,, মলয়া গোস্বামী, লেম ছেঞ্চু, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ ক্ৰ', চন্দনা শৰ্মা, পলাশ মেচ, অৰুণ হাজৰিকা, ৰমেন তামুলীকে ধৰি প্ৰায় ৫০০ আভিনেতা-অভিনেত্ৰী কেমেৰাৰ ফ্ৰেমলৈ আহিছে।
--এক বিশাল ইউনিট লৈ কাম কৰিছে বিশ্বজিতে। অসমৰ, অসমৰ বাহিৰৰ। ডাইৰেক্টৰ অফ ফটোগ্ৰাফী এশৱাৰ ইয়েল্লুমাহান্থী। একচন ডাইৰেক্টৰ হিচাপে আছে দক্ষিণৰ এগৰাকী প্ৰখ্যাত একচন ডাইৰেক্টৰ এন জি বাবু। কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদৰ। সংগীত অংগৰাগ পাপন মহন্তৰ। কষ্টিউম লুপামুদ্ৰা গগৈ বৰাৰ।প্ৰযোজনা নিয়ন্ত্ৰক অসীম শইকীয়া। চিত্ৰনাট্য বিশ্বজিত বৰা, লুপামুদ্ৰা গগৈ বৰা আৰু বিনীদ মেননৰ।
প্ৰায় ৯৫ শতাংশ চিত্ৰ গ্ৰহণৰ কাম সম্পূৰ্ণ হোৱা এই চিনেমা খনৰ নাম-- "বীৰাংগনা সাধনী"। চুতীয়া উন্নয়ন পৰিষদৰ বেনাৰত নিৰ্মিত। সম্ভৱতঃ চিত্ৰগৃহলৈ আহিব অহা ২৫ জুলাইত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন