সরাসরি প্রধান সামগ্রীতে চলে যান

মিৰবীন/ চিনেৰ্চা

মৃদুল গুপ্তাৰ পৰিচালনা-- "মিৰবীন"। চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা-- কাৰ্বি। চিনেমা খনত প্ৰয়োগ কৰা সংগীত শব্দ-- কাৰ্বি লোক সংগীত (সংগীত তৰালি শৰ্মাৰ। চিনেমা খনৰ বিশেষ ৰূপালী সৌন্দৰ্য। বাঁহী বাদ্যক গুৰুত্ব দিছে। গীত ব্যৱহাৰ কৰিছে, কাহিনীৰ গতিত।)। চিনেমাৰ কাহিনী নিৰ্মাণৰ বুনিয়াদ-- ২০০৫ চনত কাৰ্বি আংলঙৰ উগ্ৰপন্থী বিবাদ। অশান্ত পৰিবেশত সাধাৰণ মানুহৰ জীৱন বিপদৰ মাজত সোমাই পৰিছিল, আত্মিয়ক হেৰুৱাইছিল, ঘৰ-সম্পত্তি হেৰুৱাইছিল, নিৰ্জাতনৰ বলি হৈছিল। এটা কাহিনীৰে সেই "দুঃসময়" পৰ্দালৈ আনিছে পৰিচালকে। কাহিনীৰেখাৰ মূল বিন্দু-- মিৰবীন নামৰ এগৰাকী কাৰ্বি গাভৰু। সৰুতে তাই আইতাকে কোৱা "ছেৰডিহুন" কথা শুনিছিল। "ছেৰডিহুন" কাৰবি জনগোষ্ঠীৰ এগৰাকী কিংবদন্তি মহিলা চৰিত্ৰ। কোৱা হয়  "ছেৰডিহুনে" কাৰ্বি তাঁতশালৰ সামগ্ৰীত ৰঙৰ প্ৰয়োগ আৰু ডিজাইন উদ্ভাৱন কৰিছিল। --এই চৰিত্ৰটোই মিৰবীনৰ সংবেদনশীল মনটোক চুইছিল, ৰৈ গৈছিল, এক অৰ্থপূৰ্ণ জীৱনৰ সন্ধান কৰে, সন্ধান কৰি মনত হাহাকাৰ অনুভৱ কৰে।

২০০৫ চন। কাৰ্বি আৰু অন্যান্য জাতি-জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ৰক্তাক্ত সময়ৰ মাজত হাহাকাৰ অনুভৱ কৰে মুক্ত মনৰ মিৰবীনে। তাইৰ মনৰ হাহাকাৰ আৰু বাঢ়ে তাই ভাল পোৱা বিদ্ৰোহী যুৱক লংকীয়ে এটা বেলেগ সম্প্ৰদায়ৰ এজন শ্ৰদ্ধাৰ ব্যক্তিক হত্যা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা, বিদ্ৰোহীৰ নৃশংসতাত তাইৰ বন্ধু কাবান আৰু বহু আত্মীয়ৰ মৃতুত। ইমানতে মিৰবীনৰ যন্ত্ৰনা শেষ নাহয়। তাইৰ সৰু গাঁওখনৰ ঘৰ জ্বলিল, আক্ৰমণকাৰীয়ে হিংস্ৰভাৱে তাইক ধৰ্ষণ কৰিলে। ইমানৰ পাছতো তাইক শক্তি দিছিল "ছেৰডিহুনে"। তাই জীৱনৰ পোহৰ দেখিছিল, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছিৰিকালচাৰ বিভাগে প্ৰচাৰ কৰা এখন প্যামফ্লেটে (Pamphlet)

পোহৰৰ সন্ধান দিলে। বস্ত্ৰশিল্পৰ সৈতে জড়িত চৰকাৰী আঁচনিসমূহে মিৰবীনক জীৱনৰ নতুন বাট দিলে।

--পৰিচালকে মূল বিন্দুৰ গতিত কাৰ্বি সমাজৰ সেই সময়ৰ উত্তাল-আশান্ত পৰিবেশ পৰিপাটিকৈ চিত্ৰায়ণ কৰিছে কেমেৰাৰ ভাষাক গুৰুত্ব দি। এই খিনিতে অৱশ্যেই উল্লেখ কৰিব লাগিব-- কেমেৰাৰ ভাষা প্ৰয়োগত কেইবাটাও ছিকুৱেন্সৰ সৌন্দৰ্যৰ  ক্ষতি কৰিছে, কৃত্ৰিমতাই। আৰু আমাৰ ধাৰণাত পৰিচালকে কাহিনীৰ "গতি সৌন্দৰ্য"তকৈ "চৰিত্ৰ সৌন্দৰ্য" আৰু "দৃশ্য সৌন্দৰ্য"ত বেছি গুৰুত্ব দিছে। চুই যোৱা ছিকুৱেন্স, শ্বট নিৰ্মাণৰ বিপৰীতে ৰূপালী গল্পটোৰ নেতিবাচক দিশ-- কেমেৰাৰ ভাষাৰে পৰিচালকে বিষয়-বস্তুৰ গভীৰতালৈ (depth) যোৱা নাই বা যাব পৰা নাই। কাহিনীৰ গতিত-- ভয়ত "চৰিত্ৰ" অস্থিৰ হৈছে; কিন্তু অস্থিৰতাই দৰ্শকক চুব পৰা নাই। মিৰবীন, আন চৰিত্ৰৰ যন্ত্ৰণাই দৰ্শকক চুব পৰা নাই। 

 (লিখি আছোঁ)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...