সরাসরি প্রধান সামগ্রীতে চলে যান

ফিৰিঙতি --The Spark

পৰিচালক-লেখক: জাহ্নু বৰুৱা
প্ৰযোজক: শৈলধৰ বৰুৱা
চিত্ৰগ্ৰহণকাৰী: অনুপ জোটৱানী
সম্পাদনা: হিউৱেন বৰুৱা, ৰঞ্জিত দাস
সংগীত পৰিচালক: সত্য বৰুৱা
অভিনয়ত: মলয়া গোস্বামী, বিষ্ণু খাৰঘৰীয়া, লক্ষ্যধৰ চৌধুৰী, হেমেন চৌধুৰী, ইনু বৰুৱা,বাদল দাস,চেতনা দাস...
জাহ্নু বৰুৱাৰ এখন সুপৰিচালনা-- 'ফিৰিঙতি"। চিনেমাখনৰ 'কাহিনী' ভাগৰ 'সময়' ১৯৬২। চীন ভাৰতৰ যুদ্ধৰ সময়। চিনেমাখনৰ মূল চৰিত্ৰটো নাৰী। নাম- ঋতু। বিধৱা। স্বামীৰ মৃত্যুৰ পাছত ঋতুৱে সিদ্ধান্ত লয় শিক্ষকৰ চাকৰি কৰিব। নিযুক্তি পায় কৰঙা নামৰ এখন সৰু গাঁৱত। গাঁওখনলৈ গৈ জানিব পাৰে, যিখন বিদ্যালয়ত নিযুক্তি পাইছে সেইখন যোৱা ১১ বছৰে নাই। সেইখানেই নহয়, কোনো বিদ্যালয়ে নাই। ঋতুবে জানিব পাৰিলে বিদ্যালয়খন জুইত জাহ গৈছে। শিক্ষকজনে পেঞ্চন পাইছে। গাঁওখনৰ গাঁওবুঢ়াৰ তাগিদাত ঋতুরে বিদ্যালয়লখন আকৌ আৰম্ভ কৰাৰ কথা চিন্তা কৰে। তাই অনুভৱ কৰে কামাটে। সহজ নহয়, তাইৰ বাবে ডাঙৰ প্রত্যাহবান। গাঁৱৰ মানুহখিনিয়ে প্রথমে শংকা কৰিছিল যদিও পাছত সহায় কৰে। বিদ্যালয় আৰম্ভ হয়। তেনেতে যুদ্ধৰ বাবে চাকৰি হেৰুওৱা মানুহ এজনে বিদ্যালয়খন নিজৰ হাতলৈ নিয়াৰ চিন্তা কৰে। ষড়যন্ত্র ৰচনা কৰে। কাৰণ অৱশ্যে অন্য। চিনেমাখনৰ আন এটা চৰিত্ৰ ডালিমী। শিক্ষা লৈ ডালিমীয়ে 'উৰা'ৰ সপোন দেখে। ঋতুৰ পৰা শিক্ষা লয়। ঋতুক সহায় কৰে। ডালিমীৰ বিয়া হোৱাৰ মন নাই, চাকৰি এৰি গাঁওলৈ অহা সেই মানুহজনে ডালিমীক বিয়া কৰাব খোজে। ডালিমীৰ পক্ষত থিয় দিয়ে ঋতুরে। সেই খঙতে মানুহজনে এদিন বিদ্যালয়খন জ্বলাই দিয়ে। এইবাৰ আগবাঢ়ি আহে গাঁওবাসী--কোনো জুইকে জ্ঞানৰ ফিৰিঙতিক আকৌ নির্বাপন কৰিব দিয়া নহ'ব বুলি বিদ্যালয়খন সাজিবলৈ। --চিনেমাখনৰ মন চুই যোৱা দিশটো পিছে এই কাহিনীভাগ নহয়। পৰিচালনা, সত্য বৰুৱাৰ সংগীত আৰু অভিনয়হে চিনেমাখনৰ ইতিবাচক দিশ। বিশেষকৈ মলয়া গোস্বামীৰ অভিনয়, ঋতুৰ চৰিত্ৰটোত কৰা অভিনয়। সন্দেহ নৰখাকৈ ক'ব পাৰি চৰিত্ৰটো আছিল সুন্দৰ, সুপরিকল্পিত। মন টুই যোৱা আন এটা চৰিত্র 'পইছা খোৱা'। চৰিত্ৰটোত অতি সুন্দৰ অভিনয় কৰিছে বিষ্ণু আবঘৰীয়াই। এই অভিনয়ৰ লগতে চিনেমাখনৰ মন চুই যোৱা দিশটো হ'ল পৰিবেশ নিৰ্মাণ। বাস্তৱিক লোকেশ্বনত চিত্রগ্রহণ কৰিছে। প্ৰতিটো চৰিত্ৰয়ে বাস্তৱৰ ওচৰৰ। গাঁও খনৰ সহজ-সৰল মানুহ খিনিয়ে নুবুজে, নাজানে-- নাগাচাকি-হিৰোচিমা, এটমবোম ইত্যাদি। বুজে যুদ্ধ, যুদ্ধ মানেই ধ্বংস। যেতিয়া "এটমবৈম" বুজে গছৰ তলত তাছপাত খেলি সময় পাৰ কৰা বৃদ্ধ এজনে (অভিনয়ত: লক্ষ্যধৰ চৌধুৰী) কয়-- "সিহত বুৰ্বক নেকি! পৃথিৱী ধ্বংস হ'লে যে সিহঁতো ধ্বংস হ'ব!" মন চুই যোৱা সংলাপ। চিনেমা খনে দিয়া "সংবাদ"।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...