পৰিচালক-প্ৰযোজক: হীৰেন বৰা
লেখক: (কাহিনী)জিতুমণি বৰা, (চিত্ৰনাট্য) নৰেন পাটগিৰি
সংগীত: তৰালি শৰ্মা
কলা নির্দেশক: পংকজ বেজবৰুৱা
চিত্ৰগ্ৰহণ: পাপু ডেকা
সাজসজ্জা: ৰ’জী বৰা
সম্পাদনা: দীপক মণ্ডল
শব্দগ্রহণ: বলেন পাঠক
ৰি-ৰেকৰ্ডিং: হিমান্ত কুমাৰ গগৈ, কল্পনা ভূঞাঁ গগৈ
অভিনয়: যতীন খনিকৰ, ৰ’দালী বৰা, ৰঞ্জিত কুমাৰ দাস, ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, ডাঃ নৰেশ্বৰ শৰ্মা, ৰ’দালী বৰা, দুর্গাশ্ৰী বৰা, আদ্রিতা পৰশা মহন্ত, ৰ’জী বৰা, অহিত খান, দীপাংকৰ দেৱ বৰাল, জেচমিন খাতুন, ৰেজাউল কবিৰ, আজাদ উচমান গনি, কাচভি বৰুৱা আহমেদ আৰু শিশু শিল্পী নিৰজ শৰ্মা।
বিশেষ সম্প্ৰদায়ৰ এজনী ছোৱালী। শিক্ষাৰ বাটত আগবঢ়াৰ সপোন দেখে। বোৰ্খাৰ পৰা মুক্ত হৈ মুকলি বাটেৰে নিজকে আগুৱাই নিব বিছৰা ছোৱালী জনীয়ে শেষত সফলতাৰ বাট দেখে। ছোৱালী জনীৰ সপোন আৰু অসমৰ চৰ আঞ্চলৰ সমাজ জীৱনক লৈ নিৰ্মাণ হৈছে এখন চিনেমা। --চিনেমা খনৰ নাম "বোৰ্খা-- The Veil"। পৰিচালক: হীৰেণ বৰা। সাংবাদিক-লেখক জিতুমণি বৰাৰ কাহিনীৰ আধাৰত চিনেমা খনৰ চিত্ৰনাট্য লিখিছে নৰেন পাটগিৰিয়ে।
--চিনেমা খনৰ সৌন্দৰ্য মূল চৰিত্ৰত ৰ’দালী বৰাই কৰা অভিনয়। অভিনেত্ৰী গৰাকীৰ চেহেৰাৰ ভাষা চুই যাব পৰা। কিন্তু চৰিত্ৰটো নিৰ্মাণত পৰিচালক বিফল। সাজসজ্জা-ৰূপসজ্জাত পৰিচালকে মন দিব লাগিছিল। কাহিনীৰ শেষ বিন্দুত "চৰিত্ৰ"টো বোৰ্খাৰ পৰা মুক্ত হয়। বোৰ্খা দলিয়াই দিয়ে। দলিয়াই দিয়াৰ পাছত "চৰিত্ৰ"টোৰ শৰীৰ দৰ্শকে দেখা পোৱা সাজত দৃষ্টি দিলেই পৰিচালকে নিশ্চয় নিজৰ ভুল অনুভৱ কৰিব! --চিনেমা খনৰ আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছে যতীন খনিকৰক লৈ। বাস্তৱিক অভিনয়। ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হোৱা অভিনয়। এই চৰিত্ৰটো নিৰ্মাণতো পৰিচালকক মুকলি মনেৰে প্ৰশংসা কৰিব নোৱাৰি। কেইবাটাও ছিকুৱেন্সত "চৰিত্ৰ"টোক গতি লোৱাত বাধা দিয়া হৈছে, সম্ভৱতঃ সম্পাদনাৰ টেবুলত। --চিনেমা খনৰ কাহিনীৰ গতিত এগৰাকী শিক্ষক আহিছে, খলনায়কৰ চৰিত্ৰ আহিছে, আৰু কেইবাটাও চৰিত্ৰ আহিছে।"চৰিত্ৰ" কেইটাৰ নিৰ্মাণ কৰ্ম সাধাৰণ। স্বাভাৱিক আভিনয়ৰে বান্ধিবলৈ চেষ্টা কৰিছে, "চৰিত্ৰ" কেইটাক নাটকৰ অভিনয়ৰ পৰা মুক্ত কৰিব পৰা নাই। চিনেমা খনৰ আন এক দুৰ্বলতা-- অপ্ৰয়োজনীয় শ্বটেৰে চিনে-সৌন্দৰ্য বঢ়াবলৈ চেষ্টা কৰিছে। এয়া ইতিবাচক দিশ নহয়। গল্পৰ গতিত বাধা হৈছে।
--চিনেমা খনৰ ইতিবাচক দিশ কাহিনীৰ গতিত চৰ অঞ্চলৰ নৈ পৰীয়া লোক সকলৰ কৰ্ম, অৰ্থনৈতিক দিশ, সংস্কৃতি-পৰম্পৰাৰ ছবি খন চিত্ৰায়ণ কৰিছে "বাস্তৱ সমাজ"ৰ ওচৰত থাকি। নাৰীয়ে সহ্য কৰা শোষণ, নিৰ্যাতন, শিক্ষাৰ পৰা বঞ্চিত ইত্যাদিয়ো পৰ্দালৈ আনিছে কাহিনীৰ গতিত। ক'ব পাৰি পৰিচালক-লেখকে অসমৰ চৰ অঞ্চলক অনুভৱৰ বাট দিছে এই ৰূপালী গল্পটোত।(আৰু আছে)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন