পৰিচালক-লেখক: জাহ্নু বৰুৱা
প্ৰযোজক: চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়া
চিত্ৰগ্ৰহণকাৰী: পি. ৰঞ্জন
সম্পাদনা: শিৱাজী চৌধুৰী
সংগীত পৰিচালক: ৰীতা দাস, ৱাই. এছ. মূল্কী
চিত্ৰগৃহত: ২০০৪
দৈৰ্ঘ্য: ৬৩ মিনিট
অভিনয়ত: মৃগাক্ষী, অনুপ হাজৰিকা, অতুল পাচনি, ইন্দ্ৰানী চেতিয়া, প্ৰতিভা চৌধুৰী, দীন বৈশ্য, আবতোশ ভূঞা, অৰুণ হাজৰিকা, সুকন্যা খাৰঘৰীয়া।
শিশুৰ বাবে চিনেমা, শিশু চৰিত্ৰ কেন্দ্ৰিক চিনেমাৰ মাজত ৰেখা এডাল আছে। এই ৰেখা দালক সততে মনত ৰখা নহয়--, শিশু চিনেমা কেন্দ্ৰিক চৰ্চাৰ সময়ত। শিশু মনস্তত্ব কেন্দ্ৰিক চিনেমা শিশু চিনেমা নে? --এয়াও প্ৰশ্নৰ বিষয়।
তৰা-- এগৰাকী কিশোৰী। সাত বছৰীয়া। এই চৰিত্ৰটোৱে "তৰা" চিনেমা খনৰ মূল বিন্দু। চৰিত্ৰট নিৰ্মাণ কৰিছে কিশোৰী মৃগাক্ষীক লৈ। মাক জোনাকী (অভিনয়ত: ইন্দ্ৰানী চেতিয়া), দেউতাক পূৰ্ণ (অভিনয়ত: অনুপ হাজৰিকা) আৰু আইতাকৰ (প্ৰতিভা চৌধুৰী) সৈতে থাকে। আন এটা পৰিয়াল। শয্যাগত মাতৃৰ সৈতে থাকে দুই ভায়েক নৱ আৰু দেৱ। এদিন প্ৰতিৱেশী পৰিয়াল দুটাৰ মাজত সংঘাত মাটিক কেন্দ্ৰ কৰি। ওচৰে-ওচৰে থকা পৰিয়াল দুটা আঁতৰে-আঁতৰে থাকিবলৈ লয়। পৰিয়াল দুটাৰ কাজিয়া সহজ ভাবে লব নোৱাৰিলে তৰাই। আৰু কাজিয়াখন মীমাংসা কৰাৰ বাট কাটে। ইমানেই।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন