"ৰক্তপুষ্প"-- মূল মাৰাঠী নাটক (নাট্যকাৰ: মহেশ এলকোনচৱাৰ)। নাটক খনৰ ইংৰাজী অনুবাদৰ পৰা অসমীয়ালৈ ৰূপান্তৰ কৰি, পৰিচালনা কৰিছে ডাঃ জাহানাৰা বেগমে। মূল চৰিত্ৰটোত নাট্যকৰ্মী গৰাকীয়ে অভিনয়ো কৰিছে। নাটক খনৰ বিষয়-বস্তু: নাৰীৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অৱস্থা ’ৰজোনিবৃত্তি’ (Menopause)। বিষয়-বস্তুক পৰিপাটিকৈ আগুৱাই নিছে পৰিপাটি সংলাপ আৰু অভিনয়ে। প্ৰতিটো "চৰিত্ৰ"ৰে অভিনয় মাৰ্জিত। সংলাপ প্ৰক্ষেপণ, শাৰিৰীক আচৰণ "অতি নাটকীয়" মুক্ত। ভাল লগা আন এটা দিশ-- মঞ্চ পৰিকল্পনা। কাহিনীৰ গতি-- এটা ঘৰৰ তিনিটা কোঠালী। কাহিনীৰ গতিত মঞ্চ পৰিৱৰ্তন কৰিব নলগাকৈ পৰিকল্পনা কৰা "ডিজাইন"-এ আমাক আকৰ্ষণ কৰিছে নাটক খনৰ বিষয়-বস্তু, কাহিনীৰ মাজলৈ যোৱাৰ আগতে। "মঞ্চ সৌন্দৰ্য" বঢ়াইছে সংগীত আৰু পোহৰ "ডিজাইন", প্ৰয়োগে। আমি এনেদৰে ক'ব পাৰোঁ-- নাটক খনৰ সম্পূৰ্ণ "ডিজাইন", পৰিকল্পনা পৰিপাটি।
নাটক খনৰ মূল বিন্দু (চৰিত্ৰ) ডাঃ জাহানাৰা বেগমে অভিনয় কৰা চৰিত্ৰটো। মূল বিন্দুৰ সৰল ৰৈখিক গতিত আৰু চাৰিটা চৰিত্ৰ গুঠা হৈছে। (এটা চৰিত্ৰ ফটো ফ্ৰেমত। মূল চৰিত্ৰটোৰ সন্তান। সৈনিক আছিল। মৃত্যু হৈছে।) তিনিটা চৰিত্ৰ-- মূল চৰিত্ৰটোৰ স্বামী, পোন্ধৰ বছৰীয়া ছোৱালী সন্তান আৰু ছোৱালী গৰাকীৰ প্ৰায় সম বয়সৰ এজন পেয়িং গেষ্ট। নাট্যকাৰে প্ৰতিটো চৰিত্ৰ ব্যৱহাৰ কৰিছে "বিষয়-বস্তু"ক কাহিনীৰে গতি দিয়াত।
--সংগীতৰ মাজেৰে, "প্ৰেম পত্ৰ"ৰ মাজেৰে, মায়াময় পোহৰৰ মাজেৰে মূল বিন্দুৰ গতি। চৰিত্ৰটোৰ মনৰ মাজত আস্থিৰতা! "চৰিত্ৰ"টোৱে নিজেও বুজিব পৰা নাই--কি হৈছে! নকবলগীয়া কথা কৈছে, জীয়ৰীৰ প্ৰতি মৰম আছে; কিন্তু নকবলগীয়া কথাৰে জীয়ৰীক অসন্তুষ্ট কৰিছে, অজুহাট পালেই স্বামীৰ সৈতে কাজিয়া কৰিছে। ইত্যাদি। মূল বিন্দুটো ৰেখালৈ ৰূপান্তৰ হোৱাৰ সময়ত স্পষ্ট হয়, মনোদৈহিক অস্থিৰতা-- ৰজোনিবৃত্তিৰ সময়ত হোৱা জটিলতাৰ বাবে। নাট্যকাৰে বিষয়-বস্তুৰে পোন্ধৰ বছৰীয়া নাৰী চৰিত্ৰ এটিকো চুইছে। "বিষয়-বস্তু"ৰ এই গতিত চুই গৈছে মূল চৰিত্ৰত অভিনয় কৰা ডাঃজাহানাৰা বেগমে। খোজ-কাটাল, চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপনেৰ "চৰিত্ৰ"টোৰ মনৰ মাজৰ হাহাকাৰক আউল নলগাকৈ দৰ্শকৰ মাজলৈ লৈ গৈছে। অভিনেত্ৰী জাহানাৰা বেগমৰ দৰে সফল পৰিচালক জাহানাৰা বেগমো। --নাটক খনৰ দৰ্শক হৈছিলোঁ জ্যেতিৰূপা নাট সমাৰোহত।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন