পৰিচালক-লেখক: সঞ্জীৱ সভাপণ্ডিত
প্ৰযোজক: অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত, উৎপল কুমাৰ দাস
চিত্ৰগ্ৰহণকাৰী: পৰাশৰ বৰুৱা
সম্পাদনা: সৌৰভ দত্ত
সংগীত: অনুৰাগ শইকীয়া
অভিনয়ত: কুলদা কুমাৰ ভট্টাচাৰ্য, লোনেলা আও, মালা গোস্বামী, আৰেন জমিৰ, চিন্ময় চক্ৰৱৰ্তী, সাজন নায়ক, বিদ্যুত বিকাশ শৰ্মা, তেজস্বিনী বৰুৱা, অসীম কৃষ্ণ বৰুৱা, অমিতাভ ৰাজখোৱা আদি।
চিত্ৰগৃহত: ২০১৬
এই চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১৬) আহিছিল "ৰাষ্ট্ৰীয় একতাৰ নাৰ্গিছ দত্ত বঁটা" শিতানত।
"দিকচৌ বনত পলাশ" ৰূপালী গল্পটোৰ মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল কুলদা কুমাৰ ভট্টাচাৰ্যক লৈ। এগৰাকী স্বাধীনতা সংগ্ৰামী। অসমীয়া। চন ১৯৪৬। ততীতচাৰণ ২০০২ চনৰ পৰা। বৃদ্ধ স্বাধীনতা সেনানী গৰাকীয়ে এৰি অহা দিনবোৰ যেতিয়া মনলৈ আনে প্ৰেমৰ মিঠা স্মৃতি--, নগা যুৱতী গৰাকীৰ নিৰ্মল মৰম। নগা পাহাৰত ঘূৰি ফুৰা এজন তৰুণ নায়কে লগ পাইছিল নগা যুৱতী গৰাকীক। অসমীয়া তৰণ নায়ক গৃহ জিলাত সন্দেহৰ আৱৰ্তত পৰিছিল, গৃহ জিলাৰাপৰা নিৰ্বাসন দিছিল। কলৈ যোৱা যায় বুলি নগা পাহাৰ পাইছিল, তাতেই লগ পোৱা নগা ছোৱালী গৰাকীৰ প্ৰেমত বান্ধ খাইছিল। কিন্তু সেই বান্ধোন স্থায়ী নহ'ল। এৰা এৰি হ'ল। অতীতচাৰণত বৃদ্ধ স্বাধীনতা সেনানী গৰাকীৰ আৰু মনলৈ আহে জীৱন চলাবলৈ নগা যুৱতী গৰাকীয়ে কেইটামান মুদ্ৰা দিছিল। সেই মুদ্ৰা কেইটা পূৰ্বৰ প্ৰেয়সীক লগ কৰি ঘুৰাই দিয়াৰ মন! ঘূৰাই দিয়াৰ পৰিকল্পনা কৰে।
পৰিচালকে কাহিনী কোৱাৰ লগতে পৰিবেশ নিৰ্মাণত মন দিছে। সংগীতে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়াইছে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন