পৰিচালক-প্ৰযোজক, সম্পাদনা, চিত্ৰগ্ৰহণ: জাংদাও বডোচা
চিত্ৰনাট্য: জাংদাও বডোচা,কামাখ্যা ব্ৰহ্ম নাৰ্জাৰী,
মঙ্গল সিং হাজোৱাৰী, মতিলাল বসুমতাৰী
সংগীত পৰিচালক: ৰাজেশ্বৰ ব্ৰহ্ম, ধনঞ্জয় বৰগয়াৰী
চিত্ৰগৃহত: ১৯৯৬
দৈৰ্ঘ্য: ৭৩ মিনিট
অভিনয়ত: টিকেন্দ্ৰজিৎ নাৰ্জাৰী, অঞ্জলি বসুমতাৰী...
এই চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা-- বড়ো। কাহিনী বনানী কেন্দ্ৰিক। বনানী ধ্বংস। পৰিচালকে কেমেৰাৰ ভাষা প্ৰয়োগ আৰু বাস্তৱিক অভিনয়ত গুৰুত্ব দিছে। বুদাং (চৰিত্ৰটো নিৰ্মাণ কৰিছে টিকেন্দ্ৰজিৎ নাৰ্জাৰীক লৈ) আৰু বুদাঙৰ জীয়েক মিথিংগা (চৰিত্ৰটো নিৰ্মাণ কৰিছে অঞ্জলি বসুমতাৰীক লৈ) চিনেমা খনৰ কাহিনীৰ মূল দুটা বিন্দু। বনানী খন ধ্বংস হৈ আহিছে। বুদাঙৰো জীৱন চলে হাবি খনৰ পৰা চুৰ কৰি বজাৰত বিক্ৰি কৰা খৰিৰে, কাঠেৰে। জীয়েক মিথিংগা ডাঙৰ হৈছে, বিয়াৰ বয়স হৈছে। গতিকে বুদাঙৰ টকাৰ প্ৰয়োজন বাঢ়িল। পৰিশ্ৰমো বঢ়ালে। আৰু এদিন বজাৰলৈ চোৰাং খৰি নিয়াৰ সময়ত ধৰা পৰে, শাস্তিৰ সন্মুখীন হয়। -- বুদাঙে চোৰ্য বৃত্তি এৰিব নোৱাৰিলে, এৰাৰ বাট নাপালে। শাস্তি পোৱাৰ পাছত কামৰ বাট সলালে। বজাৰলৈ নগৈ গছ কাটি হাবিৰ ভিতৰতে কাঠৰ চোৰাং কাৰবাৰীক বিক্ৰী কৰিবলৈ ধৰিলে। --কাহিনী আগবাঢ়ে। চোৰাং কাৰবাৰীৰ লগত বুদাঙৰ ব্যৱসায় চলি থাকে। আৰু এদিন বুমাঙে কল্পনা নকৰা "ঘটনা" ঘটিল। সুযোগ বুজি চোৰাং ব্যৱসায়িয়ে মিথিংগাক দলবদ্ধভাবে বলাৎকাৰ কৰে। পৰিচালকে মিথিংগাক দলবদ্ধভাবে কৰা বলাৎকাৰত প্ৰতিফলিত কৰিছে কুমাৰী অৰণ্যৰ ওপৰত অসৎ লোকবোৰে গছ-বন কাটি অত্যাচাৰ, বনানীক কৰি থকা বলৎকাৰ। সুপৰিকল্পিত প্ৰতিক প্ৰয়োগ।
--এই চিনেমা খনলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আহিছে পৰিবেশ শিতানত শ্ৰেষ্ঠ চিনেমাৰ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন