সরাসরি প্রধান সামগ্রীতে চলে যান

ৰাগ-বিৰাগ/চিনেচৰ্চা

|| ৰাগ-বিৰাগ (Vacation for a Sanyasi) ||


প্ৰযোজক: ভবেন বৰুৱা, খনিন বৰুৱা

পৰিচালক: বিদ্যুৎ চক্ৰৱৰ্তী

লেখক: ৰঞ্জিত শৰ্মা

চিত্ৰগ্ৰহণকাৰী: মৃণাল কান্তি দাস

সম্পাদনা: এ শ্ৰীকৰ প্ৰসাদ

সংগীত: শ্বেৰ চৌধুৰী

অভিনয়ত: প্ৰাঞ্জল শইকীয়া, চিমি, জ্ঞানদা কাকতি, বিদ্যা ৰাও, জোৱান দত্ত, সঞ্জীৱ হাজৰিকা, নীলু চক্ৰৱৰ্তী, মুনিন বৰুৱা, ডাঃ হাদি আলম বৰা, সাগৰ সংগম সৰকাৰ, কৌশিক নাথ, বিউটি সভাপণ্ডিত, জুনু বৰুৱা আদি।

চিত্ৰগৃহলৈ: ১৯৯৬


"ৰাগ-বিৰাগ" --বিদ্যুৎ চক্ৰৱৰ্তীৰ প্ৰথম স্বাধীন পৰিচালনা। প্ৰথম পৰিচালনাতে স্পষ্ট-- পৰিচালক গৰাকীৰ পৈনত চিনে-চিন্তা, পৰিচালনা শক্তি। ।

এই চিনেমা খনলৈ আহিছিল-- পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম চিনেমাৰ ইন্দিৰা গান্ধী শিতানৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৭)। চিনেমা খনলৈ আহিছিল আৰু দুটা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা-- শ্ৰেষ্ঠ সম্পাদক: এ শ্ৰীকৰ প্ৰসাদ, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী: মৃণাল কান্তি দাস। ভাৰতীয় পেনোৰামত (১৯৯৭ উদ্বোধনী চিনেমা  হিচাপে) এই চিনেমা খন প্ৰদৰ্শন কৰা হয়। 

চিনেমা খনৰ কাহিনী: এটা নগৰীয় মধ্যবিত্তীয় পৰিয়াল। সময়: নব্বৈৰ দশক। পৰিয়ালটোৰ প্ৰতিজনৰে মোক্ষ, মুক্তি আৰু সুখ সম্পৰ্কে নিজানিজা দৃষ্টিভঙ্গী আছে। কাহিনীৰ এটা বিন্দু ভাৰ্গৱ, যিয়ে জীৱনৰ অৰ্থ বিছাৰি ঘৰৰ পৰা ওলাই গৈছিল, সন্ন্যাসী হৈছিল। ভাৰ্গৱৰ এজন ভতিজাক সুৰজিতেও পোন্ধৰ বছৰ পাছত খুৰাকৰ বাট লবলৈ প্ৰস্তুতি চলিয়। ঘৰখনত উৎকণ্ঠাৰ সৃষ্টি হয়! আইতাককে ধৰি সকলোৱে বুজালে ঘৰ এৰি নাযাবলৈ, বুজনিয়ে কাম নিদিলে! আইতাকে সন্ন্যাসী ভাৰ্গৱক মাতিবলৈ ক’লে। মাতিবলৈ গ'ল-- পৰী। চিনেমা খনৰ কাহিনীৰ আন এটা বিন্দু, নাৰী চৰিত্ৰ।

পৰীৰ সম্পৰ্ক আছিল ভাৰ্গৱ আন এজন ভতিজা অৰ্ণৱৰ সৈতে। অন্তৰঙ্গ সম্পৰ্ক। এদিন অৰ্ণৱে বিপ্লৱী সংগঠনত যোগদান কৰি ঘৰৰ পৰা ওলাই যায়। অৰ্ণৱ-পৰীৰ সম্পৰ্ক ইমানতে ইতি হয়। পাছলৈ তাইৰ বন্ধুত্ব হয় সুৰজিতৰ সৈতে। সন্যাসৰ প্ৰতি আকৰ্ষিত হোৱাৰ পাছত সুৰজিতে তাইৰ আঁতৰে আঁতৰে ফুৰে। 

পৰীৰ সৈতে আশ্ৰমৰ পৰা আহি ভাৰ্গৱে সুৰজিতক বুজাবলৈ চেষ্টা কৰে। বুজাওঁতে বুজাওঁতে ভাৰ্গৱে এদিন অনুভৱ কৰিলে যে তেওঁ নাৰীৰ প্ৰেম নাপালে। আৰু পৰীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে। পৰীক তেওঁৰ  আসক্তিৰ কথা জনালে। কিন্তু পৰীৰ বাবে এই প্ৰেম গ্ৰহণৰ বাট নাছিল। ভাৰ্গৱৰ ইমান দিনৰ সাধনা ভ্ৰষ্ট হৈ গ’ল বুলিঅনুশোচনা হ’ল! পুনৰ নতুনকৈ সাধনা কৰাৰ সংকল্পেৰে ভাৰ্গৱে আকৌ আশ্ৰমলৈ যাত্ৰা কৰিলে। সুৰজিতেও সন্যাস গ্ৰহণ কৰিলে, ঘৰ এৰিলে। আৰু পৰীয়ে ভাৰ্গৱৰ আন এজন ভতিজাক মণ্টুৰ সৈতে নতুন বাটত সুখৰ সন্ধানত খোজ দিলে। 

চিনেমা খনৰ গতিত অনুভৱ হয়-- পৰিচালকে সুখৰ সন্ধানে সৃষ্টি কৰি ভ্ৰমক সংযোগ কৰিছে সন্যাস আৰু পৰী নামৰ নাৰী চৰিত্ৰটোৰে।

পৰীৰে গুঠিছে চাৰি পুৰুষ চৰিত্ৰ। সন্যাস আৰু পৰীক প্ৰতিক ৰূপত ভৱাৰ অৱকাশ দিছে পৰিচালকে।

বিষয় বস্তু, কাহিনী কোৱাৰ শৈলীৰ লগতে চিনেমা খনৰ সৌন্দৰ্য --(সংলাপ, সংগীতকে ধৰি) শব্দ। পৰিচালক শব্দ প্ৰয়োগত যিমান সচেতন, সিমানেই সচেতন কেমেৰাৰ ভাষা প্ৰয়োগত।


মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...